আগন্তুক পঞ্চায়ত নিৰ্বাচনকলৈ ধেমাজিত কংগ্ৰেছৰ বিশেষ সভা

আগন্তুক পঞ্চায়ত নিৰ্বাচনকলৈ ধেমাজিত  কংগ্ৰেছৰ বিশেষ সভা
Published on
Updated on

ডিজিটেল সংবাদ,ধেমাজি : সমষ্টিৰ সীমা নিৰ্ধাৰণ, পঞ্চায়ত নিৰ্বাচন আৰু সাংগঠনিক দিশত আলোচনা কৰা সম্পৰ্কে বুধবাৰে ধেমাজি ভৰালী চুকৰ স্বাগত হোটেলত ধেমাজি জিলা কংগ্ৰেছ দলৰ এখনি বিশেষ কৰ্মী সভা অনুষ্ঠিত হয় ৷ জিলা কংগ্ৰেছ দলৰ মণ্ডল ,পঞ্চায়ত আৰু জিলা পৰ্যায়ৰ বিভিন্ন বিষয়ববীয়াসকল উপস্থিত থকা বিশেষ সভাখনত আগন্তুক পঞ্চায়ত নিৰ্বাচন, সমষ্টিৰ সীমা নিৰ্ধাৰণকে ধৰি দলটোৰ আভ্যন্তৰীণ সাংগঠনিক দিশৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰে ৷

বিশেষ সভাখনত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তব্য কৰে। তেঁও কয় যে কেন্দ্ৰীয় আৰু ৰাজ্যৰ ডাবল ইঞ্জিন বিজেপি চৰকাৰে অসমকলৈ কোনো গুৰুত্বয়ে দিয়া নাই।

এইবাৰ বাজেটতে অসমৰ বানপানী সমস্যা সমাধানৰ বাবে চৰকাৰখনে ধন দিব নোৱাৰাটো অসমৰ বিজেপিৰ সাংসদসকলৰ কিমান লাজৰ বিষয় হৈছে ৷ য'ত বিহাৰৰ চৰকাৰখনে বানপানীকে ধৰি অন্যান্য উন্নয়নৰ কাৰণে ২৬ হেজাৰ কোটি টকা দিব পাৰিছে। কিন্ত বছৰ বছৰ ধৰি বানত হাহাকাৰ হৈ থকা অসমৰ বাবে ৰাজ্যৰ এন ডি আৰ এফ শিতানত পাবলীয়া ১০, ৭ ৮৫ কোটি টকাৰ ঠাইত মাত্ৰ ২৫০কোটি টকাহে দিছে বুলি বৰাই মন্তব্য কৰে ৷

বক্তব্যত তেওঁ এই বিজেপি চৰকাৰৰে অসমক কেতিয়াও উন্নতি কৰাটো সম্ভৱ নহয়, বৰঞ্চ ডাবল ইঞ্জিন বিজেপি চৰকাৰখনে অসমক একেবাৰে বিকল কৰি নি আছে বুলিও মন্তব্য কৰে ৷ ইফালে অহা ৪ আগষ্টত বিৰোধী ঐক্যমঞ্চৰ এক উমৈহতীয়া বৈঠক অনুষ্ঠিত হ'ব গুৱাহাটীত ৷

উক্ত সভাতেই আগন্তুক ৫ টা সমষ্টিৰ উপনিৰ্বাচনত আসন ভাগ-বটোৱাৰাক লৈ ল'ব লগা চূড়ান্ত সিদ্ধান্তৰ বিষয়ে অৱগত কৰে ৷ সভাত বিজেপি আৰু অগপ দলৰ বহু কেইগৰাকী কৰ্মীয়ে যোগদান কৰে ৷

সভাত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ শৈলেন সোনোৱাল , মুখপাত্ৰ বিজয় পেগু , অসম প্ৰদেশ কংগ্ৰেছৰ সম্পদকদ্বয় ভাস্কৰ দুৱৰা আৰু জিন্টু হাজৰিকা আৰু কোষাধ্যক্ষ ডাঃ হেম হৰি পেগু আদি উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in