ডিজিটেল সংবাদ চিলাপথাৰঃ চিলাপথাৰ আকাজন নিবাসী অসম চৰকাৰৰ প্ৰাক্তন ৰাজহ মন্ত্ৰী গোমেশ্বৰ পেগুৰ পুত্ৰ সুশীল পেগু (৫৪) আৰু নাই। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি নিজা বাসভৱনতে শেষ নিশ্বাস ত্যাগ কৰে একালৰ বলিষ্ঠ কংগ্ৰেছ নেতা সুশীলে।
জানিব পৰা মতে প্ৰায় এটা বছৰে লিভাৰৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল পেগু। বিভিন্ন হাস্পতালত চিকিৎসা গ্ৰহণ কৰিও কোনো সুফল নোপোৱাত নিজা ঘৰতে বিশ্ৰাম লৈ আছিল।
অৱশেষত আজি দুপৰীয়া প্ৰায় ২:৩০ বজাত অকাজানস্থিত নিজ গৃহত পৰলোকপ্ৰাপ্তি ঘটে পেগুৰ। মৃত্যুৰ সময়ত তেওঁ পত্নী,একমাত্ৰ কন্যাসহ বহু নিকট আত্মীয়ক ইহলোকত এৰি থৈ গৈছে।
উল্লেখ্য যে, অকাজান জনজাতি হাইস্কুলৰ পৰা মেট্ৰিক উত্তীৰ্ণ হৈ গুৱাহাটীতে উচ্চতৰ মাধ্যমিক আৰু আৰ্য বিদ্যাপীঠৰ পৰা বুৰঞ্জীত স্নাতক ডিগ্ৰী লাভ কৰা সুশীল পেগুৱে ছাত্ৰ অৱস্থাৰ পৰাই ৰাজনীতিত জড়িত হৈ পৰিছিল। কংগ্ৰেছ দলৰ বিভিন্ন দাায়িত্বত কাৰ্যনিৰ্বাহ কৰি এসময়ত প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদকৰ পদবীত কাৰ্য্যনিৰ্বাহ কৰিছিল।
মিছিং স্বায়ত্ব শাসিত পৰিষদৰ উজনি চিচি টঙানি সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। পৰৱৰ্তী সময়ত তেওঁ জোনাই বিধান সভা সমষ্টিটো কংগ্ৰেছ দলৰ পৰা প্রতিদ্বন্দিতা আগবঢ়াইছিল।
শেহতীয়াকৈ তেওঁ বিজেপি দলত যোগদান কৰিছিল। তেওঁৰ অকাল মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰিছে।
Also Read: চামগুৰিত নিষিদ্ধ সমষ্টিৰ বাহিৰৰ পৰা প্ৰচাৰ চলোৱা লোক...