ডিজিটেল সংবাদ, ধেমাজি: সমগ্ৰ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহে বিভিন্ন ঠাইত যোৱা ৩ নৱেম্বৰৰ পৰা ভাষা গৌৰৱ সপ্তাহ পালন কৰিছে আৰু ইয়াৰ অংশ হিচাপে মঙ্গলবাৰে ধেমাজি চিটি মহাবিদ্যালয়ত এটা ভাষা বিকাশ কেন্দ্ৰ উদ্বোধন কৰাৰ লগতে “অসমীয়া ভাষাৰ ব্যৱহাৰিক প্ৰয়োগ” শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত কৰে ৷
ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে অনুষ্ঠানটো শুভ উদ্বোধন কৰি ধেমাজি চিটি মহাবিদ্যালয়ৰ ভাষা বিকাশ কেন্দ্ৰই স্থানীয় লোকসকলৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কথিত আৰু লিখিত ভাষাৰ প্ৰায়োগিক দিশটোৰ গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ মহাবিদ্যালয়ৰ ছাত্ৰী বেবী দিহিঙীয়াৰ এটি ভূপেন্দ্ৰ সংগীতৰে আৰম্ভ কৰা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে মৰিধল মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড° কবিতা গগৈয়ে ৷
সমল ব্যক্তি ড° গগৈয়ে “অসমীয়া ভাষাৰ ব্যৱহাৰিক প্ৰয়োগ” সন্দৰ্ভত অসমীয়া ভাষাৰ ইতিহাস, সঠিক উচ্চাৰণ আৰু বৰ্তমান যুৱ প্ৰজন্মৰ মাজত সততে হৈ থকা কেতবোৰ “ভুল”ৰ কথা আলোকপাত কৰি কথিত আৰু লিখিত ভাষাবোৰ শুদ্ধ ৰূপত উপস্থাপন কৰিলেহে ভাষাটোৰ মৰ্যাদা বৰ্তি থাকিব বুলি কয় ৷
প্ৰসংগত তেওঁ অসমীয়া ভাষাৰ উপৰিও অন্যান্য জনজাতীয় ভাষাসমূহৰ উন্নীতকৰণৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷ কৰ্মশালাত অংশগ্ৰহণ কৰা ধেমাজি বালিকা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ চক্ৰৱৰ্তী বৰগোহাঁয়ে ভাষাৰ বিকাশ কেন্দ্ৰৰ প্ৰয়োজনীয়তা আৰু অসমীয়া ভাষাৰ পৰিৱৰ্তন আৰু পৰিৱৰ্ধন সন্দৰ্ভত আলোকপাত কৰি চিটি মহাবিদ্যালয়ৰ প্ৰচেষ্টাক শলাগ লয় ৷
অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° দীপক বৰগোহাঁই, ধেমাজি জিলা সাংবাদিক সংস্থাৰ সম্পাদক জীৱন কোঁৱৰ, ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, সাংবাদিকদ্বয় বিজন শৰ্মা আৰু হৰেন্দ্ৰ নাথ শৰ্মাকে ধৰি চিটি মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী, ভালে সংখ্যক ছাত্ৰ-ছাত্ৰীৰ উপৰি নিকটৱৰ্তী ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধেমাজি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ৷