অসম ৰাজ্যিক বাঁহ মিছনৰ ধেমাজিত এদিনীয়া কৰ্মশালা ও সজাগতা সভা সম্পন্ন...

অসম ৰাজ্যিক বাঁহ মিছনৰ ধেমাজিত এদিনীয়া কৰ্মশালা ও সজাগতা সভা সম্পন্ন...
অসম ৰাজ্যিক বাঁহ মিছনৰ ধেমাজিত এদিনীয়া কৰ্মশালা ও সজাগতা সভা সম্পন্ন...
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজিঃ বাঁহৰ গছক প্ৰযুক্তিৰ প্ৰয়োগেৰে ইয়াৰ পৰা ন ন নিত্য ব্যৱহাৰ্য সামগ্ৰী প্ৰস্তুত কৰিব পাৰি ৷ বৰ্তমান বাহঁৰ প্ৰস্তুত কৰা সামগ্ৰী বিদেশতো সমাদৃত হৈছে ৷ সেয়ে বাঁহৰ পৰা সম্ভাৱনাময় উদ্যোগ গঢ় লোৱাৰ সম্পৰ্কত মঙ্গলবাৰে ধেমাজি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত অসম ৰাজ্যিক বাঁহ মিছনৰ সমৰ্থনত আৰু কাঠ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান বেংগালু আৰু কলকাতাৰ সহযোগত ধেমাজি নগৰৰ সমীপৰ ভৰালীচুকত স্বাগত হোটেলৰ সভাকক্ষত এখন এদিনীযাকৈ জিলা পৰ্যায়ৰ কৰ্মশালা আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷

জিলাখনৰ ৭০ৰৰো অধিক শিক্ষিত নিবনুৱা আৰু ক্ষুদ্ৰ ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰা কৰ্মশালা আৰু সজাগতা সভাখনি শুভাৰম্ভণি কৰে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে৷ সজাগতা সভাত অতিথি হিচাপে উপস্থিত থাকে অসম ৰাজ্যিক বাঁহ মিছনৰ উপ- সঞ্চালক মধুস্মৃতা খাউণ্ড, ধেমাজি জিলা অতিৰিক্ত আয়ুক্ত ঋতুপল্লৱ বৰুৱা, ধেমাজি জিলা উদ্যোগ আৰু বানিজ্য কেন্দ্ৰৰ জেনেৰেল মেনেজাৰ হীৰেন তালুকদাৰে।

কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মিছনৰ মুখ্য বিষয়া অমিতাভ ৰিতেশ কুমাৰ ডেভিদ ৷ এই কৰ্মশালাৰ জৰিয়তে সমল বক্তি সকলে বাঁহ ভিত্তিক বিভিন্ন সামগ্ৰী, বাঁহ প্ৰক্ৰিয়াকৰন আৰু সামগ্ৰী নিৰ্মাণৰ শেহতীয়া প্ৰযুক্তি, বাঁহৰ জুতি,সংৰক্ষণৰ কৌশল, বাঁহৰ টাইলছ ,মেটবৰ্ড,বাঁহৰ কাঠ, কয়লা,ব্ৰিকে ,বাঁহৰ পলিমাৰ কম্পোজিত ইত্যাদি বিভিন্ন সামগ্ৰী আৰু পৰিৱেশ অনুকূল আৱাসত বাঁহৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰে ৷

অসম ৰাজ্যিক বাঁহ মিছনৰ ধেমাজিত এদিনীয়া কৰ্মশালা ও সজাগতা সভা সম্পন্ন...
ভৰিৰেই লিখি উত্তীৰ্ণ হ'ল উচ্চতৰ মাধ্যমিকঃ অৰ্থৰ অভাৱত বঞ্চিত উচ্চ শিক্ষাৰ পৰা, মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিলে সাহয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in