পকচ’ আইনৰ অধীনত এজনক ২০বছৰ কাৰাদণ্ড ধেমজি আদালতৰ

পকচ’ আইনৰ অধীনত এজনক ২০বছৰ কাৰাদণ্ড ধেমজি আদালতৰ
Published on
Updated on

ডিজিটেল সংবাদ, ধেমাজি: ধেমাজি জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে শিশু অপৰাধ আইনৰ অধীনত বৃহস্পতিবাৰে আদালতে এক ঐতিহাসিক ৰায় প্ৰদান কৰে। এই ৰায় যোগে ৰনজিৎ বৰুৱা নামৰ অপৰাধীজনক দোষী সাব্যস্ত কৰে। ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ১০,০০০ টকা জৰিমনা আৰু ইউ/এচ ৪ প'ছকো আইন ও আৰ আৰ ধাৰা অনুসৰি ৩বছৰ আৰু ৫০০০ টকাৰ জৰিমনা প্ৰদান কৰে ৷

উল্লেখ্য যে শিৱসাগৰ জিলাৰ হাতীমূৰীয়া গাঁৱৰ নিবাসী ৰনজিৎ বৰুৱাই ২০২০ চনত কৰ্মসূত্ৰে ধেমাজিত থাকোঁতে ২০ছেপ্তেম্বৰৰ বিয়লি ৪মান বজাত ধেমাজিৰ এগৰাকী ১৩বছৰীয়া কিশোৰীয়ে দোকানলৈ যাওঁতেই ৰাস্তাতে অকলে পায় দানৱ ৰূপী পাষণ্ড ৰনজিৎ বৰুৱাই অপৰাধ কাৰ্য্য সংঘটিত কৰিছিল৷ পিছত মাতৃ নিতুমনি গগৈয়ে ২৪ ছেপ্তেম্বত ধেমাজি সদৰ আৰক্ষী থানাত গোচৰ দাখিল কৰিছিল ৷

এই গোচৰৰ পিছতেই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৰেন সোনোৱালে ক্ষিপ্ৰতাৰে ঘটনাৰ তদন্ত আৰম্ভ কৰি অপৰাধীক গ্ৰেপ্তাৰ কৰিছিল ৷ বিগত তিনি বছৰে ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতত ভাৰতীয় দণ্ডবিধি ৩৭৬ আৰ ডব্লিউ চেকশ্বন ৪ প'ছকো আইনৰ অধীনত কৌশিক হাজৰিকাই জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ৰায় যোগে দোষী সাব্যস্ত কৰে ৷ আদালতৰ চৰকাৰী পক্ষৰ অধিবক্তা হৈ অজয় ফোকলা আৰু আচামী পক্ষৰ হৈ অধিবক্তা পদ্মাৱতী ভৰালীয়ে উকালতি কৰিছিল ৷

পকচ’ আইনৰ অধীনত এজনক ২০বছৰ কাৰাদণ্ড ধেমজি আদালতৰ
বৰভাগৰ কামপীঠত গ্ৰীষ্মকালীন শিৱিৰৰ আয়োজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in