মিচিং পৰিষদত অন্তৰ্ভুক্ত অনামিচিং গাঁও কৰ্তনৰ দাবী : ২০ ছেপ্তেম্বৰত জনসমাবেশৰ আয়োজন

মিচিং পৰিষদত অন্তৰ্ভুক্ত অনামিচিং গাঁও কৰ্তনৰ দাবী : ২০ ছেপ্তেম্বৰত জনসমাবেশৰ আয়োজন
Published on
Updated on

ডিজিটেল সংবাদ, ধেমাজি : মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ কৰা সমষ্টি খচৰা  তালিকাত বৃহত্তৰ দক্ষিণ ধেমাজিৰ প্ৰায় কুৰিখন অনামিচিং গাঁও অন্তৰ্ভুক্ত হোৱাত শেহতীয়াকৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ যাৰ বাবে বিগত এপষেকধৰি  গাঁৱে গাঁৱে অনুষ্ঠিত হৈছে প্ৰতিবাদী সভা ৷ 

তাৰ মাজতে খচৰা তালিকাৰ পৰা ৰাজহ গাঁওসমূহৰ নাম কৰ্তনৰ দাবীত বৃহস্পতিবাৰে নৱগঠিত বৃহত্তৰ দক্ষিণ ধেমাজি অনামিচিং সুৰক্ষা সমিতিয়ে এম এ চি ৰ সীমা সম্পৰ্কীয় দায়িত্ববাহী বিষয়া তথা জিলা অতিৰিক্ত উপায়ুক্ত  যাদৱ পেগুক সাক্ষাৎ কৰি ৫ দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে। একে সময়তে বৃহত্তৰ দক্ষিণ ধেমাজিৰ   ১৭ খন গাঁৱৰ ৰাইজে পৃথক পৃথকভাৱে  অনামিচিং গাঁওসমূহ  শীঘ্ৰে কৰ্তনৰ দাবীত মুঠ  ১৭ খন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ 

বৃহত্তৰ দক্ষিণ ধেমাজি অনামিচিং সুৰক্ষা সমিতিৰ সভাপতিমণ্ডলী ক্ৰমে বলীন বৰগোহাঞি , গুণকান্ত কোঁৱৰ , মহেন্দ্ৰ বুঢ়াগোহাঁই তথা সম্পাদকমণ্ডলী ৰজনী গগৈ , মুক্তা দিহিঙীয়া , কিৰণ কোঁৱৰ স্বাক্ষৰিত স্মাৰকপত্ৰত মিচিং  স্বায়ত্ত শাসিত পৰিষদৰ প্ৰস্তাৱিত ১৩ নং চিচিকলঘৰ সমষ্টিত  হিলৈদাৰী ব্লক , খুৱলীয়া , কোৱাফলা হাবি , ভেহপৰা হাবি , শিমলুগুৰি  , কেন্দুগুৰি  , কোৱাফলা কোঁচ, বেতনি ,কপহুৱা পথাৰ,কমাৰ গাওঁ , পুৰনি ধূনাগুৰি দেউৰী ,আমগুৰি আহোম ,২ নং ধূনাগুৰি ,ধূনাগুৰি কলিতা ,জামুকণি ,  নপাম , বঙালমাৰী  ,  বকল , মৌমাৰি  , ভোমোৰাগুৰি ,  মাটিখোলাকে ধৰি প্ৰায়  কুৰিখনৰো অধিক ৰাজহ গাঁও আৰু ধেমাজি পৌৰসভাৰ  ৯ তথা ১০ নং ৱাৰ্ডৰ  প্ৰায়  ৯৫ শতাংশ বসতি থকা  অনামিচিং অঞ্চল সমূহ কৰ্তন কৰাৰ দাবী জনায় ।

স্মাৰক পত্ৰত  প্ৰকাশিত খচৰাত  বহু গাঁও  অজনজাতীয়লোকৰ সংখ্যাগৰিষ্ঠতা থকাৰ সত্ত্বেও গাঁওসমূহ অন্তৰ্ভুক্ত কৰি অজনজাতিলোকৰ গণতান্ত্ৰিক অধিকাৰ বলপূৰ্বকভাবে কাঢ়ি লোৱাৰ   অভিযোগ কৰে ৷ এই কাৰ্য্যৰ প্ৰতিবাদত বৃহস্পতিবাৰে  প্ৰায় দুই শতাধিক ৰাইজে জিলা  অতিৰিক্ত উপায়ুক্ত যাদৱ পেগুক  একত্ৰিতভাৱে স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছত  সুৰক্ষা সমিতিৰ  নেতৃত্বই সংবাদ মাধ্যমৰ আগত চৰকাৰৰ কাৰচাজিক ধিক্কাৰ দিয়ে ৷

সুৰক্ষা সমিতিৰ সভাপতি বলীন বৰগোহাঞি , মহেন্দ্ৰ বুঢ়াগোহাঁই আৰু  কাৰ্যকৰী  সভাপতি ভৱিষ্য দিহিঙীয়াই   চৰকাৰৰ কুটিল নীতিক যিকোনো উপায়েৰে হ'লেও প্ৰতিহত কৰাৰ হুংকাৰ দিয়ে ৷ আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ- সভাপতি মনোজ গগৈয়ে অনা মিচিং গাওঁসমূহ মিচিং পৰিষদত অন্তৰ্ভুক্ত নকৰিবলৈ চৰকাৰ তথা জিলা প্ৰশাসনক দাবী জনাইছে ৷

অন্যথা ধেমাজিত  ২০১৩ ত এম এ চিৰ বিৰুদ্ধে গঢ় লোৱা প্ৰৱল গণ আন্দোলনৰ  প্ৰসংগ উল্লেখ কৰি পুনৰ তেনে পৰিৱেশ সৃষ্টিত ইন্ধন প্ৰদান নকৰিবলৈ চৰকাৰক কঠোৰ ভাষাৰে সকীয়াই দিয়ে ৷ আটাছুৰ  নেতাজনে বাৰে বাৰে  চৰকাৰে ৰচনা কৰা কুটিল ষড়যন্ত্ৰ ওফৰাবলৈ  অনা মিচিং সুৰক্ষা সমিতিয়ে  অহা ২০ ছেপ্তেম্বৰত শ শ লোকৰ সমাবেশেৰে  ধেমাজি সদৰত এক গণ প্ৰতিবাদ কৰা হ'ব  বুলি ঘোষণা কৰে আৰু এই প্ৰতিবাদৰ সন্মুখীন হ'বলৈ চৰকাৰক প্ৰত্যাহ্বান জনায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in