ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত 'অমৃত বৃক্ষ আন্দোলন ২.o' কাৰ্য্যসূচীৰ শুভাৰম্ভণি...

ধেমাজি উচ্চতৰ মাধ্যমিক  বিদ্যালয়ৰ চৌহদত  'অমৃত বৃক্ষ  আন্দোলন ২.o' কাৰ্য্যসূচীৰ শুভাৰম্ভণি...
Published on
Updated on

ডিজিটেল সংবাদ ,ধেমাজিঃ বাণিজ্যিকভাৱে ৩ কোটি উপযোগী গছপুলি ৰোপনৰ উদ্দেশ্য ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে লোৱা ‘অমৃত বৃক্ষ আন্দোলন ২.o ” কাৰ্য্যসূচী উপলক্ষে শুক্ৰবাৰে পুৱা ১১ বজাত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ অধীনত আৰু ধেমাজি জিলা প্ৰশাসনৰ সহযোগত " অমৃত বৃক্ষ আন্দোলন ২.০ " কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।

ধেমাজি জিলা বন সংমণ্ডল বিষয়া কৃষ্ণ কমল দেউৰীয়ে আদৰণি ভাষন দিয়া সভাখনত “ অমৃত বৃক্ষ আন্দোলনৰ ” সবিশেষ বিবৰণী দাঙি ধৰে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে ৷ অনুষ্ঠানত উপস্থিত থাকে ধেমাজি জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়,জিলা উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকন,জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ,জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিতুপন নেওগ,ধেমাজি পৌৰ সভাৰ সভানেত্ৰী দ্বীপৰেখা দাস বাঘ্ৰী ,অতিৰিক্ত জিলাৰ আয়ুক্ত দ্বয় আয়ুক্তদ্বয় ক্ৰমে ড° সঞ্জীৱ কুমাৰ ফুকন আৰু ৰশ্মি প্ৰতাপ , ধেমাজি সদৰ মহকুমাধিপতি নন্দিতা ৰয় গোহাঁই,সহকাৰী আয়ুক্ত ক্ৰমে জলি দাস, প্রীতিৰেখা গগৈ,আৰু গুনমনি বৰুৱা, ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগ, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দেৱজ্যোতি কছাৰী ইত্যাদি গণ্য- মান্য ব্যক্তি সকলৰ লগতে বিদ্যালয়খনৰ শিক্ষক -শিক্ষয়িত্ৰী , ছাত্ৰ- ছাত্ৰী সকলে উপস্থিত থাকে ৷

অনুষ্ঠানত জিলা আয়ুক্তই ছাত্ৰ -ছাত্ৰী সকলৰ মাজত গছপুলি বিতৰণ আৰু বিদ্যালয়খনৰ চৌহদত বৃক্ষৰোপণ কৰি ধেমাজি জিলাখনত অমৃত বৃক্ষ আন্দোলনৰ কাৰ্য্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in