ডিজিটেল সংবাদ, চিলাপথাৰঃ শিক্ষাদানৰ নামত চিলাপথাৰৰ ব্যক্তিগত শিক্ষানুষ্ঠানত চলিছে তালিবানি শাস্তি। ফুল কুমলীয়া ছাত্ৰৰ ওপৰত বদমেজাজী শিক্ষককে অনুশাসনৰ নামত চলাইছে আমানৱীয় অত্যাচাৰ। চিলাপথাৰৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ স্কুল লৰ্ড মেকাউলে হাইস্কুলত সংঘটিত হৈছে এই কাণ্ড।
বিষয়টো বিদ্যালয় কৰ্তৃপক্ষই গাপ দিব বিছাৰিছিল যদিও শেহতীয়াকৈ সমগ্ৰ ঘটনাৰ তথ্য পোহৰলৈ আনিছে ছাত্ৰজনৰ পিতৃয়ে। অভিযোগ মতে, মঙলবাৰে স্কুলখনৰ মনোজ শৰ্মা নামৰ শিক্ষকগৰাকীয়ে প্ৰথম শ্ৰেণীৰ ছাত্ৰ অংকিত শৰ্মাক (৬ ) এটি প্ৰশ্ন সোধে। ছাত্ৰজনে উত্তৰ দিয়াত কিছু পলম হোৱাত খঙত টিঙিৰিতুলা হৈ ছাত্ৰজনৰ ওপৰত সোধায় প্ৰচণ্ড মাধমাৰ।
উপৰ্যুপৰি বেত্ৰাঘাটত শিশুটিৰ শৰীৰৰ নিম্নংশ বেয়াকৈ জখম হয়। গুৰুতৰ আঘাতপ্ৰাপ্ত হয় ছাত্ৰজন। ছাত্ৰজনৰ ঘৰ হৈছে চিলপথাৰ অমৃতপুৰত। পূৰ্বেও বহু শিক্ষাৰ্থীৰ ওপৰত নিৰ্মম অত্যাচাৰ কৰাৰ অভিযোগ উঠিছে শিক্ষক মনোজ শৰ্মাৰ বিৰুদ্ধে। ইতিমধ্যেই ছাত্ৰৰ পিতৃয়ে ন্যায় বিচাৰি চিলাপথাৰ থানাত এজাহাৰ দাখিল কৰিছে।
Also Read: পুষ্টিকৰ খাদ্য-পুতলাৰ মেলা সমৃদ্ধ প্ৰদৰ্শনীৰে ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন