জোনাই অসামৰিক চিকিৎসালয়ৰ নিৰ্মাণত দুৰ্নীতি-অনিয়মৰ প্ৰতিবাদত আছুৰ অৱস্থান ধৰ্মঘট...

জোনাই অসামৰিক চিকিৎসালয়ৰ নিৰ্মাণত দুৰ্নীতি-অনিয়মৰ প্ৰতিবাদত আছুৰ অৱস্থান ধৰ্মঘট...
Published on
Updated on

ডিজিটেল সংবাদ, জোনাই: ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাই মহকুমাত নৱ নির্মিত অসামৰিক চিকিৎসালয় নিৰ্মাণত সংঘটিত বিয়াগোম দুৰ্নীতি-অনিয়মৰ প্ৰতিবাদত শুকুৰবাৰে জোনাই মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই সময়ত আছুৰ আন্দোলনকাৰীসকলে অসম চৰকাৰৰ হুঁচিয়াৰ, বিজেপি গ'বেক, বিজেপি চৰকাৰৰ হায় হায়, জোনাই অসামৰিক চিকিৎসালয়ৰ নিৰ্মাণৰ দুৰ্নীতিৰ উচিত তদন্ত কৰক, দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক ব্লেকলিষ্টেড কৰক, দুৰ্নীতিগ্ৰস্ত বিষয়াৰ ওপৰত কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰক আদি শ্ল'গানেৰে জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

উল্লেখযোগ্য যে সদৌ অসম ছাত্র সন্থাৰ ধেমাজি জিলা সমিতিৰ এটা সজাতি দলে যোৱা ৪জুলাইত জোনাই মহকুমাৰ নৱ নিৰ্মিত অসামৰিক চিকিৎসালয়খন পৰিদৰ্শন কৰে। জোনাইৰ নেপালী বস্তিত বিগত ২০১৮চনত তদানীন্তন স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰা তথা ২২ কোটি টকাৰে নৱ নির্মিত জোনাই অসামৰিক চিকিৎসালয়খন পৰিদৰ্শন কৰাৰ সময়ত চিকিৎসালয় নিৰ্মাণ কাৰ্যত ব্যাপক বিসংগতি ধৰা পেলায়।

প্ৰায় ২২ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা নৱ নির্মিত অসামৰিক চিকিৎসালয়খন নিৰ্মাণ সম্পূৰ্ণ নৌহঁওতেই বিভিন্ন অংশত বৃহৎ বৃহৎ আকাৰৰ ফাট মেলাৰ লগতে ফাট মেলা বহু অংশত পানী নিগৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। আঁচনি লাভ কৰা ঠিকাদাৰ আৰু বিষয়া-অভিযন্তাৰ মাজত গোপন বুজাবুজিৰে আঁচনিৰ নীতি বর্হিভূতভাৱে অতি নিম্নমানেৰে নিৰ্মাণ কৰাৰ ফলতে এনে বিসংগতি হোৱা বুলি আছুৱে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে। যাৰ ফলত কোটি কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা নৱ নির্মিত অসামৰিক চিকিৎসালয় গৃহখন মুকলি নৌহঁওতেই এক ভয়ংকৰ অঘটনৰ আশংকা কৰিছে সংগঠনটোৱে।

আনহাতে আঁচনিৰ দুর্নীতি আৰু অনিয়ম ঢাকি ৰাখিবলৈ বৃহৎ বৃহৎ আকাৰৰ ফাট মেলা অংশত ঠিকাদাৰজনে টিনপাট আৰু চিমেণ্টেৰে কোনোমতে ঢাকি ৰখা চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আছুৱে।

সদৌ অসম ছাত্র সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীব দাসে শুকুৰবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি জোনাই অসামৰিক চিকিৎসালয়ৰ নিৰ্মাণত সংঘটিত বিয়াগোম দুৰ্নীতিৰ ওপৰত মুখ্যমন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উচিত তদন্ত কৰিবলৈ দাবী জনাইছে। তদুপৰি দুৰ্নীতিৰ শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰ দিনত প্ৰদীপ ৰতী নামৰ এজন মধ্যভোগী ঠিকাদাৰ ২২কোটি টকীয়া চিকিৎসা নিৰ্মাণত বিয়াগোম দুৰ্নীতি সংঘটিত কৰাৰ পিছত চৰকাৰে তদন্ত কোনো পদক্ষেপ গ্ৰহণ নকৰাক আশ্চৰ্য প্ৰকাশ কৰে। ফলত শীঘ্ৰে ন্যায়িক তদন্তৰ ঘোষণা কৰি চিকিৎসায় নিৰ্মাণত গাফিলতি কৰা ঠিকাদাৰ আৰু অভিযন্তাৰ ওপৰত কঠোৰ শাস্তিমূলক ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। তদুপৰি অসাধু ঠিকাদাৰজনক শীঘ্ৰে ব্লেকলিষ্টেড কৰাৰ দাবী জনাইছে আছুৱে।

অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পিছত জোনাই মহকুমা ছাত্ৰ সন্থাৰ সভাপতি লক্ষ্য শৰণীয়া আৰু সম্পাদক মানৱ বনিয়াই স্বাক্ষৰ কৰা এক স্মাৰক পত্ৰ জোনাই মহকুমা প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ পত্ৰত প্ৰেৰণ কৰে।এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থা কাৰ্যনিবাহ সদস্য বিকাশ মিচং, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰঞ্জিত বসুমতাৰী, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক মেধিনী দলে, তথ্য সম্পাদক কল্লোল কোঁৱৰৰ লগতে বহু কৰ্মকৰ্তাই উপস্থিত থাকে।

জোনাই অসামৰিক চিকিৎসালয়ৰ নিৰ্মাণত দুৰ্নীতি-অনিয়মৰ প্ৰতিবাদত আছুৰ অৱস্থান ধৰ্মঘট...
মানকাচৰত অংগনবাড়ী কেন্দ্ৰৰ শিশু খাদ্য বিক্ৰীৰ অভিযোগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in