ঢেকিয়াজুলিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব আপকুৰ চতুৰ্দশ কেন্দ্ৰীয় অধিৱেশন...

ঢেকিয়াজুলিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব আপকুৰ চতুৰ্দশ কেন্দ্ৰীয় অধিৱেশন...

author-image
Dimpul Borgohain
New Update
ঢেকিয়াজুলিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব আপকুৰ চতুৰ্দশ কেন্দ্ৰীয় অধিৱেশন...

ডিজিটেল সংবাদ, ঢেকিয়াজুলিঃ ৰাজ্যৰ মফচলীয় সাংবাদিকসকলৰ অন্যতম শক্তিশালী সংগঠন আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন (আপকু)ৰ কেন্দ্ৰীয় সমিতিৰ চতুৰ্দশ দ্বি-বাৰ্ষিক অধিৱেশন চলিত বৰ্ষৰ শেষ ভাগত ছহিদ নগৰী ঢেকীয়াজুলিত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৷ এই অধিৱেশনৰ আদৰণি সমিতি গঠনৰ বাবে আজি ২২ চেপ্তেম্বৰত আপকুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ঢেকিয়াজুলি ছহিদ ভৱনত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ৷

দিনৰ ১১ বজাত কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী তথা সমাজকৰ্মী প্ৰবোধ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আপকুৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি নাৰায়ণ ফয়েলে ৷ সভাত আপকুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি স্বপন কুমাৰ ৰাভা, উপ-সভাপতি সুজিত কটকী আৰু সম্পাদক প্ৰধান শৰৎ শেনচোৱাই অধিৱেশন সন্দৰ্ভত বক্তব্য ৰাখে ৷

সভাত আপকুৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি নাৰায়ণ ফয়েলে সমাগত চতুৰ্দশ অধিৱেশনৰ দুদিনীয়া কাৰ্যসূচীৰ ৰেহ-ৰূপ দাঙি ধৰে ৷ সভাত ঢেকিয়াজুলি জ্যেষ্ঠ নাগৰিক সংস্থাৰ কাৰ্যকৰী সভাপতি বগীৰাম বড়ো, ঢেকিয়াজুলি শাখা চৰকাৰী পেঞ্চনাৰ সন্থাৰ সম্পাদক প্ৰফুল্ল দাস, ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চৰ উপদেষ্টা খগেন ভূঞা, গোৰ্খা সন্মিলনৰ জিলা সভাপতি গোকুল বছনেট, সমাজকৰ্মী পুলিন বৰা, ড: উমেশ দাস, প্ৰবীণ শইকীয়া, মোহন কুমাৰ ছেত্ৰী, আফজালুৰ ৰহমান, ৰিপেণ ৰাভা, ৰঞ্জন দাহাল, চুড়ামণি কৈৰালাৰ উপৰিও আপকুৰ জিলা সমিতিৰ সম্পাদক বগা তপ্ন, বিপুল ফয়েল, তপন সেনগুপ্ত আদিয়ে অধিৱেশনৰ বিভিন্ন দিশ সামৰি বক্তব্য ৰাখে৷ এই সভাৰ সিদ্ধান্ত অনুসৰি আদৰণি সমিতি গঠন কৰা হয়৷

প্ৰবোধ কুমাৰ দাসক সভাপতি, বগীৰাম বড়োক কাৰ্যকৰী সভাপতি, নাৰায়ণ ফয়েলক সাধাৰণ সম্পাদক আৰু বগা তপ্নক সম্পাদক হিচাপে লৈ এখন শক্তিশালী আদৰণি সমিতি গঠন কৰা হয় ৷ সভাত আপকুৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি পদুম কুমাৰ শইকীয়া উপস্থিত থাকি পৰামৰ্শ দিয়ে ৷ এই সভাত কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

এই সভাৰ প্ৰস্তাৱ মৰ্মে আদৰণি সমিতি গঠন কৰাৰ লগতে কেবাটাও উপ-সমিতি গঠন কৰা হয় ৷ ইপিনে এই অধিৱেশনৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ আপকুৰ জ্যেষ্ঠকৰ্মী সুজিত কটকীক স্মৃতিগ্ৰন্থ সম্পাদনাৰ বাবে সম্পাদক হিচাপে মনোনিত কৰা হয় ৷

ঢেকিয়াজুলি