ডিজিটেল সংবাদ, চিলাপথাৰ: চোৰৰ উৎপাতত নিদ্ৰাহৰণ হৈছে চিলাপথাৰ আৰু চিচিবৰগাঁৱৰ ৰাইজৰ। চিচিবৰগাঁও চাৰিআলিৰ দোকানসমূহত সঘনাই সংঘটিত হৈছে চুৰিকাণ্ড। মঙলবাৰে দুপৰীয়া চিলাপথাৰ নগৰৰ মাজমজিয়াৰ ১০নং ৱাৰ্ড, লাচিত নগৰৰ দুটা পৰিয়ালৰ বাসগৃহৰ তলা ভাঙি চোৰে দহ লক্ষাধিক টকাৰ সম্পত্তি আৰু নগদ ধন লুটি নিয়াৰ এক ঘটনা পোহৰলৈ আহিছে।
মঙলবাৰে দুপৰীয়া ঘৰত কোনো নথকাৰ সুযোগ লৈ আনন্দৰাম বৰুৱা আৰু কাষতে থকা তেওঁৰ জী-জোৱাঁইৰ ঘৰৰ তলা ভাঙি চোৰে লুটপাত চলায় আৰু নগদ তিনি লক্ষাধিক টকাৰ লগতে প্ৰায় ৮ লাখ টকাৰ সোণৰ গহনা চুৰ কৰি নিয়ে। মঙলবাৰে দুপৰীয়া প্ৰায় ১২.৩০ৰ পৰা ১বজাৰ ভিতৰত সংঘটিত হয় ঘটনাটো।
বুধবাৰে সন্ধিয়া সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি ইতিমধ্যে ঘটনা সন্দৰ্ভত চিলাপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই চিলাপথাৰ আৰক্ষীয়ে । ইতিমধ্যে দিন দুপৰতে সংঘটিত হোৱা চুৰিকাণ্ডই চিলাপথাৰ নগৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । শীঘ্ৰে অপৰাধীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে আনন্দ বৰুৱাৰ পৰিয়ালে ।