ধেমাজি গ্ৰন্থ উৎসৱ: চতুৰ্থ দিনাও উখল-মাখল পৰিৱেশ কাছাৰী ময়দানত...

ধেমাজি জিলা সাহিত্য সভাৰ লেখক সমাৰোহ, আৰু বিজ্ঞান সমাৰোহ, প্রদর্শনী আৰু প্রতিযোগিতা সম্পন্ন

author-image
Asomiya Pratidin
New Update
ধেমাজি গ্ৰন্থ উৎসৱ: চতুৰ্থ দিনাও উখল-মাখল পৰিৱেশ কাছাৰী ময়দানত...

ধেমাজি গ্ৰন্থ উৎসৱ: চতুৰ্থ দিনাও উখল-মাখল পৰিৱেশ কাছাৰী ময়দানত...

ডিজিটেল সংবাদ,ধেমাজি: সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধেমাজি আঞ্চলিক ছাত্ৰ সন্থা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত যোৱা ২৬ অক্টোবৰৰ পৰা ধেমাজি কাছাৰী ময়দানত চলি থকা তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱৰ চতুৰ্থ দিনাও উখল-মাখল পৰিৱেশৰ সূচনা হৈছে৷ মঙ্গলবাৰে চতুৰ্থ দিনৰ প্ৰথম কাৰ্যসূচীত অসম বিজ্ঞান সমিতি ধেমাজি শাখাৰ তত্বাৱধানত এখন বিজ্ঞান সমাৰোহ, প্রদর্শনী আৰু প্রতিযোগিতা অনুষ্ঠিত হৈ যায় ৷

অসম বিজ্ঞান সমিতি ধেমাজি শাখাৰ সভাপতি লাৱণ্য লাহন চুতীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা বিজ্ঞান সমাৰোহৰ উদ্বোধন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুধিন্দ্ৰ বৰুৱাই ৷ উক্ত বিজ্ঞান সমাৰোহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° সুৰজিৎ বৰকটকী, মেগামিক্স প্রকৃতি সংঘৰ পৰিৱেশ মিত্র দেৱজিৎ ফুকন, অসম বিজ্ঞান সমিতিৰ সভাপতি ড° ধীৰেশ্বৰ কলিতা, অসম বিজ্ঞান সমিতিৰ প্রধান সচিব মৃণাল হাজৰিকাই আলোচক হিচাপে অংশগ্ৰহণ কৰে।

ইফালে বিয়লিলৈ ধেমাজি জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ কুমাৰ গগৈৰ সঞ্চালনাত অনুষ্ঠিত হোৱা “মই কিয় লিখো“ শীৰ্ষক লেখক সমাৰোহৰ উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সদস্য নন্দেশ্বৰ বৰগোঁহাইয়ে৷ ধেমাজি জিলা সাহিত্য সভাৰ সম্পাদক প্ৰেমানন্দ তালুকদাৰে আতঁ ধৰা জিলা সাহিত্য সভাৰ লেখক সমাৰোহত ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনীতা চৌধুৰী গাৰোডিয়া, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সদস্য প্ৰশান্ত ভাগৱতী, কুঁহি উপ-সমিতিৰ কাৰ্যকৰী সভাপতি উষা বৰগোহাঁই, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰঞ্জিত গগৈ, ধেমাজিৰ বিশিষ্ট লেখক, সাহিত্যিক তথা শিক্ষাবিদ নিবেদিতা বড়া সন্দিকৈ, অসম সাহিত্য সভাৰ কাৰ্য্যনিবাহক সভাৰ মনোনীত সদস্য দিপক ভৰালী আৰু অসম সাহিত্য সভাৰ ডিজিটেল উপ- সমিতিৰ আহবায়ক ৰনজিৎ চিৰিঙে ৷

ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ কুমাৰ গগৈৰ সঞ্চালনাত অনুষ্ঠিত হোৱা লেখক সমাৰোহত তিনিখন গ্ৰন্থ ক্ৰমে “মেটামৰফছিছ“, “সঞ্জীৱনী“, “বহুব্ৰীহি“ উন্মোচন কৰা হয় ৷ প্ৰথমে শিশু সাহিত্যিক তথা মাদাৰ্চ প্ৰাইড স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী ধৃতিদীপা দত্তৰ 'মেটামৰফছিছ' নামৰ উপন্যাসখন উন্মোচন কৰে ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপ্ত অৱসৰপ্ৰাপ্ত অধ্যক্ষা বিনীতা চৌধুৰী গাৰোডিয়াই ৷

ইয়াৰ পাছতেই ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ কুমাৰ গগৈৰ অষ্টমখন গ্ৰন্থ “বহুব্ৰীহি“ উন্মোচন কৰে ধেমাজিৰ বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক পেঞ্চনাৰ বগেন গগৈয়ে ৷ তৃতীয়খন গ্ৰন্থ মৰিঢ়ল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পুৰ্নিমা ফুকনৰ “সঞ্জীৱনী'' উন্মোচন কৰে ধেমাজিৰ বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ নিবেদিতা বড়া সন্দিকৈয়ে ৷

ধেমাজি জিলা সাহিত্য সভাৰ উদ্যোগত “মই কিয় লিখো“ শীৰ্ষক লেখক সমাৰোহত ধেমাজি জিলা সাহিত্য সভাৰ অন্তৰ্গত ২৭ খন শাখা সাহিত্য সভাৰ সভাপতি, সম্পাদকৰ লগতে দুই শতাধিক লেখক আৰু লেখিকাই অংশগ্ৰহণ কৰে ৷ সন্ধিয়া ৫.০০ বজাত ধেমাজি জিলাৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিচিত্রানুষ্ঠান অনুষ্ঠিত হয়৷

Also Read: গুৱাহাটী পালেহি মহাপ্ৰৱঞ্চক দীপাংকৰ: পাণ বজাৰ আৰক্ষী থানা নতুন ঠিকনা

ধেমাজি গ্ৰন্থ উৎসৱ কছাৰী ময়দান