ডিজিটেল সংবাদ, ধেমাজি: নতুনকৈ ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা তিনিখন ফৌজদাৰী আইন ক্ৰমে ভাৰতীয় ন্যায় সংহিতা ২০২৩ , ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ৰ সম্পৰ্কে সহজতে ৰাইজে অৱগত হোৱা উদ্দেশ্য ধেমাজি প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত শনিবাৰে ধেমাজি প্ৰেছ ক্লাৱত এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়৷ ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা পৰিচালনাত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক প্ৰদুন্য ভৰালীয়ে৷
উদ্দেশ্যে ব্যাখ্যাত সম্পাদক ভৰালীয়ে তিনিখন নতুন আইন ৰাইজৰ মাজত সজাগ, সচেতনতা কৰা লক্ষ্যৰে এই সভাখন কৰা হৈছে বুলি উল্লেখ কৰে৷ সভাত ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে আমন্ত্ৰিত হিচাপে উপস্থিত থাকে। তেওঁ কয় যে দেশজুৰি নতুনকৈ কাৰ্য্যকৰী হোৱা নতুন ফৌজদাৰী আইন কেইখনৰ জৰিয়তে শূন্য এফআই আৰ ,আৰক্ষীৰ অভিযোগৰ অনলাইন পঞ্জীয়ন, এছএমএছৰ দৰে ইলেক্ট্ৰনিক মোডৰ যোগেদি চমন আৰু সকলো জঘন্য অপৰাধৰ ক্ষত্ৰত অপৰাধস্থলীৰ বাধ্যতামূলক ভিডিঅ'গ্ৰাফী ইত্যাদিৰ বিধানসমূহ সন্নিবিষ্ট কৰাৰ বাবে আধুনিক ন্যায় ব্যৱস্থাই আমূল পৰিবৰ্তন আনিব বুলি তেওঁ প্ৰকাশ কৰে ৷
সভাত সমল ব্যক্তি হিচাপে উপস্থিত থকা মুখ্য আইন সাহায্য প্ৰতিৰক্ষা পৰিষদৰ চৰকাৰী অধিবক্তা গোপীনাথ নাথ সন্দিকৈয়ে বক্তব্যত কয় যে ব্ৰিটিছ যুগৰ ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী বিধি আৰু ভাৰতীয় প্ৰমান আইনৰ ঠাইত ক্ৰমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মকে ধৰি নতুন আইন তিনিখনৰ দফাসমূহৰ সম্পৰ্কে অতি সহজকৈ তন্নতন্নকৈ বৰ্ণনা কৰে৷ বক্তব্যত তেওঁ এই নতুন আইন তিনিখনে সামাজিক বাস্তৱতা আৰু অপৰাধৰ সৈতে মোকাবিলা ফলপ্ৰসূৰ ক্ষেত্ৰতো প্ৰকাশ কৰে৷
সজাগতা সভাত ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব শ্বাহ চৈয়দ আহাদুৰ ৰহমান, ধেমাজি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ধেমাজি জিলা মহিলা সমিতিৰ উপদেষ্টা বিনীতা গাৰোদিয়া চৌধুৰী, ধেমাজি জিলা মহিলা সমিতিৰ সভানেত্ৰী নিৰমা বৰুৱা, ধেমাজি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষয়ত্ৰী তথা ধেমাজি জিলা মহিল সমিতিৰ উপ-সভানেত্ৰী কৰবী দেউৰী, জ্যেষ্ঠ সাংবাদিক তথা ধেমাজি প্ৰেছ ক্লাৱৰ উপদেষ্টা দিলীপ কুমাৰ হাজৰিকাকে ধৰি বহু কেইগৰাকী গণ্যমান্য লোকে ভাষণ দিয়ে৷ সভাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া, জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া, ধেমাজি জিলা সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল, ধেমাজি মহাবিদ্যালয়, ধেমাজি চিটি কলেজ আৰু মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি বিভিন্ন দল সংগঠনৰ ব্যক্তি আৰু ৰাইজে উপস্থিত থাকে ৷