ডিজিটেল সংবাদ ধেমাজিঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে শেহতীয়াকৈ পুনৰ টোলকৰ বৃদ্ধি কৰা, ব্যাপকভাৱে বিদ্যুৎ মাচুল বৃদ্ধি কৰা আৰু জীৱনদায়িনীৰ ৩৮৪ বিধ ঔষধৰ মূল্য বৃদ্ধি কৰা কাৰ্যৰ বিৰোধিতাৰে আৰু এই সমূহৰ মূল্য হ্ৰাস কৰাৰা দাবীৰে আজি ধেমাজিত প্ৰতিবাদ সাব্যস্ত কৰে।
পুৱা ১১ বজাৰ পৰা বিয়লি ২ বজালৈকে তিনিঘন্টাতকৈ অধিক সময় ধৰি ধেমাজি জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে অৱস্হান ধৰ্মঘট পালন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে। ধেমাজি জিলাৰ অন্তৰ্গত ধেমাজি সদৰ ,বৰদলনি আৰু গোগামুখ আঞ্চলিক সমিতিৰ বিষয়ববীয়া তথা কৰ্মীসকলৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক বিষ্ণু শৰ্মা, ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক হিতেশ বাইলুং, জাতীয় মহিলা পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী ভনিতা দাস মেছ আৰু ধেমাজি জিলা সমিতৰ যুটীয়া সম্পাদক দ্বয় ভূপেন দিহিঙীয়া আৰু তৰ্পন শইকীয়াই উপস্থিত থাকে।
কাৰ্য্যসূচীৰ অন্তত ধেমাজি জিলাৰ উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী ,কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী আৰু অসমৰ চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ একোখনকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
Also Read: গণিত, বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত প্ৰকাশঃ দুই বড়ো সংগঠনৰ তীব্ৰ বিৰোধিতা...