জোনাইত জন্ম হ'ল অসমৰ নতুন আঞ্চলিক ৰাজনৈতিক দল 'জন জাগৰণ অসম'...

কেন্দ্রীয় সমিতিৰ সভাপতি ৰাজু মেদক আৰু সাধাৰণ সম্পাদক বিশাল ব্ৰহ্ম
জোনাইত জন্ম হ'ল অসমৰ নতুন আঞ্চলিক ৰাজনৈতিক দল 'জন জাগৰণ অসম'...
জোনাইত জন্ম হ'ল অসমৰ নতুন আঞ্চলিক ৰাজনৈতিক দল 'জন জাগৰণ অসম'...
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজি: ধেমাজি জিলাৰ জোনাইত দেওবাৰে জন্ম হ'ল অসমৰ নতুন আঞ্চলিক ৰাজনৈতিক দল “ জন জাগৰণ অসম” ৷ জন জাগৰণ জোনাইৰ আহ্বায়ক কমিটীৰ আহ্বানত আৰু লেলিন দলে,ববি মেদক আৰু লোকাশ বসুমতাৰীৰ যৌথ সভাপতিত্বত জোনাইৰ ৰুৱাদ গাঁৱত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত অসমৰ বহু কেইখন জিলাৰ প্ৰায় পাঁচ সহস্ৰাধিক প্ৰতিনিধি ৰাইজ উপস্থিতত থাকে ৷

অসম অৰুণাচল সীমান্ত জোনাইত ভূমিষ্ঠ হোৱা নতুন আঞ্চলিক দল গঠনৰ ৰাজহুৱা সভাত ৰাইজে বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱো গ্ৰহন কৰে ৷ সভাই নতুন আঞ্চলিক দলৰ সভাপতি হিচাপে সন্মিলিত গণশক্তি অসম দলৰ প্ৰাক্তন নেতা তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজু মেদকক, কাৰ্য্যকৰী সভাপতি হিচাপে প্ৰাক্তন টি এম পিকেৰ সভাপতি শংঙ্কৰ টায়ুংক আৰু সাধাৰণ সম্পাদক হিচাপে বিশাল ব্ৰহ্মক দায়িত্ব প্ৰদান কৰে।

ইয়াৰ উপৰিও আঞ্চলিক দলটিৰ ভগ্নী আৰু ভাতৃ দল হিচাপে গীতাঞ্জলি বড়ি পাতিৰক সভানেত্রী আৰু পুষ্পা বসুমতাৰীক সম্পাদিকা হিচাপে লৈ জন জাগৰণ অসম দলৰ মহিলা জাগৰণ সমিতি গঠন আৰু লোকেশ বসুমতাৰীক সভাপতি আৰু প্ৰসেঞ্জিত পেগুক সম্পাদক হিচাপে লৈ জন জাগৰণ অসম দলৰ যুৱ জাগৰণ সমিতি গঠন কৰা হয়।

গাওঁ, অঞ্চল, অসমৰ ঐক্য, শান্তি, পৰিবৰ্তন আৰু প্ৰগতিৰ উদেশ্যেৰে জন্ম লাভ কৰা আঞ্চলিক দলক অসমৰ সকলো ৰাইজকে আঁকোৱালি ল'বলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে জন জাগৰণ জোনাইৰ আহবায়ক সমিতিৰ সম্পাদক বিজয় লালুঙে।

জোনাইত জন্ম হ'ল অসমৰ নতুন আঞ্চলিক ৰাজনৈতিক দল 'জন জাগৰণ অসম'...
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ গেৰুৱাকৰণ বন্ধ কৰাৰ দাবীৰে প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in