পিন্ধনত ৰঙা ৰঙৰ জেকেট, কি কাৰণে প্ৰেমিক-প্ৰেমিকাই ওলমি থাকিল এডাল গছত?

পিন্ধনত ৰঙা ৰঙৰ জেকেট, কি কাৰণে প্ৰেমিক-প্ৰেমিকাই ওলমি থাকিল এডাল গছত?
Published on
Updated on

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত মধুপুৰ চাহ বাগিচাত সংঘটিত হয় এক শোকাবহ ঘটনা। চাহ বাগিচাখনত বাস কৰা দুই প্ৰেমিক-প্ৰেমিকাক একেলগে পথাৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে।

বাগিচাখনৰ ১নং লাইনৰ বিক্ৰম মুৰাৰ প্ৰায় ১৬ বছৰীয়া পুত্ৰ আৰু গন্ধোৱা মালৰ ১৬ বছৰীয়া কন্যা ঘৰৰ পৰা ওলাই গৈ ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত বৰ আজুহাৰ পথাৰৰ মাজৰ এজোপা গছত একেডাল ৰচীৰে চিপ লৈ আত্মহত্যা কৰে।

বৃহস্পতি বাৰে পুৱাই মাছ মাৰিবলৈ যোৱা গঞাই এই দৃশ্য দেখি গন্ধিয়া গাঁওৰ গাঁওৰক্ষী বাহিনীক অৱগত কৰে। গাঁওৰক্ষী বাহিনীৰ সভাপতি টিলেশ্বৰ শইকীয়াই ৰাইজৰ সহযোগত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি ধেমাজি সদৰ থানাৰ অৱগত কৰে ।

ৰাইজে আশঙ্কা কৰা মতে প্ৰেম বিৰহজনীত কাৰণত দুয়ো বৃহস্পতিবাৰে পুৱতি নিশা আলিংগনাবদ্ধ অৱস্থাত এই কাণ্ড সংঘটিত কৰে। পিন্ধনত প্ৰেমিক যুগলে একে উজ্জল ৰঙা ৰঙৰ জেকেট পৰিধান কৰি জীৱনৰ অন্তিম ক্ষণটো মনে ৰঙে একাকীত্ব হৈ সংঘটিত কৰা এই কাণ্ড প্ৰত্যক্ষ কৰি স্তম্ভিত হৈছে প্ৰত্যক্ষদৰ্শী আৰু অভিভাৱক। বাতৰি লেখাৰ পৰলৈকে ধেমাজি আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱা নাই ।

পিন্ধনত ৰঙা ৰঙৰ জেকেট, কি কাৰণে প্ৰেমিক-প্ৰেমিকাই ওলমি থাকিল এডাল গছত?
বিয়া নেকি? প্ৰয়োজন হ'লে আছে আয়োজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in