ধেমাজি মহাবিদ্যালয়ৰ ৬০সংখ্যক প্ৰতিষ্ঠা দিৱস...

ধেমাজি মহাবিদ্যালয়ৰ ৬০সংখ্যক প্ৰতিষ্ঠা দিৱস...
Published on
Updated on

ডিজিটেল সংবাদ, ধেমাজি: শিক্ষানুষ্ঠান ধেমাজি মহাবিদ্যালয়ৰ ৬০ সংখ্যক গৌৰৱোজ্বল প্ৰতিষ্ঠা দিৱস লগতে হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানটি বৃহস্পতিবাৰে দিনটোযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷ কাৰ্য্যসূচী অনুসৰি পুৱা ৮:৩০ বজাত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ পাছতেই পতাকা উত্তোলন কৰে ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগে ৷

পুৱা ৯.১৫ বজাত স্মৃতি তৰ্পণ কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ দ্বীপেন কাকতিয়ে ৷ পুৱা ১০:৩০ বজাৰ পৰা প্ৰতিষ্ঠা দিৱস আৰু হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান উপলক্ষে মুকলি সভা অনুষ্ঠিত হয় ৷ সভাখন উদ্বোধন কৰে ধেমাজি মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট লেখকও অৱসৰপ্ৰাপ্ত শিক্ষাবিদ অৰুন কুমাৰ দিহিঙীয়াই৷

উদ্ধোধনী ভাষনত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি দিহিঙীয়াই পূৰ্বত কৈ দিনক দিনে মহাবিদ্যালয়খনৰ উন্নতি হৈ থকা বুলি প্ৰশংসাৰ কৰি মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ সৈতে জড়িত থকা শুভাকাংক্ষী ,প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষক-শিক্ষয়ত্ৰীও মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলৰ ত্যাগক স্বীকাৰ কৰা লগতে বৰ্তমানে ধেমাজি মহাবিদ্যালয়খনৰ যা নামেই পৰিচয় বুলিও উল্লেখ কৰে ৷

হীৰক জয়ন্তী বৰ্ষৰ সভাৰ শুভাৰম্ভণি পূৰ্বে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগে শৈক্ষিক দিশৰ লগতে বিভিন্ন বিষত মহাবিদ্যালয়খনে উন্নয়ন হোৱা এটি খতিয়ান আলোকপাত কৰে ৷ মুকলি সভাতেই ধেমাজি মহাবিদ্যালয়লৈ জন্মলগ্নৰে পৰা বিভিন্ন অৱদান আগবঢ়াই যোৱা প্ৰয়াত, শুভাকাংক্ষী, শিক্ষক-কৰ্মচাৰী সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা লগতে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক, অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী আৰু কৃতী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় ৷

সভাত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অৰূপজ্যোতি চৌধুৰীয়ে মুখ্য অতিথি হিচাপে অংশ গ্ৰহন কৰি বক্তব্যত তেওঁ কৰ্মজীৱনত পোৱা অভিজ্ঞতাৰ বিষয়ে ৰোমন্থন কৰা লগতে বৰ্তমান সময়ত জ্ঞান আৰু প্ৰজ্ঞা অৰ্জনৰ বাবে গ্ৰন্থ অধ্যয়নৰ বাহিৰে বিকল্প নাই বুলি উল্লেখ কৰে ৷ উপাচাৰ্য গৰাকীয়ে আন প্ৰসংগৰ বিষয়ে উল্লেখ কৰি কয় যে প্ৰাকৃতিক পৰিবেশ বিনষ্টই তেখেতৰ মনত কষ্ট দিয়ে ৷ সেইয়ে প্ৰত্যেকই প্ৰতি ছয়মাহত কমেও এটিকৈ গছপুলি ৰোপন আৰু প্ৰতিপালনৰ দায়িত্ব লবলৈ সকলোকে আহ্বান জনায়৷ গছ অবিহনে মানৱজাতিৰ ভবিষ্যত অন্ধাৰ বুলিও উল্লেখ কৰে ৷

অনুষ্ঠানত ধেমাজিৰ বিশিষ্ট সাহিত্যিক তথা ধেমাজি ৰত্ন উমেশ চেতিয়া, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° সৰ্বেশ্বৰ চুতীয়া, মহাবিদ্যালয়ৰ উপাধ্যক্ষ দ্বীপেন কাকতি, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° বনজিত ভট্ট, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° অন্নজ্যোতি গগৈ, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° উমা শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যাপক সকল ক্ৰমে দীন লাহন, প্ৰদীপ শইকীয়া উপস্থিক থাকে। ইয়াৰোপৰি ড° মহম্মদ হুছেইন , দিব্য চুতীয়া, চন্দ্ৰ বৰুৱা, পুৰ্ণ পেগু, ধেমাজি টাউন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কৃষ্ণ বৰদলৈ, প্ৰাক্তন ছাত্ৰী তথা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহায়ক লক্ষী বৰগোহাঁই, ধেমাজি জিলা সাংবাদিক সংস্হাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ, সম্পাদক জীৱন কোঁৱৰ, অসম বাৰ্তাজীৱী সংঘৰ ৰাজ্যিক সদস্য অশ্বিনী দুৱৰা, সম্পাদক প্ৰদুম্ন্য ভৰালী, সাহিত্যিক পেঞ্চনা তথা ভাকুটকুটৰ সম্পাদক বিমল ৰাজখোৱা, ধেমাজি বানিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডিম্বেশ্বৰ বৰুৱা, জেষ্ঠ্য সাংবাদিক বীৰেন কোঁৱৰ, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপক শৰ্মা, ধেমাজি আই টি ডি পিৰ চেয়াৰমেন মহন্ত নৰহ, অধিবক্তা তথা প্ৰাক্তন ছাত্ৰ নেতা কৰুনজ্যোতি চেতিয়াকে ধৰি মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে উপস্থিত থাকে ৷ মুকলি সভাতেই বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকলৰ নামত প্ৰৱৰ্তন কৰা বঁটা সমুহ প্ৰদান কৰা হয় ৷

ধেমাজি মহাবিদ্যালয়ৰ ৬০সংখ্যক প্ৰতিষ্ঠা দিৱস...
ফেনে-ফোটোকাৰে বাঢ়িছে ধনিশিৰিঃ খুমটাইৰ বহু কেইখন গাঁৱত বান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in