চিলাপথাৰত ড্ৰাগছসহ মহিলা সৰবৰাহকাৰী আটক

ধেমাজিৰ চিলাপথাৰ অঞ্চলত ড্ৰাগছৰ প্ৰচলন বৃদ্ধিৰ ঘটনাই ৰাইজক উদ্বিগ্ন কৰি তুলিছে

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত ড্ৰাগছসহ মহিলা সৰবৰাহকাৰী আটক

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিৰ চিলাপথাৰ অঞ্চলত ড্ৰাগছৰ প্ৰচলন বৃদ্ধিৰ ঘটনাই ৰাইজক উদ্বিগ্ন কৰি তুলিছে। শুকুৰবাৰে চিলাপথাৰ আৰক্ষীয়ে নগৰৰ সমীপৰ কুলামুৱা বঙালী গাঁৱৰ পৰা ১৫০ গ্ৰাম ড্ৰাগছসহ এগৰাকী মহিলাক আটক কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অভিযোগ অনুসৰি কুলামুৱা বঙালী গাঁৱৰ মমী গগৈ মুছাহাৰী নামৰ এগৰাকী মহিলাই দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল। অতিষ্ঠ হৈ পৰা স্থানীয় ৰাইজে বহু বাৰ চিলাপথাৰ আৰক্ষীৰ সহায় লৈছিল যদিও হাতে-লোটে ধৰিব পৰা নাছিল মহিলাগৰাকীক।

শুকুৰবাৰে দিন বেয়া আছিল মহিলাগৰাকীৰ । অৱশেষত আৰক্ষীয়ে ১৫০ গ্ৰাম ড্ৰাগছসহ হাতে-লোটে ধৰে তেওঁক।

Also Read: "নেট" নহয় "নোট"ৰ ইছ্যুঃ বাতৰি প্ৰকাশৰ পাছতেই ৭৮ বেতন বঞ্চিতই পালে প্ৰাপ্য

Assam police