ডিজিটেল সংবাদ,চিলাপথাৰ : বিজেপিৰ "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীৰ অমৃত কলহ যাত্ৰাৰ সমাপন পৰ্বৰ উপলক্ষত চিচিবৰ গাঁওত মংলবাৰে দেখা গ'ল এক বিশাল সমদল। চিচিবৰগাঁও উন্নয়ন খণ্ডৰ মুঠ ১৭ খন পঞ্চায়তৰ অগণন প্ৰতিনিধিয়ে গায়ন- বায়ন,বিহুনাম,বিভিন্ন জনগোষ্ঠীয় নৃত্য-গীতেৰে বিশাল সমদল কৰি অমৃত কলহসমূহ উন্নয়ন খণ্ডত অনুষ্ঠিত মুকলি সভাৰ মূল মঞ্চত হস্তান্তৰ কৰে।
সমদলত ভাগ লোৱা কিষ্কিন্ধা ৰাজ্যৰ পৰা অহা বালি-সুগ্ৰীৱৰ ভাৱৰীয়াৰ যুদ্ধই বাৰুকৈয়ে আকৰ্ষিত কৰিলে ৰাইজক। অগণন লোকৰ উপস্থিতিত বৰ্ষাবিঘ্নিত বতৰতো এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি কৰে ৷
উন্নয়ন খণ্ডৰ প্ৰাংগণতে অনুষ্ঠিত হয় এক মুকলি সভা। সভাত অংশ লৈ স্থানীয় সাংসদ প্ৰদান বৰুৱাই অমৃত কলহ কাৰ্যসূচীৰ লক্ষ্য আৰু উদেশ্যৰ বিষয়ে ৰাইজক খৰচি মাৰি অৱগত কৰায়।
আনহাতে "ত্ৰিৰংগা" সন্দৰ্ভত তিৰ্য্যক মন্তব্য কৰা বিধায়ক অখিল গগৈক দেশপ্ৰেম শিকিবলৈ পৰামৰ্শ দিয়ে সাংসদ বৰুৱাই। বিধায়ক ভূবন পেগুই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত কংগ্ৰেছ স্থান নাই। সেইয়েহে কংগ্ৰেছে চৰে- চৰে গৈ AIUDF লগত যুদ্ধ কৰাৰ বাদে উপাই নাই বুলি মন্তব্য কৰে। একেদৰে চাঙে- চাঙে গৈ কংগ্ৰেছে বিজেপি চৰকাৰৰ কেবল উন্নয়নৰ বাদে আন কি দেখা পাব বুলি চোকা সমালোচনা কৰে।
Also Read: কঠীয়াতলীত প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎ শিল্পী