ডিজিটেল সংবাদ, ধেমাজি: সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধেমাজি আঞ্চলিক ছাত্ৰ সন্থা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত যোৱা ২৬ অক্টোবৰৰ পৰা ধেমাজি কাছাৰী ময়দানত চলি থকা তৃতীয় গ্ৰন্থ উৎসৱৰ শনিবাৰে অষ্টম দিনাও উখল-মাখল পৰিবেশ ধেমাজি কাছাৰী ময়দানত৷ শনিবাৰে অষ্টম দিনৰ কাৰ্যসূচীৰ পুৱা ১১ বজাত ধেমাজি কিৰন একাডেমী চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰীসকলে অনুষ্ঠিত কৰা সমবেত সংগীতৰে শুভাৰম্ভ কৰা কাৰ্যসূচীৰ পিছতেই সদৌ অসম ভিত্তিত আন্তঃ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা হয় ৷
হাইস্কুলৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়লৈকে মুঠ ৩৮ খন শিক্ষানুষ্ঠানৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কুইজ প্ৰতিযোগিতাখনি উদ্বোধন কৰে ধেমাজি জিলাৰ অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকনে ৷ উদ্বোধনী ভাষণত জিলা অতিৰিক্ত আয়ুক্তগৰাকীয়ে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জনাই জ্ঞান অন্বেষণৰ যাত্ৰা অনাগত দিনত অব্যাহত ৰখাৰ আশা প্ৰকাশ কৰে ৷
গ্ৰন্থ বিক্ৰীৰ প্ৰসংগক লৈ অতিৰিক্ত উপায়ুক্তই বক্তব্যত কয় যে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে থকা শিক্ষানুষ্ঠানসমূহৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলে কিমান জনে প্ৰকৃততে গ্ৰন্থ অধ্যয়ন কৰে ইয়ো এক মন কৰিবলগীয়া বিষয় ৷ বক্তব্যত তেওঁ নৱপ্ৰজন্মৰ একাংশই গ্ৰন্থ বা কিতাপ পঢ়া আওকাণ কৰি মোবাইল, ফেচবুক বা ইণ্টাৰনেটৰ প্ৰতি বেছিকৈ ধাৱমান হোৱা প্ৰসংগৰ বিষয়ে উল্লেখ কৰে ৷
বক্তব্যত তেওঁ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি অধ্যয়ন বিমুখ জাতি এটা কেতিয়াও শক্তিশালী ৰূপত আত্ম প্ৰকাশ কৰিব নোৱাৰে বুলি উল্লেখ কৰি সামাজিক, সাংস্কৃতিক, বৌদ্ধিক , ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত উজ্জ্বলি উঠিবলৈ হ'লে অধ্যয়নৰ বাদে আমাৰ হাতত গত্যন্তৰ নাই বুলি মতপোষণ কৰে৷
সভাৰ শুভাৰম্ভণিৰ আগে মৰিধল মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড° জয়ন্ত দত্তই উপস্থিত সকলো অতিথিকে আদৰণি জনাই চমু বক্তব্য ৰাখে ৷ কুইজ মাষ্টাৰদ্বয় তথা ধেমাজি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক দিগন্ত হাজৰিকা আৰু ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° আতাউৰ ৰহমানৰ তত্বাৱধানত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে গুৱাহাটীৰ এছ বি ডেওৰা মহাবিদ্যালয়ৰ ছাত্ৰদ্বয় শক্তিমান পেগু আৰু পাৰ্থপ্ৰতিম ভৰলুৱাই ৷
দ্বিতীয় স্থান লাভ কৰে ধেমাজি মহাবিদ্যালয়ৰ অৰিয় কল্প ভট্টাচাৰ্য আৰু অংকুৰ সোনোৱালে ৷ তৃতীয় স্থান লাভ কৰে ধেমাজি ডাইট( DIET)ৰ বিদ্যা বৰা আৰু ময়ুৰকৃষ্ণ চাংমাইয়ে ৷
বিয়লি ৩.৩০ বজাত ব্যক্তিত্ব আৰু নেতৃত্ব বিকাশ সম্পৰ্কে এখনি কৰ্মশালা অনুষ্ঠিত হয়৷ কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ সহযোগী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোঁহাই আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি অভিৱৰ্তন গোস্বামীয়ে ৷ সমল ব্যক্তি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁইয়ে বক্তব্যত ছাত্ৰ-ছাত্ৰীসকলে জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত জানিব লগা কিছু কথা সাৱলীলভাৱে নিজৰ অভিজ্ঞতাৰে বক্ত কৰে ৷
একেদৰে অন্য গৰাকী সমল ব্যক্তি তথা সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি অভিৱৰ্তন গোস্বামীয়েও নিজৰ ছাত্ৰ জীৱনৰ সাংগাঠনিক অভিজ্ঞতাৰে পোৱা দিশসমূহ অৱতাৰণা কৰে ৷ অনুষ্ঠানত ৰবীন কুলিয়ে লিখা “ভাল ছাত্ৰ হ'ব নোৱাৰিলোঁ প্ৰশ্নৰ পৰা প্ৰজ্ঞালৈ” নামৰ গ্ৰন্থখনি উন্মোচন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট কণ্ঠশিল্পী ড° বনজিত ভট্টই ৷
সন্ধিয়া ৮ বজাত নৱৰূপ সংঘ, কলিতা গাওঁ বৰদলনিৰ পৰিৱেশনত “একলব্যৰ গুৰুদক্ষিণা” ভাওনা প্ৰদৰ্শন হয় ৷ সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক বিতোপন শৰ্মাই ৷
Also Read: পৌৰ নিগমে ছীল কৰিলে জু-ৰোডৰ গ্ৰীল্ড পাণ্ডাঃ খাদ্যৰ নামত বিক্ৰী কৰিছিল অখাদ্য!