ডিজিটেল সংবাদ,ধেমাজিঃ খিলঞ্জীয়া নাথযোগী সকলৰ সৰ্বাঙ্গীণ উন্নয়ন আৰু ভৱিষ্যত নিৰাপত্তাৰ বাবে কেইবাটাও দাবী উত্থাপন কৰি শুকুৰবাৰে ধেমাজীত অসম প্ৰাদেশিক যোগী সন্মিলনীয়ে ৮ ঘন্টীয়া প্ৰতীক অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। দাবীসমূহ ক্ৰমে নাথযোগী স্বায়ত্বশাসিত উপগ্ৰহীয় পৰিষদ গঠন কৰা, ১৯৯৮ চনৰ ১৯ ছেপ্তেম্বৰত অসমৰ খিলঞ্জীয়া নাথ যোগী সকলক সংৰক্ষিত শ্ৰেণীত অৰ্ন্তৰ্ভক্ত কৰি অসম চৰকাৰে জাৰি কৰা অধিসূচনাখন অসম বিধান সভাত অধ্যাদেশ হিচাপে অনুমোদন জনাই শীঘ্ৰে আইনলৈ ৰূপান্তৰিত কৰি অসমৰ অন্যতম ভূমিপুত্ৰ নাথযোগী সকলক সাংবিধানিক সুৰক্ষা কৱচ প্ৰদান কৰিবলৈ দাবী জনায়।
ইয়াৰোপৰি অসমৰ প্ৰতিখন স্বায়ত্বশাসিত পৰিষদত অসম চৰকাৰৰ ফালৰ পৰা কমপক্ষেও এজনকৈ নাথযোগী মনোনীত সদস্য অন্তৰ্ভুক্ত কৰা ,অসম চৰকাৰৰ অধীনস্থ নিকায়,নিগম আদি প্ৰতিষ্ঠান সমূহৰ অধ্যক্ষৰ পদত নাথযোগী সকলৰো উপযুক্ত ব্যক্তিক নিযুক্তি দিয়া ব্যৱস্থা কৰা,অসমৰ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহত নাথযোগী ছাত্ৰ-ছাত্ৰীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা, ৰাজ্যৰ চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত নাথযোগী প্ৰাৰ্থীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈয়ো দাবী জনায়।
উল্লেখ্যযোগ্য যে, মৰিগাঁও ,দৰং,গোৱালপৰা,মাজুলী,ধুবুৰী আৰু কৰিমগঞ্জ জিলাত একোটাকৈ নাথযোগী সাংস্কৃতিক প্ৰকল্প স্থাপন কৰাকে ধৰি মুঠ ১১ টা সমস্যা সমাধানৰ দাবীত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সৌজন্যত অনশন কৰে। ধেমাজি জিলা যোগী সন্মিলনী, নাথ যোগী মহিলা সন্মিলনী,নাথ যোগী স্বায়ত্ব শাসিত পৰিষদ (উপগ্ৰহীয়) দাবী সমিতি অসম আৰু নাথ যোগী যুৱ পৰিষদৰ সহযোগত শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজাৰলৈকে জিলা কাছাৰী ময়দানৰ সন্মুখত প্ৰতিবাদকাৰী সকলে প্ৰতীক অনশন কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷
জিলাখনৰ গোগামুখৰ পৰা জোনাইলৈকে সিচৰিত হৈ থকা জনগোষ্ঠীটোৰ প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে'কাৰ্ড লৈ অনশনত অংশ লয় ৷ কাৰ্য্যসূচীৰ অন্তত ধেমাজি জিলা নাথ যোগী সন্মিলনী সভাপতি,সম্পাদক কুশল নাথ আৰু সজল কুমাৰ নাথ,জিলা যোগী মহিলা সন্মিলনী সভানেত্ৰী,সম্পাদিকা জয়ন্তী নাথ আৰু পুদুমী নাথ, ধেমাজি জিলা নাথ যোগী স্বায়ত্ব শাসিত পৰিষদ (উপগ্ৰহীয়) দাবী সমিতিৰ সভাপতি, সম্পাদক ৰসিক চন্দ্ৰ নাথ আৰু প্ৰণৱ নাথৰ দ্বাৰা স্বাক্ষৰিত এখনি ১১দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ ধেমাজি জিলাৰ আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷
Also Read: বৰহোলা মহাবিদ্যালয়ত পৰীক্ষাৰ নামত মাচুল সংগ্ৰহ কৰি শিক্ষাৰ্থীৰ ৰোষত অধ্যক্ষা