বৰদলনিত কেন্দ্ৰীয়ভাৱে শিক্ষক দিৱস পালন...

বৰদলনিত কেন্দ্ৰীয়ভাৱে শিক্ষক দিৱস পালন...
Published on
Updated on

ডিজিটেল সংবাদ, ধেমাজি­ঃ বিশিষ্ট দার্শনিক, শিক্ষাবিদ ড° সর্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিৱসৰ লগত সংগতি ৰাখি ধেমাজি জিলা বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত আৰু ধেমাজি জিলা অধিবিদ্যা পৰিষদৰ সহযোগত বৃহস্পতিবাৰে ধেমাজি জিলাৰ বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রেক্ষাগৃহত দিনটোযোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে ৬৩ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয় ৷

পুৱা ১১-০০ বজাত ধেমাজি জিলা অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ ফুকনে বন্তি প্রজ্বলনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰা পিছতেই ড° সর্বপল্লী ৰাধাকৃষ্ণণৰ প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে ৷ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰঞ্জিত গগৈৰ সঞ্চালনাত অনুষ্ঠিত ৰাজহুৱা সভা আৰু কৃতি শিক্ষকসকলৰ সম্বৰ্দ্ধনা অনুষ্ঠানৰ উদ্বোধন কৰে ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে৷

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ধেমাজি জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকাই ৷ সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁইয়ে নির্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি শিক্ষক দিৱসৰ তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে উল্লেখ কৰে ৷ বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জ্যোৎস্না বৰগোহাঁইয়ে আতঁধৰা সভাখনত এইবাৰ ধেমাজি জিলা পৰ্যায়ত জিলাখনৰ মুঠ ১৭ গৰাকীক কৃতি শিক্ষক- শিক্ষয়িত্ৰীক বটাঁ প্ৰদান কৰে ৷

কৃতি শিক্ষক হিচাপে এইবাৰ বটাঁ প্ৰাপ্ত শিক্ষক-শিক্ষয়ত্ৰীসকলে ক্ৰমে লাইমেকুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক চিন্তামনি চামলগাইন, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী  শিক্ষয়িত্ৰী জোণমনি হাজৰিকা, বৰদলনি ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী জ্যোতিমনি গগৈ, মৰিধল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী পূৰ্ণিমা ফুকন, ধেমাজি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হীৰেন বৰুৱা, ছমকং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰজিৎ ৰয়চৌধুৰী, বৰদলৈ বয়ছ এম ভি স্কুলৰ প্ৰধান শিক্ষক লম্বিত চেতিয়া, বৰপাৰ্ক এম ই স্কুলৰ প্ৰধান শিক্ষক প্ৰদীপ তামুলী, গুৰথালি শিশুজ্যোতি এম ই স্কুলৰ প্ৰধান শিক্ষক ৰবিচন হাজৰিকা, নলনীপাম এল পি স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ত্ৰিবেণী দাস,পূব চাউলধোৱা এল পি স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী বীনা বুঢ়াগোঁহাই, চিলাফুলবাৰী এল পি স্কুলৰ প্ৰধান শিক্ষক অশোক নন্দী, বৰপাটৰীয়া এল পি স্কুলৰ প্ৰধান শিক্ষক ভদ্ৰেশ্বৰ গোহাঁই , লক্ষীপথাৰ কৈৰ্বত্ত এল পি স্কুলৰ প্ৰধান শিক্ষক বদন দাস, লোকপ্ৰিয় গোপীনাথ বৰদলৈ এল পি স্কুলৰ প্ৰধান শিক্ষক মৃণাল কুলি, জয়ামাগুৰি এল পি স্কুলৰ প্ৰধান শিক্ষক ভবেশ চন্দ্ৰ টায়ে আৰু ৫৩৪ নং পূৰ্ণপৰ্ঘাট এল পি স্কুলৰ প্ৰধান শিক্ষক কেশৱ চন্দ্ৰ পাইটে ৷

কৃতি বটাঁ প্ৰাপ্তসকলক ফোলাম গামোছা আৰু মান পত্ৰৰে  সন্মান জনোৱা হয় ৷ অনুষ্ঠানত  প্ৰাক্তন ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক কৃতি শিক্ষক বটাঁ প্ৰাপক ক্ৰমে বিনীতা গাৰোদিয়া চৌধুৰী , লাৱণ্য লাহন চুতীয়া ,  দিব্য গগৈ ,অমীয়া তামুলী বৰুৱা , সুনীল কোচ আৰু দ্বিপেন দত্তই উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in