ডিজিটেল সংবাদ, ধেমাজিঃ চৰকাৰে মহিলা সুৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিছে যদিও বৰ্তমানেও বহু নাৰী নিৰ্যাতনৰ সন্মুখীন হোৱা খবৰে প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে । যৌতুকৰ বাবেই চিলাপথাৰৰ এগৰাকী জীয়াৰীক স্বামীৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিৰ্যাতিতা আৰু তেওঁৰ পৰিয়ালে ।
চিলাপথাৰ এখন গাঁওৰ যুৱতীগৰাকী ২০২০ চনতেই বিয়া হৈছিল লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত কাটৰি চাপৰিলৈ । কিন্তু বিয়াৰ কিছুদিনৰ পিছৰ পৰাই স্বামীৰ পৰিয়ালে যৌতুক বিচাৰি নিৰ্যাতন কৰাৰ শেহতীয়াকৈ অভিযোগ উত্থাপিত হৈছে ।
হোটেল এখনত কৰ্মৰত যুৱতীৰ পিতৃয়ে স্বামী গৃহৰ দাবী পূৰণ কৰিবলৈ অসমৰ্থ । ইয়াৰ পিছৰ পৰাই বৃদ্ধি পালে মানসিক আৰু শাৰীৰিক নিৰ্যাতন ।
এই সন্দৰ্ভত এটা বছৰৰ পূৰ্বে ধেমাজিৰ আদালতত গোচৰ তৰিছিল যদিও চলাহী কথাৰে স্বামীৰ পৰিয়ালে যুৱতীক গোচৰ উঠাই ল'বলৈ বাধ্য কৰায় । যোৱা ৮ এপ্ৰিলত গোচৰ উঠাই যুৱতীগৰাকীয়ে পিতৃৰ লগত স্বামীগৃহলৈ যায় যদিও ঘৰত প্ৰৱেশ কৰিব নিদিয়ে স্বামীৰ পৰিয়ালে ।
তাৰ সলনি এজোপা গছত বান্ধি অকথ্য অত্যাচাৰ চলায় স্বামীৰ পৰিয়ালে । গোপন কেমেৰাত বন্দী হ'ল নিৰ্যাতনৰ ভিডিঅ’ । কোনো লোকে চাউলধোৱা আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীক ।
যুৱতীয়ে গোপন কেমেৰাৰ যোগে লাভ কৰা নিৰ্যাতনৰ ফটো ভিডিঅ'সহ চাউলধোৱা আৰক্ষীক স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ যায় যদিও কোনো ৰহস্যজনক কাৰণত আৰক্ষীয়ে গোচৰ লবলৈ অমান্তি হয় বুলি অভিযোগ কৰিছে ।
শুকুৰবাৰে চিলাপথাৰত এই অভিযোগ উত্থাপন কৰি যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে ন্যায় ভিক্ষা কৰিছে । চিলাপথাৰ মহিলা সমিতিয়ে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ দাবী জনিইছে।
Also Read: পুনৰ জনতাৰ ওপৰত মাধমাৰ! বৃদ্ধি পালে থলুৱা মাছৰ দাম