জীয়াঢলৰ মথাউৰি পৰিদৰ্শন উপায়ুক্তৰঃ শীঘ্ৰেই নিৰ্মাণ সম্পূৰ্ণ কৰা নিৰ্দেশ...

জীয়াঢলৰ মথাউৰি পৰিদৰ্শন উপায়ুক্তৰঃ শীঘ্ৰেই নিৰ্মাণ সম্পূৰ্ণ কৰা নিৰ্দেশ...

author-image
Asomiya Pratidin
New Update
জীয়াঢলৰ মথাউৰি পৰিদৰ্শন উপায়ুক্তৰঃ শীঘ্ৰেই নিৰ্মাণ সম্পূৰ্ণ কৰা নিৰ্দেশ...

জীয়াঢলৰ মথাউৰি পৰিদৰ্শন উপায়ুক্তৰঃ শীঘ্ৰেই নিৰ্মাণ সম্পূৰ্ণ কৰা নিৰ্দেশ...

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজিৰ চকুলো জীয়াঢল নদীৰ বানে প্ৰত্যেক বছৰেই অঞ্চলবাসী ৰাইজক জ্বলা কলা খোৱাই অহাটো কোনো নতুন কথা নহয় ৷ বিগত বৰ্ষৰ মাৰ্চ মাহৰ পৰাই বানৰ তাণ্ডব হৈছিল যদিও এইবাৰ কিন্ত জুন মাহ পৰ্যন্ত তেনে পৰিৱেশৰ সূচনা হোৱা নাই।

দেওবাৰে জিলা উপায়ুক্ত অংকুৰ ভৰালীয়ে চমৰাজানৰ জীয়াঢল আৰু কুমতীয়া নদীৰ মথাউৰি পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয়। বিগত বৰ্ষত বানে চিঙা নিৰ্মীয়মাণ মথাউৰি অংশৰ লগতে জিঅ' বেগেৰে নিৰ্মাণ কৰা মথাউৰি, চমৰাজানৰ ৰে'লৱে দলঙৰ সমীপৰ আৰ.এ.মি অংশটোও উপায়ুক্তই পৰিদৰ্শন কৰি কুমতীয়া নদীৰ সোঁ পাৰৰ মথাউৰি সাপেখাটি অঞ্চলটোৰ চোৱাচিতা কৰে ৷

মথাউৰি পৰিদৰ্শন কৰি জিলা উপায়ুক্তগৰাকীয়ে যিকোনো সময়তে বানৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু হৈ থাকিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে ৷

Also Read: ৰাজ্যসভাত ৩ কোটিকৈ লৈ ভোট দিছিল বিজেপিকঃ গৌৰৱ গগৈয়ে টকা লৈ ২০২১ ত দিছিল দুৰ্বল প্ৰাৰ্থী !

মথাউৰি নিৰ্মাণ জল সম্পদ