ডিজিটেল সংবাদ, ঢকুৱাখনাঃ চৰকাৰী সেৱা প্ৰদানৰ নামত ফুটা কড়ি এটাও চৰকাৰী কৰ্মচাৰীয়ে সাধাৰণ নাগৰিকৰ পৰা সংগ্ৰহ নকৰিবলৈ বাৰম্বাৰ সকীয়নি দি আহিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। পিছে মুখ্যমন্ত্ৰী গৰাকীৰ এনে কঠোৰ নিৰ্দেশনালৈ কেৰেপ নকৰা এটা বিভাগ আছে ঢকুৱাখনাত। অসম শক্তি বিতৰণ আৰু বিপনন বিভাগৰ ঢকুৱাখনা উপ সংমণ্ডল কাৰ্যালয়তো এনে এটা বিভাগ য'ত বক্র পথেৰে অবৈধ ধন সংগ্ৰহৰ এক নিৰ্লজ প্ৰতিযোগিতা চলে। এনে এক গুৰুতৰ ৰাজহুৱা অভিযোগে প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছে মহকুমাটোত।
প্ৰাপ্ত অভিযোগ অনুসৰি বৈদ্যুতিক উপ-সংমণ্ডলটোৰ অধীনৰ মাছখোৱা ফিডাৰৰ অন্তৰ্গত ১নং হিলৈদাৰী গাঁৱত যোৱা দেওবাৰৰ বিয়লিৰ পৰা বিদ্যুৎ সেৱা কৰ্তন হৈ আছিল। এলেকাটোৰ শতাধিক উপভোক্তা ৰাইজৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাপক হাৰত প্ৰভাৱিত হোৱা এই বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাৰ সন্দৰ্ভত গ্ৰাহকসকলে অনুসন্ধান কৰি ট্ৰেন্সফৰ্মাৰৰ বিজুটি হোৱাৰ বাবে যোৱা প্ৰায় ৪ টা দিন অন্ধকাৰত ডুবি থকা বুলি পতিয়ন যায় । এই সন্দৰ্ভত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত দৃষ্টিগোচৰ কৰাত এটা সক্ৰিয় আৰু নতুন ট্ৰেন্সফৰ্মাৰৰ প্ৰয়োজনীয়তা দোহাৰে বিভাগে। পৰৱৰ্তী সময়ত বিদ্যুৎ বিভাগৰ জৰিয়তে এই বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ আনিবলৈ হ'লে বহু দিনৰ প্ৰয়োজন হোৱাৰ কথা উপভোক্তাসকলক দোহাৰি স্থানীয় বিধায়কগৰাকীৰ এক অনুমোদন পত্ৰ সংগ্ৰহ কৰিবলৈ পৰামৰ্শ দিয়ে বিভাগীয়ভাবে ।
বিগত ৪টা দিন অন্ধকাৰত ডুবি থকা গ্ৰাহকসকলে বিধায়কগৰাকীৰ পৰা এই সন্দৰ্ভত যাৱতীয় অনুমোদন পত্ৰ সংগ্ৰহ কৰি বিভাগক প্ৰদান কৰে । যাৰ জৰিয়তে বিভাগটোৱে এটা নতুন ট্ৰেন্সফৰ্মাৰ লাভ কৰাৰ পথ তৰান্বিত আৰু সহজসাধ্য হ'ল । কিন্তু ইয়াতেই নাভাগিল কেনা । এইবাৰ বিদ্যুৎ বিভাগৰ পৰামৰ্শ এই আৱণ্টন পত্ৰ নি ধেমাজি উৰ্ধতন বিভাগত জমা দি পৰৱৰ্তী সময়ত লখিমপুৰৰ পৰা ট্ৰেন্সফৰ্মাৰতো সংগ্ৰহ কৰিব লাগিব গ্ৰাহকে নিজেই । ঢকুৱাখনা বিদ্যুৎ বিভাগে নিজেই কৰিব লগীয়া এই দায়িত্ব আৰু কৰ্তব্য গ্ৰাহকৰ মাজলৈ ঠেলি ভুক্তভোগী গ্ৰাহকক অৱগত কৰাত এইবাৰো ৰাইজে অতি জৰুৰী এই চৰকাৰী সেৱা সোনকালে লাভ কৰাৰ স্বাৰ্থত গাঁঠিৰ ধন ভাঙি ধেমাজিলৈ গৈ যাৱতীয় নথি জমা দি ৰাওনা হয় লখিমপুৰলৈ।
গ্ৰাহক ৰাইজৰ নিৰন্তৰ শ্ৰম আৰু প্ৰচেষ্টাৰ ফলত লখিমপুৰ সদৰৰ পৰা এটা ট্ৰেন্সফৰ্মাৰৰ আৱণ্টন পাবলৈ অৱশেষত সক্ষম হয় বিদ্যুৎ বঞ্চিত উপভোক্তা ৰাইজ। বিভাগীয় এই ট্ৰেন্সফৰ্মাৰতো আৱণ্টন কৰি দিয়াৰ পৰৱৰ্তী সময়ত ট্ৰেন্সফৰ্মাৰতো ঢকুৱাখনা বিদ্যুৎ বিভাগলৈ অনাৰ দায়িত্ব সংশ্লিষ্ট বিভাগৰ । কিন্তু বিভাগীয় গাড়ীখন আনিবলৈ গ'ল যদিও ইন্ধনৰ ব্যয় আৰু লগত যোৱা ব্যক্তিসকলৰ আনুসংগিক ব্যয় বহন কৰিবলগীয়া হ'ল গ্ৰাহক ৰাইজেই। এনেবোৰ শিতানত প্ৰায় ৫ হাজাৰ টকা ৰাইজৰ ব্যয়ৰ পাছত ট্ৰেন্সফৰ্মাৰতো যথা স্থানত আহি উপস্থিত হ'ল যদিও সংস্থাপনৰ বাবে বিদ্যুৎ বিভাগৰ যন্ত্ৰচালিত বাহন নথকা বুলি জনোৱাৰ পাছত ৰাইজে নিজাকৈ প্ৰায় ২ হাজাৰ টকা ব্যয় কৰি এখন "হাইড্রা" আনি ট্ৰেন্সফৰ্মাৰতো স্থাপন পৰ্ব বৃহস্পতিবাৰে সম্পন্ন কৰিলে ।
এতিয়া ভুক্তভোগী গ্ৰাহকৰ প্ৰশ্ন হ'ল এটা বিয়াগোম বিভাগ উপলব্ধ হোৱাৰ পাছতো গ্ৰাহক ৰাইজৰ বাবে এটা বিভাগীয় ট্ৰেন্সফৰ্মাৰ আৱণ্টন কৰা, সংগ্ৰহ কৰা আৰু সংস্থাপন কৰা আদি সকলো বিভাগীয় প্ৰক্ৰিয়া যদি গ্ৰাহকেই গাঁঠিৰ ধন ব্যয় কৰি সম্পন্ন কৰিব লগীয়া হয়, তেন্তে এনে এটা অৰ্থহীন বিভাগৰ প্ৰয়োজনীয়তা কত ? প্ৰায় ১০ হাজাৰ ৰাইজৰ পৰা সংগৃহীত টকা ব্যয় কৰি এক চৰকাৰী সেৱা লাভৰ বাবে ৰাইজে নিজেই বিভাগে বিভাগে দৌৰি ট্ৰেন্সফৰ্মাৰ আৱণ্টন কৰি দিয়াৰ পাছতো পৰিবহনৰ নামত বিভাগীয় গাড়ীৰ ইন্ধন, যাতায়তী খৰছ ৰাইজে বহন কৰিব লগীয়া হোৱাৰ যুক্তি যুক্ততা ক'ত বুলি প্ৰশ্ন তুলিছে গ্ৰাহক ৰাইজে।
উল্লেখ্য যে, বিদ্যুৎ বিভাগৰ গাড়ীত ইন্ধন ব্যয়, যাতায়তৰ ব্যয়, ট্ৰেন্সফৰ্মাৰ সংস্থাপন ব্যয় আদি সকলো শিতানত প্ৰায় ১০ হাজাৰ টকা ৰাইজৰ খৰছ হোৱা বুলি জানিবলৈ দিয়ে। এই সমুদায় পুঁজি সংগ্ৰহৰ বাবে এলেকাটোৰ প্ৰতিটো গ্ৰাহক পৰিয়ালৰ পৰা পুঁজি সংগ্ৰহ অভিযান অব্যাহত ৰখিছে। এক চৰকাৰী সেৱা লাভৰ বাবে গ্ৰাহকৰ ঘৰে ঘৰে গৈ পুঁজি সংগ্ৰহ কৰি বিভাগক আদায় দিব লগীয়া এনে বিতৰ্কিত আৰু দৃষ্টিকটু কথাই বিভাগটোৰ অৰ্থলোভী চৰিত্ৰ জনদৃষ্টিত উলংগভাবে দাঙি ধৰা বুলিও ভুক্তভোগী একাংশই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া বুলি দাবী কৰা বিভাগক এই ক্ষেত্ৰত বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষই অনাগত সময়ত কি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰে সেয়া ভুক্তভোগী গ্ৰাহকৰ বাবে লক্ষণীয়।
Also Read: আজিৰে পৰা আৰম্ভ হ'ব এছিয়াৰ পুৰণি ফুটবল টুৰ্ণামেণ্ট ডুৰাণ্ড কাপ ২০২৩