ধেমাজিৰ পানবাৰীৰ কাণ্ড : বৰদলনিত ছাত্র সন্থাৰ বিক্ষোভ

ধেমাজিৰ পানবাৰীৰ কাণ্ড : বৰদলনিত ছাত্র সন্থাৰ বিক্ষোভ

author-image
Asomiya Pratidin
New Update
ধেমাজিৰ পানবাৰীৰ কাণ্ড : বৰদলনিত ছাত্র সন্থাৰ বিক্ষোভ

ডিজিটেল সংবাদ, ধেমাজি : জয়ৰামপুৰৰ পাণবাৰীত ঘটনাৰ এক ন্যায়িক তদন্ত ঘোষণা কৰা আৰু দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ দাবীত শুকুবাৰে সদৌ অসম ছাত্ৰ সন্থা ধেমাজিৰ বিক্ষোভ। জয়ৰামপুৰ কাণ্ডৰ নায়ক তথা দুৰ্বৃত্তক অৰুণাচল প্ৰশাসনে গ্ৰেপ্তাৰ কৰি শীৰ্ঘে ধেমাজি আৰক্ষীক গতাই দিয়া আৰু নিহত বগা চুতীয়া আৰু মনিটু গগৈৰ মৃত্যুৰ ঘটনাৰ এক ন্যায়িক তদন্ত আৰু দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ দাবীত বৰদলনি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দিনৰ ১২ বজাৰ পৰা আবেলি ১ বজালৈকে একঘণ্টীয়া বিক্ষোভ কাৰ্যসূচীৰ ৰূপায়ণ কৰাৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৷

বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকি ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস আৰু সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে কয় যে, দুজনকৈ অসমীয়া লোকক অৰুণাচলী দুৰ্বৃত্তই হত্যা কৰাৰ পিছতো এতিয়ালৈকে অৰুণাচল চৰকাৰ বা প্ৰশাসনে কোনো দায়িত্ব গ্ৰহণ কৰা নাই ৷

অৰুণাচল পুলিচে ৫ টা দুৰ্বৃত্তক কাৰায়ত্ত কৰা বুলি মিছা প্ৰচাৰ চলাই অসমবাসীৰ আন্দোলন মষিমূৰ কৰাৰ প্ৰচেষ্টা চলাইছে বুলি উল্লেখ কৰি উক্ত দুৰ্বৃত্তৰ নাম ফটোসহ ৰাজহুৱা কৰাৰ লগতে অসমৰ মাটি ৰক্ষা কৰিবলৈগৈ ছহিদ হোৱা দুই পৰিয়ালৰ নিকট আত্মীয়ক অসম চৰকাৰে ১কোটিকৈ আৰ্থিক সাহাৰ্য আৰু চৰকাৰী চাকৰী প্ৰদান কৰাৰ লগতে উক্ত হত্যাকাণ্ডৰ বিৰুদ্ধে ধেমাজি আৰক্ষীত গোচৰ ৰুজু কৰাৰ ভিত্তিত ন্যায়িক তদন্ত কৰি শীৰ্ঘে দুৰ্বৃত্তক ধেমাজি আৰক্ষীক গতাই দিবলৈ দাবী উত্থাপন কৰে ৷

ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দিপক শৰ্মাই কয় যে, বিগত সুদীৰ্ঘ সময়ত সদৌ অসম ছাত্ৰ সন্থাই অসম চৰকাৰক সীমা বিবাদ নিষ্পত্তিৰ বাবে বাৰম্বাৰ দাবী জনাই আহিছে যদিও অসম চৰকাৰে বিষয়টোত ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰি আহিছে ৷ অতিশীঘ্ৰে চুবুৰীয়া ৰাজ্য সমূহৰ সতে থকা সীমাত কাটা তাঁৰৰ বেৰ নিৰ্মান কৰি সীমা বিবাদৰ স্থায়ী সমাধান কৰি সীমান্তত থকা অসমীয়া লোকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ৷

শুকুবাৰে অনুষ্ঠিত হোৱা বিক্ষোভ কাৰ্যসূচীত সদৌ দেউৰী ছাত্র সন্থাৰ বৰদলনি আঞ্চলিক সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ বৰদলনি আঞ্চলিক সমিতি, বৰদলনি আঞ্চলিক চুতীয়া ছাত্র সন্থা, অনুসূচীত জাতি ছাত্র সন্থাৰ বৰদলনি আঞ্চলিক সমিতিৰ নেতাকৰ্মী সকলৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ৰাজীৱ গগৈ, ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা বিজু দাস, যুৱ ছাত্ৰ পৰিষদৰ নেতা তিলক কাকতি উপস্থিত থাকে ৷

জয়ৰামপুৰ পানবাৰীত সংঘটিত হোৱা এনে ঘটনাৰ পুনৰাবৃত্তি নহ'বৰ বাবে আৰু এই ঘটনাৰ লগত জড়িত হোৱা অৰুণাচলী দুৰ্বৃত্তক উপযুক্ত শাস্তি প্ৰদানৰ দাবী তোলে। অসম চৰকাৰৰ বিয়াগোম গৃহ বিভাগ আৰু চোৰাংচোৱা বিভাগৰ দুৰ্বলতাৰ লগতে কাৰ বাবে দুজনকৈ অসমীয়াই অকালতে প্ৰাণ হেৰুৱাৱ লগা হ'ল সেই ঘটনাৰ ন্যায়িক তদন্তৰ জৰিয়তে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰা, পাণবাৰীত অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনাত নিহত হোৱা দুটা পৰিয়ালৰ উপাৰ্জনকাৰী ব্যক্তি বগা চুতীয়া আৰু মনিটু গগৈৰ পৰিয়ালৰ এজনকৈ ব্যক্তিক সংস্থাপনৰ ব্যৱস্থা কৰা, অসম-অৰুণাচল সীমা সমস্যাৰ স্থায়ী সমাধান কৰা, সীমাত বসবাস কৰা অসমৰ জনসাধাৰণৰ মতামতক অগ্ৰাধিকাৰ প্ৰদান কৰা, পাণবাৰীৰ ঘটনাত আহত সকলৰ সম্পূৰ্ণ চিকিৎসা দায়িত্ব গ্ৰহণ কৰা লগতে এককালীন সাহাৰ্য প্ৰদান কৰা, পাণবাৰীৰ ঘটনাৰ লগত জড়িত দুৰ্বৃত্ত সকলৰ নাম-ফটো ৰাজহুৱা কৰা আৰু অসম-অৰুণাচল সীমন্তৱৰ্তী অসমৰ ভূমিত বৃক্ষৰোপনকে ধৰি অন্যান্য চৰকাৰী আচঁনি ৰূপায়ণ কৰাৰ দাবী গোগামুখ ৰাজহ চক্ৰ বিষয়া খুলজিৎ পাদুনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্রীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

Also Read: প্ৰদৰ্শনীমূলক বড়ো ধাননি পথাৰত মিনি কম্বাইন হাৰ্ভেষ্টাৰৰ ব্যৱহাৰ প্ৰদৰ্শন

DHEMAJI AASU