শিক্ষক দিৱসৰ নামত "মহাশয়"ৰ কাণ্ডই জোকাৰিছে ঢকুৱাখনা

শিক্ষক দিৱসৰ নামত "মহাশয়"ৰ কাণ্ডই জোকাৰিছে ঢকুৱাখনা
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা :  মহাশয়- শ্ৰদ্ধা ভক্তি আৰু সন্মানেৰে আবৃত এটা পবিত্ৰ শব্দ । শিক্ষক দিৱসৰ আজিৰ এই পবিত্ৰ দিনটোতে  এই প্ৰাতঃস্মৰণীয় পূণ্য শব্দটোক অপবিত্ৰ কলংকৃত কৰিলে এক অশুভ চক্ৰই । ব্যক্তি জনৰ নাম মৃদুল শইকীয়া । ঘৰ ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত বামুণ গাঁওত।

এইজন কাণ্ডজ্ঞানহীন ব্যক্তিৰ পৃষ্ঠপোষকতাতে শিক্ষক দিৱসৰ দিনা ৰাজ্যখনৰ শিক্ষাগুৰু একাংশ লাঞ্চিত , প্ৰতাৰিত আৰু প্ৰবঞ্চিত হ'ব লগা হোৱাৰ অভিযোগ উঠিল ঢকুৱাখনাত। পেছাত "মহাশয়" নামৰ এটা সংগঠনৰ সম্পাদক হিচাপে আত্মজাহিৰ কৰি অহা এইগৰাকী স্বয়ম্ভু শৈক্ষিক সাধক(?)ৰ আকন্ঠ সুৰা পান কৰি ঠগ প্ৰবঞ্চনাৰে দুৰ্নাম অর্জন,কৰাটো অন্যতম এক মুখ্য নিচা। 

বিগত কেইবা বছৰ ধৰি এনে কাৰ্যাৰ ধাৰাবাহিকতা অব্যাহত ৰখা এইগৰাকী বিতৰ্কিত মৃদুল শইকীয়াই এইবাৰ শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত লক্ষ্য কৰি ল'লে ৰাজ্যখনৰ স্বনামধন্য বহু কেইগৰাকী ৰাষ্ট্ৰীয়,ৰাজ্যিক, জিলা পৰ্য্যায়ত স্বীকৃতিপ্ৰাপ্ত প্ৰবীণ শিক্ষাবিদক । সংগৃহীত ৰাজহুৱা অভিযোগ মতে শিক্ষক দিৱসৰ পবিত্ৰ দিনটোৰ সতে সংগতি ৰাখি এই বিতৰ্কিত "মহাশয় প্ৰকাশন পৰিষদ"ৰ উদ্যোগত সম্পাদক গৰাকীৰ বামুণ গাঁওস্থিত ঘৰৰ চোতালত অনুষ্ঠিত কৰিছিল ৰাজ্যিক ভিত্তিক শিক্ষক দিৱস আৰু কৃতি শিক্ষকক বঁটা প্ৰদান অনুষ্ঠান।

ৰাজ্যখনৰ নগাঁও , ডিব্ৰুগড়, শিৱসাগৰ , বিশ্বনাথ , লখিমপুৰ ,ধেমাজিকে ধৰি বহু সংখ্যক জিলাৰ পৰা ডেৰ কুৰি কৃতিমান বিশিষ্ট বঁটা প্ৰাপক শিক্ষাগুৰুক ৰাজ্যিক পৰ্যায়ৰ বঁটা গ্ৰহণৰ বাবে নিমন্ত্ৰণ কৰিছিল এই অনুষ্ঠানলৈ । সেই লক্ষ্যৰে সোমবাৰে দুপৰীয়া বহু সংখ্যক নিমন্ত্রিত শিক্ষাগুৰু সকল উপস্থিত হৈছিল ঢকুৱাখনাত ।

কিন্তু থকা খোৱাৰ কোনো সুব্যৱস্থা নকৰি সম্পাদকজনে দায়িত্ব এৰাই চলাত নিমন্ত্রিত অতিথি সকলে নিজাববীয়াকৈ থকাৰ ব্যৱস্থা কৰি মঙলবাৰে পুৱাই ফোনযোগে যোগাযোগ কৰি সভা থলিত উপস্থিত হৈ স্তম্ভিত হয় । এটা অৰ্ধনমিত ঘৰৰ বাৰাণ্ডাত দৃষ্টিকটু পৰিৱেশত উৎকট গৰমত টিনৰ চালিৰ তলত বেপৰোৱা ভাৱে শিক্ষক দিৱস উদযাপনৰ প্ৰক্ৰিয়া দেখি সমগ্ৰ আয়োজনকলৈ সন্দিহান হয় ।

হ'লেও উৎকট গৰমত জীয়া যন্ত্ৰণা ভুগি অনুষ্ঠানত অংশগ্ৰহণ কৰে আমন্ত্ৰিত অতিথি সকলে । এই বিতৰ্কিত আৰু অপৰিপক্ক আয়োজনত ক্ষুব্ধ একাংশ বহিঃ জিলাৰ নমস্য শিক্ষাগুৰুৱে সংবাদ মাধ্যমৰ ওচৰত নিজৰ ক্ষোভ ব্যক্ত কৰি এনে তৰল আয়োজনে শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত শিক্ষাগুৰু সকলক লজ্জানত আৰু অপমানিত কৰা বুলি অৱগত কৰি এয়া ঢকুৱাখনাৰ স্বাভিমান আৰু অতিথ্যৰ পৰিপন্থী বুলি মন্তব্য কৰে ।

তাৰোপৰি একাংশ বঁটা প্ৰাপক আৰু আত্মীয়ই বিভিন্ন ক্ষেত্ৰৰ শিতানত ৰাজ্যিক ভিত্তিত বঁটা প্ৰদান কৰাৰ নামত সম্পাদক মৃদুল শইকীয়াই নগদ ধনৰ দাবী কৰা বুলিও অভিযোগ উত্থাপন কৰে ৰাজহুৱাভাৱে। নগদ আৰু "বেংক ট্ৰেন্সফাৰ"ৰ জৰিয়তে এনে ধন সংগ্ৰহ কৰি এখন নিকৃষ্ট বজাৰ মেলাৰ পৰৱৰ্তী সময়ত দূৰ দূৰণিৰ পৰা অহা স্বনামধন্য শিক্ষাগুৰু সকলক ক্ৰুটিপূৰ্ণ ভাবে নিৰ্বাচিত কৰি বঁটা প্ৰদান কৰা কাৰ্যত একাংশই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে ।

এই সন্দৰ্ভত সৃষ্টি হোৱা মৃদু উত্তেজনাৰ পাছত বিষয়টো ঢকুৱাখনা সদৰ থানাত অৱগত কৰাত আৰক্ষী গৈ সভাথলীত উপস্থিত হয়। ৰাইজ, বঁটা প্ৰাপকৰ আত্মীয়ৰ অভিযোগৰ ভিত্তিত জ্যেষ্ঠ আৰক্ষী উপ পৰিদৰ্শক দীনেশ মেধি ছাত্ৰ সন্থাৰ নেতৃবৰ্গ সভা থলিত উপস্থিত হৈ এনে চূড়ান্ত অব্যবস্থা আৰু অস্বাস্থ্যকৰ পৰিবেশত অনুষ্ঠিত কৰা সভাৰ প্ৰশাসনীয় অনুমতি পত্ৰ বিচাৰে ।

তাৰোপৰি মহাশয় প্ৰকাশন পৰিষদৰ পঞ্জীয়ন আৰু যাৱতীয় নথিপত্ৰৰ প্ৰতিলিপি বিচৰাত কোনো তথ্য প্ৰদৰ্শন কৰিব নোৱাৰিলে সভাপতি আৰু সম্পাদক গৰাকীয়ে । পাছত আৰক্ষীয়ে সমস্ত নথিপত্ৰ সহ মহাশয় প্ৰকাশন পৰিষদৰ সভাপতি হৰেন সন্দিকৈ , সম্পাদক মৃদুল শইকীয়াক সন্ধিয়া থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দি আহে ।

উল্লেখ্য যে ইতিপূৰ্বে এই অনুষ্ঠান অনুষ্ঠিত কৰি অহাৰ নামত শইকীয়াই ৰাজ্যখনৰ বিভিন্ন জিলাৰ সন্মানীয় শিক্ষাগুৰু সকলৰ পৰা বিশাল পৰিমাণৰ পুঁজি সংগ্ৰহ কৰি বৃহৎ বিত্তীয় কেলেংকাৰী সৃষ্টি কৰি অহাৰ অভিযোগ অতি পুৰণি । এই অশুভ পৰম্পৰা অব্যাহত ৰাখি এইবাৰো প্ৰায় ডেৰ কুৰি শিক্ষাগুৰুক পনবন্দী কৰি আয়োজন কৰা ৰাজ্যিক ভিত্তিক তৰল বঁটা প্ৰদান অনুষ্ঠানত উদ্ভৱ হোৱা ক্ষোভ অসন্তুষ্টিৰ জোৱাৰৰ পাছত আৰক্ষী উপস্থিত হ'ব লগা হোৱা বিতৰ্কিত পৰিস্থিতিক ধিক্কাৰ দিছে ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাই ।

ৰাজ্যখনৰ সন্মানীয় শিক্ষাগুৰু সকলক বঁটা প্ৰদান আৰু শিক্ষক দিৱসৰ উদযাপনৰ নামত চূড়ান্ত ভেঙুচালি কৰি , অৰ্থ সংগ্ৰহৰ নিৰ্লজ্জ বেহা মেলা অবৈধ আৰু আইন বিৰুদ্ধ দুষ্কাৰ্যৰ নায়ক সভাপতি হৰেন সন্দিকৈ আৰু সম্পদক মৃদুল শইকীয়াক অন্তিম সকীয়নী প্ৰদান কৰি ভৱিষ্যতে এনে বেপাৰ নকৰিবলৈ সোঁৱৰাই দিয়ে ছাত্ৰ সন্থাই ।

ইপিনে বিতৰ্কিত সম্পাদক শইকীয়াই উত্থাপিত সকলো অভিযোগৰ অস্বীকাৰ কৰে সভাখলিত আৰক্ষী আৰু ৰাইজ সংগঠনে কৰা জেৰাৰ কালত । আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত সত্যসত্যতা পোহৰলৈ আহিব । লক্ষণীয় বিষয়টো হ'ল ৰাজ্যিক ভিত্তিত আয়োজিত এই অনুষ্ঠানত সমিতিৰ স্বয়ম্ভূ বিষয়ববীয়া সকলৰ বাহিৰে কোনো বিশিষ্ট অতিথি , শিক্ষাব্ৰতী ৰাইজ কিম্বা সমীপৱৰ্তী গঞা উপস্থিত থকা পৰিলক্ষিত নহ'ল ।

শিক্ষক দিৱসৰ নামত "মহাশয়"ৰ কাণ্ডই জোকাৰিছে ঢকুৱাখনা
গৰমে ভংগ কৰিছে ৰেকৰ্ড! আগন্তুক ৪-৫ দিন বৃদ্ধি পাব তাপমান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in