ডিজিটেল সংবাদ,চিলাপথাৰ : মিচিং জাতীয় সংগঠনে চলাই অহা চল্লিশ বছৰীয়া সংগ্ৰামৰ অগ্ৰগতিৰ ওপৰত আলোচনাৰ বাবে চিলাপথাৰত শনিবাৰে আয়োজন কৰে বাঃ তাগ কেবাংৰ। প্ৰচণ্ড ৰ'দকো নেওচি সমবেত হ'ল কুৰি সহস্ৰাধিক মিচিং ৰাইজ।
বিশাল সভাখনত উপস্থিত থকা জোনাই সমষ্টিৰ বিধায়ক তথা বিজেপিৰ মুখপাত্ৰ ভূৱন পেগুৱে বিস্ফোৰক মন্তব্য দাঙি ধৰি কয় যে- ইতিমধ্যে দুবাৰকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা মিচিং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ খচৰা তালিকাক লৈ কংগ্ৰেছৰ ষড়যন্ত্ৰত পৰিষদৰ ভোটাৰ তালিকাত নাম নথকা আৰু এলেকাৰ বাহিৰৰ লোকে ধেমাজিত গণ সত্যাগ্ৰহ বাহিৰ কৰি প্ৰতিবাদ কৰিছে। চাৰিদিনৰ আগতে সাংসদ গৌৰৱ গগৈয়ে ধেমাজিলৈ আহি কংগ্ৰেছক মিচিং - অনা মিচিংৰ মাজত সংঘাটৰ বাবে পাঠ পঢ়াই থৈ গ'ল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।
সমাগত বিধানসভাৰ নিৰ্বাচনত মিচিং - অনামিচিঙৰ মাজত বিভেদ সৃষ্টিৰে চিচিবৰগাঁও সমষ্টি দখলৰ ষড়যন্ত্ৰ কৰা কংগ্ৰেছ কেতিয়াও সফল নহ'ব বুলি মন্তব্য কৰি ইয়াৰ পৰিনাম ভুগিবলৈ পাব বুলি বিধায়ক ভুবন পেগুৱে সকীয়াই দিয়ে।
উল্লেখ্য যে মিচিং পৰিষদত অনামিচিং গাঁও অন্তৰ্ভুক্তিৰ প্ৰতিবাদত ২০ ছেপ্টেম্বৰত ধেমাজিত কুৰিসহস্ৰাধিক লোকে 'গণ সত্যাগ্ৰহ' কাৰ্যসূচী উলিয়ায়। আটাছু আৰু অনা মিচিং সুৰক্ষা সমিতিৰ নেতৃত্বত উলিওৱা সত্যাগ্ৰহত মিচিং পৰিষদত অনা মিচিং এলেকা কৰ্তন নকৰিলে তীব্ৰ প্ৰতিবাদৰ ভাবুকি দিয়ে।
ইয়াৰ এটা দিনৰ পিছতে চিলাপথাৰৰ কুলাজানত অনুষ্ঠিত হ'ল মিছিং জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত "বা;তাগ কেবাং" নামৰ এক বিশাল সমাৰোহ অনুষ্ঠিত কৰি মানুহ গোটাই এক প্ৰকাৰে শক্তি প্ৰদৰ্শন কৰিলে বিধায়ক পেগুৱে।
Also Read: মানকাচৰত ৯ কোটিটকীয়া পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ