ডিজিটেল সংবাদ,ঢকুৱাখনা : মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিণ কৌবাংৰ উল্লেখনীয় পদক্ষেপ। গ্ৰাম্যঞ্চলৰ সুপ্ত ক্ৰীড়া প্ৰতিভাধৰসকলক চিনাক্ত কৰি প্ৰণালীবদ্ধ শিকণ আৰু প্ৰশিক্ষণৰ জৰিয়তে প্ৰতিযোগিতামূলক ক্ৰীড়া ক্ষেত্ৰখনলৈ উলিয়াই অনাৰ এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে সংগঠনটোৱে।
সংগঠনটোৰ এই সময়োপযোগী পদক্ষেপৰ অংশ হিচাপে অহা ৩১ মাৰ্চৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনাত আয়োজন কৰিছে ক্ৰীড়া সমাৰোহ-২০২৩ । টি এম পি কেৰ ঢকুৱাখনা জিলা সমিতিৰ তত্বাৱধানত আৰু জিলা ক্ৰীড়া কোষৰ উদ্যোগত, অন্যান্য জাতীয় সংগঠনৰ সহযোগত অনুষ্ঠিতব্য এই ক্ৰীড়া সমাৰোহৰ শৃংখলাবদ্ধ পৰিচালনাৰ বাবে বৃহস্পতিবাৰে এখন অভ্যৰ্থনা সমিতি গঠনৰ লক্ষ্যৰে এক ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ।
জাতীয় সংগঠন টি এম পি কেৰ পূব ঢকুৱাখনা আঞ্চলিক সমিতিৰ বান্দেনাস্থিত কাৰ্যালয়ত অনুষ্ঠিত ৰাজহুৱা সভাত সভাপতিত্ব কৰে মিচিং মিমাগ কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সুৰেশ দলেয়ে । সভাত জাতীয় সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ বিষয়-ববীয়া ক্ৰমে ক্ষীৰোদ পেগু,মলেশ দলে নাথুৰাম পেগু, দীপাঞ্জল দলে ,ঢকূৱাখনা জিলা সমিতিৰ সভাপতি সঞ্জীৱ দলে,সম্পাদক অমৰজ্যোতি দলে, এম এম কেৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি দ্বীপেন দলে,সম্পাদক গনেশ দলে , টি এম এম কেৰ সভানেত্ৰী নিশা পাতিৰ ,সম্পাদিকা বালাজ্যোতি দলে উপস্থিত থাকে।
ইয়াৰোপৰি প্ৰাক্তন জিলা নেতৃবৰ্গ ক্ৰমে বৃগেন দলে, মোহন পেগু,ভুপেন দলে, লক্ষ্যনাথ দলে ,কাস্মিৰিকা দলে ,জ্যোতিশ পেগুকে প্ৰমুখ্য কৰি বহু সংখ্যক ক্ৰীড়ানুৰাগী ৰাইজ উপস্থিত থাকে । সভাতেই পূব ঢকুৱাখনাৰ বান্দেনাত অনুষ্ঠিত হ'বলগীয়া এই তিনিদিনীয়া ক্ৰীড়া সমাৰোহৰ ৩১ মাৰ্চৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে আসন অলংকৃত কৰিব অসম গৌৰৱ ক্ৰীড়াবিদ ,অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইয়ে ।
আনহাতে, বিশেষ অতিথি হিচাপে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া উপস্থিত থাকিব বুলি নেতৃবৰ্গই সভাত জানিবলৈ দিয়ে। লগতে ২ এপ্ৰিলৰ সামৰণি অনুষ্ঠানত টি এম পি কেৰ প্ৰাক্তন সভাপতি তথা জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু উপস্থিত থাকিব বুলি উক্ত সভাত উল্লেখ কৰে।
যুৱ প্ৰজন্মৰ মাজত ক্ৰীড়াক জীৱন জীৱিকাৰ সেন্দুৰীয়া পথ হিচাবে সাৰ্বজনীন কৰি তোলাৰ লক্ষ্যৰে আয়োজিত এই ক্ৰীড়া সমাৰোহ সফলতাৰে অনুষ্ঠিত কৰাৰ উদ্দেশ্যেৰে মুহিৰাম পেগুক সভাপতি , সুৰেশ দলেক কাৰ্যকৰী সভাপতি, মোহন পেগু আৰু দীপাঞ্জল দলেক সম্পাদক হিচাবে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয় ।
Also Read: কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ পদযাত্ৰা...