পুনৰ বহিঃৰাজ্যত নিখোঁজ অসমৰ যুৱকঃ পৰিয়ালৰ মাজত হাঁহাকাৰ...

মুখ্যমন্ত্ৰীক সহায় কৰিবলৈ কাতৰ আহ্বান পৰিয়ালৰ
পুনৰ বহিঃৰাজ্যত নিখোঁজ অসমৰ যুৱকঃ পৰিয়ালৰ মাজত হাঁহাকাৰ...
পুনৰ বহিঃৰাজ্যত নিখোঁজ অসমৰ যুৱকঃ পৰিয়ালৰ মাজত হাঁহাকাৰ...
Published on
Updated on

ডিজিটেল সংবাদ চিলাপথাৰঃ কৰ্মসংস্থাপনৰ অভাৱত কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা বহু অসমীয়া যুৱক নিখোঁজ হোৱাৰ ঘটনা সঘনে সংঘটিত হৈ আহিছে। শেহতীয়াকৈ পুনৰ ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ শ্ৰীপানী পঞ্চায়তৰ ২ নং উদয়পুৰ বৰুৱা গাঁৱৰ এজন লোক কর্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

শ্ৰীপানী পঞ্চায়তৰ ২ নং উদয়পুৰ বৰুৱা গাঁৱৰ কুম্ভ কোঁৱৰ নামৰ ৪৪ বছৰীয়া লোকজনো কর্মসংস্থাপন বিচাৰি পৰিয়ালৰে আন চাৰিজনৰ সৈতে যোৱা ২৭ জুলাইত ডিব্ৰুগড়ৰ বানীপুৰ ৰে'ল ষ্টেচনৰ পৰা বিবেক এক্সপ্ৰেছেৰে কেৰালালৈ গৈছিল। কিন্তু যাত্ৰা পথতে সোমবাৰৰ নিশা অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া ষ্টেচনৰ পৰা নিৰুদ্দেশ হয় লোকজন ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি লোকজনে প্ৰসাৱ কৰিবলৈ বুলি ৰে'লৰ পৰা নামি যায় কিন্তু ঘূৰি নাহিল। সতীৰ্থ কেইজনে বহু বিচাৰ-খোচাৰ কৰিও তেওঁৰ কোনো সম্ভেদ নাপালে।

জানিব পৰা মতে ৰে'লৰ পৰা নামি যোৱাৰ সময়ত তেওঁৰ পিন্ধনত আছিল কেৱল হাফ পেণ্ট এটা। সোমবাৰৰ পৰা বৰ্তমানলৈকে লোকজনৰ সম্ভদ বিচাৰি ভাগৰি পৰিছে পৰিয়ালৰ লোকসকল। ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ডিব্ৰুগড়ৰ ৰে'ল আৰক্ষীক নিৰুদ্দেশৰ বিষয়ে অৱগত কৰিছে।

সমান্তৰালকৈ কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ সন্ধানহীন হোৱা লোকজনক যিকোনো প্ৰকাৰে বিচাৰি উলিয়াবলৈ অসমৰ মুখ্যমন্ত্ৰীকো কাতৰ আহ্বান জনাইছে পত্নী তথা পৰিয়ালৰ লোকে। কোনো লোকে যদি কুম্ভ কোঁৱৰ নামৰ এই লোকজনৰ কিবা সম্ভেদ পাই তেন্তে আৰক্ষী থানা অথবা পৰিয়ালক 9101742843 নম্বৰৰ যোগে জনাবলৈয়ো আহ্বান জনাইছে ।

পুনৰ বহিঃৰাজ্যত নিখোঁজ অসমৰ যুৱকঃ পৰিয়ালৰ মাজত হাঁহাকাৰ...
দুই এদিনতে ৰাহুল গান্ধীৰ বিৰুদ্ধে চলিব ইডিৰ অভিযান !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in