ডিজিটেল সংবাদ,ধেমাজি : অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা ধেমাজি সাহিত্য সভাৰ উদ্যোগত শুক্ৰবাৰে ধেমাজি প্ৰেছ ক্লাৱত সদৌ অসম মনজিত গগৈ সোঁৱৰণী চুটিগল্প প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। লগতে প্ৰতিযোগিতাখনিৰ ২০২৪ বৰ্ষৰ ১৯ সংখ্যক বঁটা বিতৰণী সভা আৰু ধেমাজি সাহিত্য সভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনিও অনুষ্ঠিত কৰা হয় ৷
ধেমাজি সাহিত্য সভাৰ সভাপতি ড° লক্ষী বৰগোহাঞিয়ে সভাপতিত্ব কৰা সভাখনিৰ আদৰণি ভাষণ দিয়ে সম্পাদক দীপেন ভিতৰুৱাল কোঁৱৰে ৷ গাম্ভীৰ্যপূৰ্ণ সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধেমাজি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়া আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক তথা বিশিষ্ট ব্যংগ লেখক বিমল ৰাজখোৱা ৷
সভাত ২০০৪ চনৰ ১৫ আগষ্টৰ বোমা বিস্ফোৰণত অকাল মৃত্যুক সাৱটি লোৱা ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেধাৱী ছাত্ৰ মনজিত গগৈক স্মৰণ কৰি ছাত্ৰজনৰ বিষয়ে সকলোৱে বক্তব্য ৰাখে ৷ বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ধেমাজি জিলা সাহিত্য সভাৰ সম্পাদক প্ৰেমানন্দ তালুকদাৰ আৰু অসম সাহিত্য সভাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক দীপক ভৰালী।
শুক্ৰবাৰে ৰাজ্যজুৰি পালন কৰা ৰাজ্যিক শোক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি ধেমাজি সাহিত্য সভাই শ্বহীদ মনজিত গগৈৰ স্মৃতি যুগমীয়া কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে ধেমাজি সাহিত্য সভাক শলাগ লয় ৷ অনুষ্ঠানত এই বছৰৰ বিজয়ী প্ৰতিযোগী ধেমাজি মাদাৰ্চ প্ৰাইড বিদ্যালয়ৰ ছাত্ৰী ধৃতিদীপা দত্ত আৰু চৰাইদেউৰ জিলাৰ ডবকা আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ মৃণালকান্তি মহনক একোখন প্ৰমাণপত্ৰ , কিতাপৰ টোপোলা আৰু নগদ টকাৰে পুৰস্কৃত কৰা হয় ৷
এই অনুষ্ঠানতে এইবছৰৰ সাহিত্যিক পেঞ্চনপ্ৰাপক তথা ধেমাজি সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বগেন গগৈক ধেমাজি সাহিত্য সভাৰ পৰা চেলেং চাদৰ , সম্বৰ্ধনা পত্ৰৰে উষ্ম অভিনন্দন জনোৱা হয় ৷ সভাখনিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃত্ব বিনীতা গাৰোডিয়া , উষা বৰগোহাঁই , নামেশ্বৰ কাৰ্দং , ৰনজিত চিৰিঙেও অংশ লয় ৷
লক্ষ্যণীয় যে মনজিত গগৈৰ পিতৃ ডম্বৰু গগৈ তথা পৰিয়ালে ধেমাজি সাহিত্য সভালৈ আগঢ়োৱা ন্যাস পুঁজিৰে ধেমাজি সাহিত্য সভাই বিগত ১৯ বছৰে ৰাজ্যৰ অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীৰ মাজত ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰি আহিছে মনজিত গগৈৰ সোঁৱৰণত চুটিগল্প প্ৰতিযোগিতা অনুষ্ঠান ৷ উল্লেখযোগ্য যে বঁটা বিতৰণী সভাৰ পিছতে ধেমাজি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি -সম্পাদকসকলক লৈ ধেমাজি সাহিত্য সভাৰ এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন হয় ৷ সভাত ধেমাজি সাহিত্য সভাৰ পৰৱৰ্তী কাৰ্যপন্থাৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
Also Read: ধেমাজিত ৰাজ্যিক শোক দিৱস পালন