স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ধেমাজিত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী...

জিলা আয়ুক্তৰ জৰিয়তে অসম চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰদান...
স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ধেমাজিত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী...
Published on
Updated on

ডিজিটেল সংবাদ,ধেমাজি: বুধবাৰে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ধেমাজিত প্ৰতিবাদ সাব্যস্ত কৰে জিলা কংগ্ৰেছ কমিটিয়ে। স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধ কৰা,স্মাৰ্ট মিটাৰৰ জৰিয়তে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি ৰাইজক লুণ্ঠন চলোৱাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই একাংশ কৰ্মীয়ে হাতে-হাতে বেনাৰ,পোষ্টাৰ,প্লেৰ্কাড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

বিদ্যুৎ বিভাগ হায় হায়,ৰাহুল গান্ধী জিন্দাবাদ,ভূপেন বৰা জিন্দাবাদ,জনসাধাৰণক নিয়মিত বিদ্যুৎ সেৱা যোগান ধৰক,বিদ্যুৎ বিভাগ কাম নাই,স্মাৰ্ট মিটাৰ বন্ধ কৰক ইত্যাদি শ্ল'গানেৰে প্ৰতিবাদকাৰীয়ে ৰাজপথ উত্তাল কৰি তোলে।

ধেমাজি লিলি চিনেমা হ'লৰ সন্মুখৰ পৰা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰে প্ৰতিবাদ কৰি আহি প্ৰতিবাদকাৰী সকল ধেমাজি বিদ্যুৎ সংমণ্ডলৰ কাৰ্য্যালয়ৰ চৌহদত প্ৰৱেশ কৰে। উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ শৈলেন সোনোৱাল আৰু কোষাধ্যক্ষ ডাঃ হেম হৰি প্ৰসন্ন পেগু উপস্থিত থকা কাৰ্য্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি ভাস্কৰ দুৱৰাৰ স্বাক্ষৰিত চাৰি দফীয়া এখনি স্মাৰকপত্ৰ দণ্ডাধীশৰ জৰিয়তে অসম চৰকাৰলৈ প্ৰেৰণ কৰে৷

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ধেমাজিত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী...
বৰহোলা মহাবিদ্যালয়ৰ বিত্তীয় অনিয়মৰ বিৰুদ্ধে ৩ জাতীয় সংগঠনৰ ৰাইজ মেল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in