ডিজিটেল সংবাদ, ঢকুৱাখনা : "পৰত আশ, বনত বাস" এই আপ্ত বাক্যশাৰীৰ মৰ্মাৰ্থ গাঁৱখনৰ কৃষিজীৱী ৰাইজে বিগত ১৯৯৬ চনৰ পৰাই বুজি আহিছে। সমান্তৰালভাবে বুজি আহিছে নিৰ্বাচন কালৰ কেৱল ভোট দিয়াৰ সময়ৰ বাহিৰে চহা প্ৰাণ ৰাইজৰ জীৱন সম্পত্তিৰ কোনো মূল্য নাই ক্ষমতা লোভী বিধায়ক সাংসদৰ ওচৰত। সেয়ে এনেবোৰ অবিবেচকী দায়িত্বহীন ক্ষমতাশীল পক্ষলৈ বাট নাচাই বিগত বহু বছৰৰ পৰম্পৰা অনুসৰি এইবাৰো গঞা-বৃদ্ধ, যুৱক একত্ৰিত হৈ নিজৰ সোণতলীলৈ যোৱাৰ পথ দলং নিজেই নিৰ্মাণ কৰি ধাৰা অব্যাহত ৰাখে।
ঢকুৱাখনা বিধানসভা সমষ্টিৰ এখন কৃষি নিৰ্ভৰ গাঁও মাজ জালভাৰী। পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ অন্তৰ্গত গাঁৱখনৰ এশ শতাংশ পৰিয়ালৰ খেতি ভূমিলৈ যোৱাৰ সমান্তৰাল ভাবে সমীপৱৰ্তী ভেটতলী, লেচেৰা, চাকনিচুক, উজনি আৰু ভাটি লেচেৰা আদি গাঁওলৈ যাতায়তৰ একমাত্ৰ পথ হিচাবে চহা নাগৰিকে যুগ যুগ ধৰি ব্যৱহাৰ কৰি আহিছে কঢ়া বান্ধলৈ যোৱা পথটো। খজুৱা-সোণাৰী চাপৰি লোকনিৰ্মাণ পথৰ মাজ জালভাৰী অংশৰ পৰা কঢ়া নদীৰ মথাউৰী সংযুক্ত হোৱা এই গুৰুত্বপূৰ্ণ পথটো যোৱা ১৯৯৬ চনৰ পৰা বিধ্বস্ত আৰু জৰাজীৰ্ণ হৈ পৰি আহিছে।
অঞ্চলবাসী কৃষক ৰাইজৰ সমূহীয়া মেৰুদণ্ড স্বৰূপ এই পথটোৰ লগতে দলং নিৰ্মাণৰ বাবে গঞা কৃষিজীৱী ৰাইজে বহুবাৰ বিধায়ক নৱ দলেক স্মাৰক পত্ৰ, আবেদন পত্ৰ দি আহিছিল। দৈনিক এই পথৰ ওপৰেদি একাঠু এবুকু পানীৰে কৃষক ৰাইজ কৃষি ভূমিলৈ যাতায়ত কৰি ভোগী অহা নৰক যন্ত্ৰণা তিলমানো উপলব্ধি কৰিবলৈ আগ্ৰহ নকৰা বিধায়ক দলেৰ উদাসীন ভূমিকাৰ বাবেই পথটো যাতায়তৰ সুচল হৈ নুঠিল। পৰিণতিত বছৰ বছৰ ধৰি খেতিৰ সময়ত দহোবন কাতি কৰি মাজ জালভাৰী গাঁওবাসী চহাই সমগ্ৰ পথচোৱাৰ লগতে এখন দলং ৰাইজৰ শ্ৰম দানেৰে নিজা প্ৰচেষ্টাত নিৰ্মাণ কৰি আহিছে ।
আধুনিক ঢকুৱাখনা নিৰ্মাণৰ খনিকৰ বুলি ডাংকোপ মাৰি অহা এইগৰাকী বিধায়কৰ এইক্ষেত্ৰত নিষ্কর্মা নীতিক প্ৰত্যাহ্বান জনাই বিগত সময়ৰ দৰে এইবাৰো এইখন গাঁৱৰ ৰাইজে যোৱা প্ৰায় ১০ টা দিন সমূহীয়া শ্ৰমদান কৰি, কৃষকসকলে দান সূত্ৰে আগবঢ়োৱা বনজ সম্পদ, নিৰ্মাণ সামগ্রী আৰু অৰ্থানুদানৰ ব্যৱহাৰ কৰি শুকুৰবাৰে এটা প্ৰায় ৬০০ মিটাৰ দৈৰ্ঘ্যৰ সুচল যাতায়ত পথ নিৰ্মাণ কৰি উলিওৱাৰ লগতে এখন প্ৰায় ১৫ মিটাৰ দৈৰ্ঘৰ বাঁহৰ দলঙৰো নিৰ্মাণ সম্পূৰ্ণ কৰে ।
বিগত ১০টা দিন ধৰি পুৱাৰ পৰা বিয়লি লৈকে একঁকাল পানীত, বৰষুণত তিতি বুৰি গাঁৱখনৰ যুৱক, পুৰুষ বৃদ্ধ ৰাইজে হাতে কামে লাগি সমগ্ৰ বিধ্বস্ত পথটো মাটিৰে সবল আৰু ওখকৈ নিৰ্মাণ কৰি যান-বাহনৰ চলাচলৰ উপযোগী কৰি তোলাৰ লগতে এখন মজবুত বাঁহৰ দলঙও নিৰ্মাণ কৰি বিধায়ক গৰাকীৰ অকমন্যতাৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে। শুকুৰবাৰে গাঁৱখনৰ এই বিধ্বস্ত পথ-দলং নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ পাছত বিয়লি গাঁৱখনৰ বয়স্ক নাগৰিক তথা গাঁও উন্নয়ন সমিতিৰ সভাপতি ভবেন কলিতাই ফিটা কাটি কৃষক নিৰ্মিত পথতো যাতায়তৰ বাবে শুভ উদ্বোধন কৰে।
যিসময়ত গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগ্ৰাধিকাৰ দিছে তেনে সময়তে কৃষক ৰাইজৰ ব্যৱহৃত এটা গুৰুত্বপূৰ্ণ পথ নিৰ্মাণলৈ পিঠি দি প্ৰৱঞ্চনাৰ ৰাজনীতি কৰি অহাৰ বাবেই সমষ্টিবাসী ৰাইজৰ পৰা বৰ্জিত হ'ব লগা হৈছে ঢকুৱাখনাৰ তথাকথিত সফল বিধায়ক নৱ দলে ।