ডিজিটেল সংবাদ,চিলাপথাৰ : অসম হাজং জাতীয় পৰিষদৰ ৮৪ সংখ্যক আৰু সদৌ অসম হাজং ছাত্র সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় অধিৱেশন শুকুৰবাৰৰ পৰা চিলাপথাৰৰ চিমেনমুখ হৰিনাথপুৰ হাজং গাঁৱত বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্য্যসূচীৰে আৰম্ভ হৈছে। যৌথ অধিৱেশনৰ আজি পুৱা মহন্ত হাজঙৰ নেতৃত্বত স্বচ্ছতা অভিযানৰ পিছতে বন্তি প্ৰজ্বলন কৰে অভ্যৰ্থনা সমিতিৰ কাৰ্য্যকৰী সভাপতি ৰাজেন্দ্ৰ হাজঙে।
ইয়াৰ পিছতে গছপুলি ৰোপণ, হাজং হাউলীৰ দ্বাৰ উন্মোচন কৰা হয়। প্ৰতিনিধি শিবিৰ মুকলি কৰে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তোলন সোনোৱালে।
হৰিনাথপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পাৰ্থ কুমাৰ হাজঙে ভোজনালয় উদ্বোধন কৰে। প্ৰতিনিধি পঞ্জীয়নৰ পাছত মূল মঞ্চ উদ্ধোধন কৰে চিচিবৰগাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য সুজিত হাজঙে। বিয়লি প্ৰতিনিধি সভাকক্ষ উন্মোচন কৰে সৰ্বোদয় হাইস্কুলৰ প্ৰধান শিক্ষক জীৱন পেগুয়ে।
সন্ধিয়াৰ পৰা অনুষ্ঠিত হয় প্ৰথমখন প্ৰতিনিধি সভা। ইতিমধ্যে অসম গোৱালপাৰা, ওডালগুৰী,দৰং,হোজাই, বাক্সা,চিৰাং,দক্ষিণ শালমৰা,নগাঁও,কামৰূপ, শোণিতপুৰ, লখিমপুৰ, ধেমাজি,তিনিচুকীয়া,কাৰ্বি আংলং জিলাৰ পৰা ডেৰশতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।
প্ৰতিনিধি সভাত হাজংসকলৰ জাতীয় সমস্যা বিশেষকৈ হাজংসকলক স্বায়ত্ত শাসন প্ৰদান কৰা, হাজং ভাষাৰ বিকাশ ঘটোৱা, ভূমিৰ সমস্যা,বান-খহনীয়া আদি বিষয়ত আলোচনা হ'ব। হাজংসকলৰ লেৱাটানা নৃত্যত উখল-মাখল হৈ পৰিছে হৰিনাথপুৰ অধিৱেশনস্থলী।
Also Read: নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত 'নগাঁৱৰ আহ্বান-নগঁঞা সমীধান' প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা