অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষার্থীৰ মাণ্ডৰমাৰীত কৃষি তথ্য কেন্দ্র উদ্বোধন..

প্ৰাচীৰ পত্ৰিকা "জ্যোতিস্নান" উন্মোচন...
অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষার্থীৰ  মাণ্ডৰমাৰীত কৃষি তথ্য কেন্দ্র উদ্বোধন..
অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষার্থীৰ মাণ্ডৰমাৰীত কৃষি তথ্য কেন্দ্র উদ্বোধন..
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজিঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্রাম্য কৃষি কর্ম অভিজ্ঞতা আঁচনিৰ অধীনত ৩১ জনীয়া শিক্ষার্থীৰ দলে চিমেন চাপৰিৰ মাণ্ডৰমাৰী অঞ্চলত যোৱা ডেৰমাহ জুৰি বিভিন্ন কৃষিজনিত কর্মত নিয়োজিত হৈ আছে। দলটিৰ উদ্যোগত তথা কৃষি বিজ্ঞান কেন্দ্র, ধেমাজিৰ তত্ত্বাৱধানত আজি মাণ্ডৰমাৰী গাঁৱৰ বাথৌ মন্দিৰৰ প্ৰাংগনত কৃষক সমাজৰ কল্যানার্থে এটি কৃষি তথ্য কেন্দ্র উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হয়।

অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্রাম্য কৃষি কর্ম অভিজ্ঞতা আঁচনিৰ শিক্ষার্থী আকাংক্ষা গগৈ আৰু হিমাংকু চেতিয়াই আঁতধৰা অনুষ্ঠানৰ শুভাৰম্ভণিতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অন্যতম কালজয়ী সৃষ্টি 'জিলিকাব লুইতৰে পাৰ' গীতটিৰ পৰিৱেশন কৰা হয়। উদ্বোধনী সভাখনৰ আৰম্ভণি বক্তৃতা প্রদান কৰে কৃষি বিজ্ঞান কেন্দ্র, ধেমাজিৰ জ্যেষ্ঠ বিজ্ঞানী আৰু মুৰব্বী ড° গুঞ্জন গগৈয়ে।

তেখেতে তথ্য কেন্দ্রটিৰ উদ্দেশ্য তথা গ্রামীণ কৃষক সমাজৰ ইয়াৰ পৰা হ'ব পৰা উপকাৰিতাসমূহৰ বিষয়ে ব্যাখ্যা কৰে। শিক্ষার্থী দলৰ তৰফৰ পৰা এটি চমু বক্তৃতা প্রদান কৰে তাহিবিন তানবিবা হকে। সভাত উপস্থিত থাকি মাণ্ডৰমাৰী গাঁৱৰ সভাপতি মনোৰম দৈমাৰীয়ে গাঁওখনৰ উন্নয়নৰ হ'কে লোৱা এই প্রচেষ্টাৰ শলাগ লয়।

সভাত নির্দিষ্ট বক্তাৰূপে চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শচীন দলে আৰু চিমেন চাপৰিৰ কৃষি উন্নয়ন বিষয়া ড৹ ৰিমি দেউৰীয়ে শিক্ষার্থী দলৰ এই উদ্যমী পদক্ষেপ সন্দর্ভত শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। ইয়াৰ উপৰিও বিশিষ্ট অতিথি ৰূপে গ্রাম্য কৃষি কর্ম অভিজ্ঞতা আঁচনিৰ আহ্বায়ক ড° কৌশিক দাস আৰু ধেমাজি প্ৰান্তৰ নিৰীক্ষন দলৰ সদস্যা ড° মৰমী দত্ত আৰু ড° সোণতৰা কলিতাৰ উপস্থিতিয়ে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

মুখ্য অতিথি হিচাপে উপস্থিত থাকি ড° কৌশিক দাসে নিজ বক্তব্যৰ জৰিয়তে গ্রাম্য কৃষি কর্ম অভিজ্ঞতা আঁচনিখনৰ এক আভাস উপস্থিত ৰাইজৰ সম্মুখত দাঙি ধৰি প্রজ্ঞান বাণীৰে শিক্ষার্থীৰ দলটিক অনুপ্ৰেৰণা যোগায়। অনুষ্ঠানত ধেমাজি দলৰ আঁচনি তত্বাবধায়ক অভিলাষা কৌশিক বৰঠাকুৰে শলাগৰ শৰাই আগবঢ়ায়।

ইয়াৰ পাছতে শিক্ষার্থী দলটিৰ দ্বাৰা প্ৰকাশ কৰা প্রাচীৰ পত্রিকা "জ্যোতিস্নান" ৰ উন্মোচন কৰে চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শচীন দলেই। ধেমাজি জিলাৰ আত্মনির্ভৰশীলতাৰ সম্ভাৱনীয়তাক মূল বিষয়বস্তু হিচাপে লৈ হিমাংকু চেতিয়া আৰু আকাংক্ষা গগৈৰ সম্পাদনাত গঢ় লৈ উঠা প্রাচীৰ পত্রিকাখনত সন্নিবিষ্ট হৈ আছে ধেমাজি জিলাৰ ইতিহাস, ভূগোল, পর্য্যটন ক্ষেত্র আদিকে ধৰি ধেমাজি জিলাৰ কৃষি আৰু আনুসংগিক ক্ষেত্ৰসমূহৰ ওপৰত আধাৰিত ভিন্ন লেখা।

ইয়াৰ পিছতেই ড° কৌশিক দাসে ফিটা কাটি কৃষি তথ্য কেন্দ্ৰটিৰ শুভ উদ্বোধন কৰে। কেন্দ্ৰটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কর্ম অভিজ্ঞতা আঁচনি,২০২৪ৰ ধেমাজি কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা উদ্যান শস্য বিভাগ, শস্য বিজ্ঞান বিভাগ, উদ্ভিদ ৰোগ বিভাগ, ভূমি বিজ্ঞান বিভাগ,পতংগ তত্ত্ব বিভাগ, থলুৱা প্রযুক্তিগত পদ্ধতি বিভাগ, কৃষি প্রযুক্তি তথ্য কেন্দ্ৰ, ৰেচম বিভাগ, কৃষি অভিযান্ত্রিক বিভাগ,পশু পালন বিভাগৰ উপৰিও মূল্য সংযোজিত সামগ্রী, থলুৱা সাজ পাৰ, জনজাতীয় অলংকাৰে এক আকর্ষণীয় প্রদর্শনী অনুষ্ঠিত কৰা হয়।

উক্ত প্রদর্শনীত শিক্ষার্থীসকলে তেওঁলোকৰ দ্বাৰা নিৰ্মিত মডেল, বেনাৰ ইত্যাদিসমূহৰ বিষয়ে গাঁওবাসীক ব্যাখ্যা কৰে। চাৰিমহীয়া কাৰ্যসূচীৰে প্ৰস্তুত কৰা এই তথ্য কেন্দ্ৰটি মাগুৰমাৰী অঞ্চলৰ কৃষিজনিত সমস্যা সমাধান তথা উন্নয়নৰ বাবে সপ্তাহৰ এক নির্দিষ্ট দিনত মুকলি ৰখাৰ ব্যৱস্থা শিক্ষার্থী সকলে হাতত লৈছে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষার্থীৰ  মাণ্ডৰমাৰীত কৃষি তথ্য কেন্দ্র উদ্বোধন..
জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত নাহৰকটীয়া আৰু দুলীয়াজানত ভূমিৰ পট্টা বিতৰণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in