ADRE প্ৰশ্ন কাকত ফাদিলৰে জড়িত থকাৰ সন্দেহত ধেমাজিত মুঠ ৩ জনক আটক...

ধেমাজি কোষাগাৰ কাৰ্যলয়ত কেইবাজনকো সোধপোছ অব্যাহত আৰক্ষী অধীক্ষকে...
ADRE প্ৰশ্ন কাকত ফাদিলৰে জড়িত থকাৰ সন্দেহত ধেমাজিত মুঠ ৩ জনক আটক...
ADRE প্ৰশ্ন কাকত ফাদিলৰে জড়িত থকাৰ সন্দেহত ধেমাজিত মুঠ ৩ জনক আটক...
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজি: দেওবাৰে অনুষ্ঠিত হৈ যোৱা ADRE ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল ঘটনাৰে জড়িত থকাৰ সন্দেহত ধেমাজিত তিনিজনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে। ইতিমধ্যে ধেমাজি জিলাৰ চিমেনচাপৰিৰ পৰা সামাজিক মাধ্যমত এই প্ৰশ্ন কাকত ফাদিল হৈছিল বুলি খবৰ বিয়পি পৰিছে।

ইয়াৰ পাছতে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সমান্তাৰলকৈ চৰকাৰ তথা আৰক্ষী প্ৰশাসন প্ৰশ্নৰ সন্মুখীন হৈছে। ইফালে নিশা ৯ বজা পৰ্যন্ত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি তিনিজনকৈ লোকক আটক কৰিছে।

জিলা আয়ুক্ত অংকুৰ ভৰালী, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে ২ নং মোহনপুৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক মংগল সিং বসুমতাৰীসহ পৰীক্ষা কেন্দ্ৰত ভিডিঅ' গ্ৰাফীৰ দায়িত্বত থকা দুজনক আটক কৰিছে। অভিযোগ মতে তেওঁলোকে পৰীক্ষা শেষ হোৱাৰ পিছত এই প্ৰশ্ন কাকত ভাইৰেল কৰিছিল।

ইফালে প্ৰশ্ন কাকত ভাইৰেল হোৱা চিমেন চাপৰিৰ উপেন্দ্ৰ নেচনেল একাডেমীৰ প্ৰধান শিক্ষক বিমল মুছাহাৰীৰ লগতে কেইবাজনকো আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে৷ এই ঘটনা সন্দৰ্ভ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। এই গোচৰৰ আধাৰতে তদন্তৰ আওঁতালৈ সকলোকে অনা হ'ব বুলি জনাইছে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে ৷

ADRE প্ৰশ্ন কাকত ফাদিলৰে জড়িত থকাৰ সন্দেহত ধেমাজিত মুঠ ৩ জনক আটক...
কোকৰাঝাৰত মন্ত্ৰী ৰণোজ পেগুৰে অধ্যক্ষ, প্ৰধান শিক্ষকৰ বৈঠক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in