ধেমাজিৰ চিমেন চাপৰিত ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধ ৰাইজ, ল'লে কেইবাটাও সিদ্ধান্ত...

চিমেন চাপৰিত ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধ ৰাইজ। ড্ৰাগছৰ প্ৰচলন বৃদ্ধিকলৈ উদ্বিগ্ন ৰাইজ।

author-image
Asomiya Pratidin
New Update
ধেমাজিৰ চিমেন চাপৰিত ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধ ৰাইজ, ল'লে কেইবাটাও সিদ্ধান্ত...

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজিত দিনক দিনে বৃদ্ধি পাবলৈ ধৰা ড্ৰাগছৰ প্ৰচলনৰ বাবে চিন্তিত হৈ পৰিছে সচেতন সমাজ। যাৰ বাবে শনিবাৰে ধেমাজি জিলাৰ চিমেন চাপৰি শেনছোৱা গাঁৱৰ যদুমণি প্ৰাথমিক বিদ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। চমকং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰজিৎ ৰায়চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই আহ্বায়ক চিমেন চাপৰি বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজীৱ সন্দিকৈয়ে।

সভাত উপস্থিত থাকি চিমেন চাপৰি গাওঁ পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰে কয়, চিমেন চাপৰিত শেহতীয়াকৈ ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাবলৈ ধৰাটো অতি দুৰ্ভাগ্যজনক। বৰবিহ স্বৰূপ ড্ৰাগছৰ ব্যৱহাৰৰ ফলত যুৱ প্ৰজন্মৰ মাজত ভয়ঙ্কৰ পৰিৱেশে বিৰাজ কৰিছে বুলি উনুকিয়াই। সকলোৱে ঐক্যবদ্ধ প্ৰচেষ্টাৰে ড্ৰাগছৰ লগতে সমাজবিৰোধী চক্ৰৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিব লাগিব বুলি বক্তব্য আগবঢ়ায়।

ড্ৰাগছ বিৰোধী সমন্বয় সমিতিৰ সভাপতি প্ৰৱণ কুমাৰ সন্দিকৈয়ে গাওঁৰক্ষী বাহিনীৰ জন্ম বৃত্তান্ত, দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত বক্তব্য ৰাখি সমাজখনৰ সুৰক্ষা, নিৰাপত্তা আৰু সৰ্বাঙ্গীণ উন্নয়নৰ বাবে গাঁওৰক্ষী বাহিনীৰ বহুত কৰণীয় আছে বুলি কৈ এইক্ষেত্ৰত আৰক্ষীৰ সৈতে অহৰহ সমন্বয় ৰক্ষা কৰি চলাই থকা প্ৰয়োজন বুলি ভাষণ দাঙি ধৰে।

সভাত পশ্চিম চিমেন চাপৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল বেজবৰুৱা, ড্ৰাগছ বিৰোধী সমন্বয় সমিতিৰ সাধাৰণ সম্পাদক ৰজনী সন্দিকৈয়ে যুৱ চামৰ মাজত অবাধ প্ৰচলন হ'বলৈ ধৰা ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু সেৱনকাৰী সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়। এখন সুস্থ সমাজ গঢ় দিবলৈ সমাজৰ প্ৰত্যেকেই বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি বক্তব্য আগবঢ়ায় ।

আনহাতে চিমেন চাপৰি আৰক্ষী থানাৰ সহ পৰিদৰ্শক জীতেন্দ্ৰ চহৰীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক কুলধৰ গগৈ, চিমেন চাপৰি আঞ্চলিক গাওঁৰক্ষী বাহিনীৰ সভাপতি কেশৱ চাংমাই, শিক্ষক সিদ্ধাৰ্থ উপাধ্যায়, যুৱ সমাজকৰ্মী মুনিন শইকীয়া প্ৰমুখ্যে কেইবাজনো স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সভাতে দিগন্ত গগৈক সভাপতি, ধৰ্মেন্দ্ৰ পাঠকক সম্পাদক, মুনিন শইকীয়াক নায়ক হিচাপে লৈ ২৫ জনীয়া কৈ ৩ নং চিমেন চাপৰি গাঁওৰক্ষী বাহিনী গঠন কৰা হয়।

সভাই নৱগঠিত ৩ নং চিমেন চাপৰি গাঁওৰক্ষী বাহিনীখন আজিৰ পৰাই কাৰ্যকৰী হোৱাকৈ দায়িত্ব গ্ৰহণ কৰা, নিশা ভাগত ৩ নং চিমেন চাপৰি এলেকাত প্ৰৱেশ কৰাৰ সময় নিৰ্ধাৰণ কৰা আৰু এলেকাৰ পথত ফলক আৰি দিয়া, চিমেন চাপৰিত কিছুদিনৰ পৰা চলি থকা ড্ৰাগছ আৰু অসামাজিক কামকাজৰ বিৰুদ্ধে নৱ গঠিত গাঁওৰক্ষী বাহিনীখনে চোকা নজৰ ৰখা আদি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।

Also Read: ছপা শিল্পী অজিত শীল আৰু নৃত্য শিল্পী গোপাল কৃষ্ণ গোস্বামীলৈ বিষ্ণু ৰাভা বঁটা...

GOVT OF ASSAM