ডিজিটেল সংবাদ ,ধেমাজি: অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত ধেমাজি জিলা সমিতিৰ উদ্যোগত মঙলবাৰে দিনযোৰা কাৰ্য্যসূচীৰে অসম ৰাজ্যিক পৰিবহন নিগম ধেমাজি বাছ আস্থানৰ সমীপত জাতীয় জীৱনৰ মহানায়ক সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ এয়োদশ বাৰ্ষিক মৃত্যু তিথি উদযাপন কৰা হয়৷
পুৱা ৮ বজাত পৰিৱেশ নিকাকৰণ কাৰ্য্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভণী কৰে ৷ পুৱা ১১ বজাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমায়ে পতাকা উত্তোলন কৰে ৷ ১১.৩০ বজাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে শ্বহীদ তৰ্পন কৰা পিছতেই সৰ্তীথ স্মৰণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক চাবিৰ আহমেদে ৷
দুপৰীয়া ১২ বজাতো সুধাকণ্ঠ ভাৰতৰত্ন ড° হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ধেমাজি পৌৰপতি দ্বীপ ৰেখা দাস বাঘ্ৰীয়ে ৷ বিয়লিৰ ১ বজাৰ সন্ধিয়া পৰ্যন্ত নিম্ন শাখা ১২ বছৰ আৰু উচ্চ শাখাৰ ১৩ বছৰ ওপৰলৈকে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷
সন্ধিয়া ৬ বজাত অনুষ্ঠিত কৰা বঁটা বিতৰণী আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা আয়োজিত সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে ধেমাজি মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্তঅধ্যক্ষ ড° বুদ্ধিন্দ্ৰ বৰুৱাই ৷ অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বহু কেইগৰাকী কেন্দ্ৰীয় বিষয়াববীয়া লগতে জিলা ,আঞ্চলিকৰ প্ৰতিনিধি ও অঞ্চলৰ শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷
Also Read: নিৰ্বাচনী নিৰ্দেশ উলংঘা কৰাৰ অভিযোগত ৫ ACS বিষয়াক নিলম্বন