জনজাতিকৰণ আৰু স্বায়ত্ত্ব শাসনৰ দাবীত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ...

লোকসভা নিৰ্বাচনৰ পূৰ্বে সিদ্ধান্ত লোৱাৰ বাবে সময় সীমা নিৰ্ধাৰণ

author-image
Asomiya Pratidin
New Update
জনজাতিকৰণ আৰু স্বায়ত্ত্ব শাসনৰ দাবীত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ...

জনজাতিকৰণ আৰু স্বায়ত্ত্ব শাসনৰ দাবীত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ ধেমাজিঃ তাই আহোমক জনজাতিকৰণ আৰু স্বায়ত্ত্ব শাসন প্ৰদানৰ দাবীত মঙ্গলবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ কৰ্মীসকলে এক মটৰ চাইকেল ৰেলী বাহিৰ কৰি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে ৷ ধেমাজি কাছাৰী ময়দানৰ পৰা ধেমাজি নগৰৰ মাজেৰে ধেমাজিৰ ঐতিহ্যমণ্ডিত হাবুঙত সামৰণি পৰে এই মটৰচাইকেল ৰেলী ৷

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি মনোজ গগৈ, ধেমাজি জিলা তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বাবুল বুঢ়াগোহাঁই আৰু সাধাৰণ সম্পাদক পংকজ বৰগোহাঁইৰ লগতে জিলা আৰু আঞ্চলিকৰ বিষয়ববীয়াসকলৰ উপৰিও শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা মটৰ চাইকেল ৰেলীত প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ প্ৰদান কৰক, দিল্লী- দিছপুৰ হুচিয়াৰ আদি শ্ল’গানেৰে উত্তাল কৰি তোলে ৷

সংগঠনটোৱে লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ সঠিক সিদ্ধান্ত দিয়াৰ দাবী তোলে। অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে ৷

Also Read: দৰিদ্ৰতা ! এইখন দেশতে সংঘটিত হৈছে এই আজৱ ঘটনা

তাই আহোম ছাত্ৰ সন্থা জনজাতিকৰণ