ডিজিটেল সংবাদ, ধেমাজি: ১৭৪৩ চনত আহোম ৰজা শিৱ সিংহৰ পৃষ্ঠপোষকতাত স্থাপন হোৱা ধেমাজি বৰদলনিৰ নগাঁও দেউঘবাৰী গাঁওস্থিত প্ৰায় তিনিশ বছৰীয়া ঐতিহাসিক আই পদুমণি গৰখীয়া থানত অহা ১ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত এক লাখ তিনি হাজাৰ টকীয়া প্রাইজমানি বৰশী বোৱা প্রতিযোগিতা ৷ এই সৰ্ম্পকে পৰিচালনা সমিতিয়ে আই পদুমণি গৰখীয়া থানত হোৱা সংবাদমেলৰ জৰিয়তে থানখনৰ পৰিচালনা সমিতিয়ে এই কথা সদৰি কৰে৷
থানখনৰ পৰিচালনা সমিতিৰ সভাপতি বুবু শইকীয়া আৰু সাধাৰণ সম্পাদক পংকজ বৰগোহাঁয়ে কয় যে, ঐতিহাসিক থানখনৰ প্ৰায় চাৰি বিঘাযুক্ত ৰাজকীয় পুখুৰীত ১ ছেপ্তেম্বৰৰ দিনা পুৱা ৮ বজাৰ পৰা এই প্রতিযোগিতাখন অনুষ্ঠিত হ'ব ৷ ইয়াৰ বাবে ইতিমধ্যে ১হাজাৰ টকা মূল্যৰ যোগদানৰ টিকট মুকলি কৰাৰ হৈছে বুলি অৱগত কৰে ৷
সম্পাদক বৰগোহাঁয়ে প্রতিযোগিতাখনৰ প্ৰাইজমানিৰ মূল্য লক্ষাধিক টকা হ'ব বুলি ঘোষণা কৰে আৰু ভ্ৰাম্যভাষ নম্বৰ ৯৩৬৫২-৪৮৩৭০ আৰু ৯৯৫৪৩-৬৮২০৯ৰ সৈতে যোগাযোগ কৰিবলৈ ইচ্ছুক প্রতিযোগীকসকলক আহ্বান জনায়। সংবাদমেলতে থানখনৰ শীৰ্ষ ৰ্গীতটিও উন্মোচন কৰা হয়।
উল্লেখ্য যে প্রতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অজস্ৰ ভক্ত সমাগম হোৱা সকলোৰে পৰিচিত আই পদুমণিৰ গৰখীয়া থানৰ মনোৰম প্রাকৃতিক পৰিৱেশত অনুষ্ঠিত কৰা সংবাদমেলখনত থান পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ উপৰিও ধেমাজি জিলা কৃষক সভাৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী ৰংমন হাজৰিকা, থানখনৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক প্ৰবীন গগৈ, পুজাৰী কুমুদ গগৈ, বিশিষ্ট সমাজকৰ্মী উষা বুঢ়াগোহাঁই, ৰানু শইকীয়া, প্ৰিয়ংকা দেৱী উপস্থিত থাকে৷ উল্লেখ্য যে, উত্তৰ অসমৰ অন্যতম শক্তিপীঠ উক্ত আই থান খনলৈ লখিমপুৰ, ধেমাজি জিলাৰ উপৰিও অৰুনাচল প্ৰদেশ, ডিব্ৰুগড় আৰু তেজপুৰ আদিৰ পৰা দৈনিক অগণন ভক্তই মনোবাঞ্ছা পুৰনৰ বাবে দেৱী দৰ্শনলৈ দীঘদিন ধৰি অহা-যোৱা চলি আছে ৷