ADRE প্ৰশ্নকাকত ভাইৰেলঃ এই পৰ্যন্ত ৮ জনক গ্ৰেপ্তাৰ...

কেইবাজনকো সোধপোছ অব্যাহত
ADRE প্ৰশ্নকাকত ভাইৰেলঃ এই পৰ্যন্ত ৮ জনক গ্ৰেপ্তাৰ...
ADRE প্ৰশ্নকাকত ভাইৰেলঃ এই পৰ্যন্ত ৮ জনক গ্ৰেপ্তাৰ...
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজি: ধেমাজি জিলাৰ চিমেনচাপৰিত অনুষ্ঠিত হোৱা ADRE পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাকলৈ মঙ্গলবাৰে সন্ধিয়া পৰ্যন্ত মুঠ ৮ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

ঘটনা সন্দৰ্ভত ইতিমধ্যে চিমেন চাপৰি আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি ধাৰা 61(2)/316(4)/316(5) BNS RW Sec 10(2) of The Assam Public Examination Act 24 ত 37/ 2024 নম্বৰ গোচৰত ৰুজু কৰিছে।

এই গোচৰৰ আধাৰতে কেমেৰামেন মঙ্গল সিং বসুমতাৰী, পৰীক্ষাৰ্থী দ্বীজেন বড়ো, উপেন্দ্ৰ নেচনেল একাডেমীৰ অধ্যক্ষ তথা কেন্দ্ৰৰ ইনছাৰ্জ বিমল মুছাহাৰী, কেন্দ্ৰৰ ছুপাৰ ভাইজিং বিষয়াদ্বয় ক্ৰমে চিমেন চাপৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° গোপাল তামুলী আৰু এলবাৰ্ট দেউৰী, তিনিগৰাকী কেন্দ্ৰৰ নিৰক্ষীক ক্ৰমে মনোহৰ নাৰ্জাৰী, উমেশ বৰ্মন আৰু দিলীপ দৈমাৰীক৷ ইয়াৰ আৰু কেইবাগৰাকীও ঘটনাৰ সংক্ৰান্তত সোধাপোছা কৰিব বুলি আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে জনাইছে ৷

ADRE প্ৰশ্নকাকত ভাইৰেলঃ এই পৰ্যন্ত ৮ জনক গ্ৰেপ্তাৰ...
ধুবুৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰৱেশ সমাৰোহ কাৰ্যসূচী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in