চিলাপথাৰ আৱাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বীৰেন্দ্ৰ নাথ গগৈ আৰু নাই

চিলাপথাৰ আৱাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বীৰেন্দ্ৰ নাথ গগৈ আৰু নাই
Published on
Updated on

ডিজিটেল সংবাদ, চিলাপথাৰ : চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত চিলাপথাৰ গেলুৱা কেন্দুগুৰী নিবাসী বিশিষ্ট শিক্ষক তথা সমাজকৰ্মী বীৰেন্দ্ৰনাথ গগৈ আৰু নাই। মৃত্যুৰ সময়ত তেঁওৰ বয়স হৈছিল ৮৬ বছৰ। গগৈৰ মৃত্যুৰ বতৰাই ব্যথিত কৰি তুলিছে অসংখ্যক গুণমুগ্ধক।

উল্লেখ্য যে চিলাপথাৰ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল গগৈ। ইয়াৰ উপৰি বিশিষ্ট সমাজকৰ্মী হিচাপেও বীৰেন্দ্ৰ নাথ গগৈয়ে কেতবোৰ অনুষ্ঠানত আগভাগ লৈছিল।

সুদীৰ্ঘ বছৰে নিজে সেৱা কৰা বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো আমৃত্যু পৰ্যন্ত অঞ্চলটোৰ বিদ্যায়তনিক ক্ষেত্ৰখনৰ লগতে সামাজিক ক্ষেত্ৰখনত অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। তেখেতৰ মৃত্যুত বিভিন্ন মহলে শোক প্ৰকাশ কৰাৰ লগতে চিচিবৰগাঁৱৰ বিশিষ্ট ব্যৱসায়ী নন্দীগিৰি ভূঞাৰ লগতে নন্দীগিৰি সমাজ কল্যাণ গোটে গভীৰ শোক প্ৰকাশ কৰে। লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰি শোকাকুল পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰেৰণ কৰে।

চিলাপথাৰ আৱাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বীৰেন্দ্ৰ নাথ গগৈ আৰু নাই
টাৱাং মাৰাথানত বিজয়ী ইথিওপিয়াৰ দুই দৌৰবিদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in