ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত আৰু ধেমাজি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত দেওবাৰে ধেমাজি মহাবিদ্যালয়ত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। অসমৰ অন্যতম কেৰিয়াৰ পৰামৰ্শমদাতা তথা অসম ডনবস্ক' বিশ্ববিদ্যালয় স্কুল অৱ টেকন'লজীৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁইৰে সৈতে ছাত্ৰ -ছাত্ৰী সকলৰ মাজত কেৰিয়াৰ সম্পৰ্কীয় এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় ৷
ধেমাজি জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক জীৱন কোৱঁৰে আতঁ ধৰা মত-বিনিময় অনুষ্ঠানত আৰম্ভণিতে ধেমাজি মহাবিদ্যালয় পৰিয়ালবৰ্ষ আৰু জিলা সাংবাদিক সংস্থাৰ কৰ্মকৰ্তা সকলে কেৰিয়াৰ পৰামৰ্শমদাতা ড° বুলজিৎ বুঢ়াগোহাঁইক ফুলাম গামোছাৰে আদৰণি জনায় ৷ তেওঁ কয় যে বিজ্ঞান ,কলা অথবা বানিজ্য যি কোনো শাখাৰ পাঠ্যক্ৰমতে ভালদৰে উৰ্ত্তীৰ্ণ হৈ নিজৰ দক্ষতা প্ৰকাশ কৰিব পাৰিলে যি কোনো বিভাগতে নিজৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ সুবিধা হয় ৷
ছাত্ৰ-ছাত্ৰী অথবা শিক্ষাৰ্থী সকলে নিজৰ ব্যক্তিত্বৰ সৈতে মিলাব পৰাকৈ কেৰিয়াৰ নিৰ্বাচন কৰি ল'ব পাৰে তেতিয়া কোনো ক্ষেত্ৰতে আগুৱাই যাবলৈ কেতিয়াও অসুবিধা নহয় বুলি তেওঁ মন্তব্য কৰে ৷ এই ক্ষেত্ৰত শিক্ষাৰ্থীজনে নিজে ভাল পোৱা বিষয় অথবা পাৰদৰ্শিতা অনুসৰি কোনটো কেৰিয়াৰ নিৰ্বাচন কৰিলে ভাল হ'ব সেই সম্পৰ্কে প্ৰয়োজন সাপেক্ষে তেওঁ কেৰিয়াৰ পৰামৰ্শমদাতা সহায়ো ল'ব পাৰে বুলিও তেওঁ মত প্ৰকাশ কৰে।
ইয়াৰোপৰি ৰাজ্যিক ,ৰাষ্ট্ৰীয় , আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বাতৰি কাকত আৰু আলোচনী আদি পঢ়াৰ গুৰুত্বৰ বিষয়েও অৱগত কৰে ৷ অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে চিকিৎসাৰ ,প্ৰশাসনিক বিষয়া , স্কুল ,কলেজৰ শিক্ষক , উদ্যোগিক,ইঞ্জিনীয়াৰিং , ভাৰতীয় সেনাবাহিনী ,আৰক্ষী বিভাগৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা সাক্ষাৎকাৰবোৰৰ সাধাৰণ জ্ঞানৰ সম্পৰ্কে মত-বিনিময় কৰে ৷
অনুষ্ঠানত ধেমাজি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক দ্বয় দিগন্ত হাজৰিকা আৰু ড° পূৰ্বজ্যোতি শইকীয়া , ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ আৰু ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা উপস্থিত থাকে ৷
Also Read: সদৌ ধুবুৰী জিলা সত্ৰ মহাসভাৰ বৰ্দ্ধিত সাধাৰণ সভা সম্পন্ন