৩ নতুন ফৌজদাৰী আইন সন্দৰ্ভত ধেমাজি সদৰ আৰক্ষী থানাত সজাগতা সভা সম্পন্ন

৩ নতুন ফৌজদাৰী আইন সন্দৰ্ভত ধেমাজি সদৰ আৰক্ষী থানাত সজাগতা সভা সম্পন্ন
৩ নতুন ফৌজদাৰী আইন সন্দৰ্ভত ধেমাজি সদৰ আৰক্ষী থানাত সজাগতা সভা সম্পন্ন
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজিঃ পুৰণি ন্যায় ব্যৱস্থাৰ সংশোধনী ঘটাই আজিৰে পৰা দেশত তিনিখন অপৰাধমূলক আইন কাৰ্যকৰী কৰা হৈছে। এই সন্দৰ্ভত আজি ধেমাজি সদৰ আৰক্ষী থানাৰ উদ্যোগত সদৰ আৰক্ষী থানাৰ সভাগৃহত এখনি সজাগতা সভা অনুষ্ঠিত হয় ৷ ধেমাজিৰ বিভিন্নদল, সংগঠন, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী, শিক্ষাবিদ আৰু ৰাইজৰ উপস্থিতত অনুষ্ঠিত হোৱা সজাগতা সভাৰ আঁতধৰে ধেমাজি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুনটি হাজৰিকাই ৷

বক্তব্যত আৰক্ষী বিষয়াগৰাকীয়ে আনুষ্ঠানিক ভাৱে আজিৰে পৰা কাৰ্য্যকৰী হোৱা নতুন ফৌজদাৰী আইন তিনিখনে সকলো দিশতে জনসাধাৰণ উপকৃত হোৱাৰ লগতে ন্যায় লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ নতুন ফৌজদাৰী আইন তিনিখন ক্ৰমে ভাৰতীয় ন্যায় সংহিতা(BNS-২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা(BNSS)-২০২৩, আৰু ভাৰতীয় সুৰক্ষা অধিনিয়ম (BSA)-২০২৩ বুলি উল্লেখ কৰে ৷

উক্ত তিনিখন আইনে ইংৰাজ যুগৰ ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী আৰু ভাৰতীয় প্ৰমান আইনৰ স্থান ল'ব ৷ এই তিনিও আইনৰ পৰা জনসাধাৰণে কেনেদৰে উপকৃত হ’ব বা অপৰাধীৰ শাস্তিৰ বিধান এতিয়াৰে পৰা কেনেধৰণৰ হ’ব সকলোবোৰ কথা বিস্তৃতভাৱে অৱগত কৰে সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ৷

ইয়াৰ উপৰিও সভাগতা সভাত সমল বক্তি হিচাপে উপস্থিত থকা ধেমাজি আদালতৰ চৰকাৰী অধিবক্তাদ্বয় ক্ৰমে অজয় ফোকলা আৰু গোপীনাথ সন্দিকৈ, ধেমাজি আইন সেৱা প্ৰাধিকৰণৰ সচিব শ্বাহ চৈয়দ আহাদুৰ ৰহমান, সংলগ্ন ধেমাজি ৰাজহ চক্ৰ বিষয়া ডিম্পী ভট্ৰচাৰ্য্য, জিলা স্বাস্থ্য বিষয়া ড০ যোগেন দাসকে ধৰি বহু কেইগৰাকী লোকে বক্তব্যত এই আইনৰ মতে এতিয়াৰে পৰা আইনী প্ৰক্ৰিয়া হ’ব খৰতকীয়া ৷

যিকোনো আৰক্ষী থানাতে দাখিল কৰিব পাৰিব এজাহাৰ। নতুন আইনৰ মতে অপৰাধমূলক যিকোনো ঘটনা আৰক্ষীয়ে তদন্তৰ বাবে ভিডিঅ’গ্ৰাফী কৰাটো বাঞ্ছনীয়৷ সেইদৰে চিকিৎসকেও সাতদিনৰ ভিতৰত দাখিল কৰিব লাগিব ভুক্তভোগীৰ চিকিৎসাৰ প্ৰতিবেদন ৷

বিবাহৰ মিছা প্ৰতিশ্ৰুতি দি এতিয়াৰে পৰা মহিলাক প্ৰৱঞ্চনা কৰিব নোৱাৰিব৷ বিশেষভাবে শিশু, মহিলাৰ ক্ষেত্ৰত বিশেষ প্ৰাধান্য দিয়াৰ লগতে শিশুৰ যৌন নিৰ্যাতনৰ ক্ষেত্ৰত পুৰুষ, মহিলাৰ উভয়ে ক্ষেত্ৰতে কোনো বৈষম্য নোহোৱাকৈ আইনখনত শাস্তিৰ ব্যৱস্থা আছে ৷ এনেধৰনৰ বহুবোৰ নতুন আইনৰ দফা বিধি অনুসৰি শাস্তিৰ বিষয়ে ৰাইজক অৱগত কৰে ৷

ধেমাজি জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে পৰিচালনা কৰা সভাগতা সভাত ধেমাজি উপ- আৰক্ষী অধীক্ষক বিশেষ শাখা সিদ্ধেশ্বৰ বৰা, ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগ, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা জ্যেষ্ঠ নাগৰিক মহেন্দ্ৰ নাথ কোঁৱৰ, ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ধেমাজি জিলা মহিলা সমিতিৰ মুখ্য উপদেষ্টা বিনীতা গাৰোডিয়া চৌধুৰী, অৱসৰপ্ৰাপ্ত সমাজকল্যাণ বিভাগৰ বিষয়া তথা জিলা মহিলা সমিতিৰ সম্পাদিকা কুঞ্জ বড়া, ধেমাজি জিলা মহিলা সমিতিৰ সভানেত্ৰী নিৰমা বৰুৱা , অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা ধেমাজি জিলা মহিলা সমিতিৰ উপ- সভানেত্ৰী কৰবী দেউৰী, মহিলা সমিতিৰ বিষয়ববীয়াদ্বয় লক্ষী দেৱী আৰু অৰ্পনা চতীয়াকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

৩ নতুন ফৌজদাৰী আইন সন্দৰ্ভত ধেমাজি সদৰ আৰক্ষী থানাত সজাগতা সভা সম্পন্ন
ঢকুৱাখনাৰ ২৫০ টাৰো অধিক পৰিয়ালক বান সাহাৰ্য প্ৰদান..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in