চিমেন নৈয়ে উটুৱাই নিলে ১৫ বছৰীয়া কিশোৰক...

গৰু পাৰ কৰোঁতেই ঘটিল অঘটন
চিমেন নৈয়ে উটুৱাই নিলে ১৫ বছৰীয়া কিশোৰক...
চিমেন নৈয়ে উটুৱাই নিলে ১৫ বছৰীয়া কিশোৰক...
Published on
Updated on

ডিজিটেল সংবাদ চিলাপথাৰঃ আজি চিলাপথাৰৰ চিমেন নৈতে ডুবি এটি কিশোৰৰ মৃত্যু হয়। জানিব পৰা মতে নৈ খনেৰে গৰু পাৰ কৰি থকাৰ সময়তে সংঘটিত হয় এই অঘটন।

নিহত কিশোৰটিৰ নাম ৰাহুল আচৰ্য। স্থানীয় লোকে জনোৱা অনুসৰি আজি পুৱা ৰাহুলে স্থানীয় লোক এজনৰ গৰু চিমেন নৈৰে পাৰ কৰাৰ সময়তে নৈৰ সুঁতে উটুৱাই নিয়ে। পুৱা প্ৰায় ৮ বজাতে সংঘটিত হোৱা এই ঘটনাৰ পাছত আৰক্ষীক খবৰ দিয়াত এছ ডি আৰ এফ বাহিনীয়ে আহি উদ্ধাৰ অভিযান চলাই আৰু পৰৱৰ্তী সময়ত মৃত অৱস্থাত উদ্ধাৰ কৰে।

১৫ বছৰীয়া ৰাহুলৰ এইদৰে মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। আৰক্ষীয়ে ৰাহুলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ সমান্তৰালকৈ তদন্তও অব্যাহত ৰাখিছে।

চিমেন নৈয়ে উটুৱাই নিলে ১৫ বছৰীয়া কিশোৰক...
ইণ্ডোনেছিয়া ভ্ৰমণ সামৰিলে ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in