দিলীপ কুমাৰ হাজৰিকা, উমেশ খাণ্ডেলীয়া আৰু হেমন্ত বেজলৈ 'যুগল কিশোৰ ৰামদুলাৰী মালপানী' সাংবাদিকতা বটাঁ..

দিলীপ কুমাৰ হাজৰিকা, উমেশ খাণ্ডেলীয়া আৰু হেমন্ত  বেজলৈ 'যুগল কিশোৰ ৰামদুলাৰী মালপানী' সাংবাদিকতা বটাঁ..
Published on
Updated on

ডিজিটেল সংবাদ ,ধেমাজিঃ সামাজিক সমস্যাসূহৰ ইতিবাচক সমাধানৰ প্ৰতি লক্ষ্য ৰাখি নিষ্ঠা- নিৰপ্ৰেক্ষতাৰে সমাজৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপে কাম কৰাত উৎসাহিত কৰিবৰ ২০২৪ বৰ্ষৰ বাবে “যুগল কিশোৰ ৰামদুলাৰী মালপানী সাংবাদিকতা”বটাঁ প্ৰদান কৰা হৈছে ধেমাজিৰ জ্যেষ্ঠ সাংবাদিকদ্বয় দিলীপ কুমাৰ হাজৰিকা , উমেশ খাণ্ডেলীয়া আৰু লখিমপুৰৰ হেমন্ত বেজলৈ ৷

এই উপলক্ষে দেওবাৰে ধেমাজি চাৰি আলি ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা স্মৃতি ভৱনত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ ধেমাজি জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু পূৰ্বোত্তৰ প্ৰদেশীয় মাৰবাড়ী সন্মিলন “গ” মণ্ডলৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা বটাঁ প্ৰদান অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলেনেৰে কাৰ্য্যসূচী শুভাৰম্ভণি কৰে ৰাষ্ট্ৰীয় কৃতী শিক্ষয়ত্ৰী বটাঁ প্ৰাপক তথা ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনীতা চৌধুৰী গাৰোদিয়াই ৷

পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাড়ী সন্মিলনৰ “গ” মণ্ডলৰ আহবায়ক দূৰ্গাদত্ত ৰাঠি,ধেমাজি জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাাদক শৈলেন বৰুৱা আৰু ধেমাজি সদৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক কুঞ্জ বড়াৰ সৈতে তিনি গৰাকীয়ে সুকীয়া-সুকীয়াকৈ আতঁ ধৰা অনুষ্ঠানত বিয়লিলৈ মহিলা শিল্পী সকলৰ দ্বাৰা অনুষ্ঠিত হোৱা সমবেত সংগীতৰ পিছতেই ধেমাজি জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি নন্দেশ্বৰ বৰগোহাঁই সভাপতিত্বত মুল সভাখনি অনুষ্ঠিত হয় ৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষন প্ৰদান কৰে অসমৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি সুৰেশ শইকীয়া, পূৰ্বোত্তৰ প্ৰদেশীয় মাৰবাড়ী সন্মিলনৰ “গ” মণ্ডলৰ সভাপতি ছত্তৰ সিং গিড়িয়া আৰু ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ কুমাৰ গগৈয়ে ৷ ইয়াৰ আগে পূৰ্বোত্তৰপ্ৰদেশীয় মাৰবাড়ী সন্মিলনৰ “গ” মণ্ডলৰ আহবায়ক দূৰ্গাদত্ত ৰাঠিয়ে আদৰণি ভাষণ দিয়ে ৷ বিগত ২০২২চনৰে পৰাই আগ বঢ়াই অহা "যুগল কিশোৰ ৰামদুলাৰী মালপানী সাংবাদিকতাৰ সম্পৰ্কে কিছু মনৰ ভাৱ প্ৰকাশ কৰে সাংবাদিকতা বটাঁৰ দাতাঁ ৰাজেশ মালপানীয়ে ৷ সভাত গাম্ভীৰ্যতাপূৰ্ণ এক পৰিবেশৰ মাজেৰে জ্যেষ্ঠ সাংবাদিক

ধেমাজিৰ দিলীপ কুমাৰ হাজৰিকা , উমেশ খাণ্ডেলীয়া আৰু লখিমপুৰৰ হেমন্ত বেজক “যুগল কিশোৰ ৰামদুলাৰী মালপানী সাংবাদিকতাৰ বটাঁ প্ৰদান কৰা হয়৷ এই বটাঁৰ সৈতে নগদ এঘাৰ হেজাৰ টকা ,চেলেং চাদৰ ,ৰাজস্হানী পাগুৰি আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয় ৷ শেষত শলাগৰ শৰাই আগবঢ়ায় পূৰ্বোত্তৰ প্ৰদেশীয় মাৰবাড়ী সন্মিলনৰ “গ”মণ্ডলৰ সম্পাদক ৰাজকুমাৰ সৰাফে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in