ধেমাজি জিলা দিব্যাংগ মঞ্চৰ সংবাদমেলঃ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ...

দিব্যাংগৰ পেঞ্চন ৫০০০ লৈ বৃদ্ধিৰ দাবী
ধেমাজি জিলা দিব্যাংগ মঞ্চৰ সংবাদমেলঃ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ...
ধেমাজি জিলা দিব্যাংগ মঞ্চৰ সংবাদমেলঃ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ...
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলাৰ দিব্যাংগসকলৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ দাবীত শুকুৰবাৰে বিয়লি ধেমাজি প্ৰেছ ক্লাৱত দিব্যাংগ মঞ্চ ধেমাজি জিলা সমিতিৰ বিষয়ববীয়াসকলে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মোহাম্মদ মোস্তাফা কামালে সম্বোধন কৰি আগন্তুক ১৫ দিনৰ ভিতৰত তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷

দিব্যাংগসকলৰ পেঞ্চনটো অৰুণোদয় আঁচনিৰ পৰা পৃথক কৰি পূৰ্বৰ নিয়ম অনুসৰি নিয়মীয়া কৰাৰ লগতে ১০০০টকাৰ পৰিৱৰ্তে ৫০০০কৰা, অসম চৰকাৰৰ বিভিন্ন বিভাগৰ ৮১১৯টা খালী পদৰ ৮৬৩টা নিযুক্তি হৈ গৈছে যদিও বাকী থকা পদসমূহ নিযুক্তি দিয়া ৷

ধেমাজি জিলাৰ দিব্যাংগক PMAY আঁচনিত অন্তভুৰ্ক্ত কৰাৰ লগতে ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা। ধেমাজি জিলা দিব্যাংসকলৰ কাৰ্যালয়ৰ বাবে এডোখৰ চৰকাৰী ভূমি আবন্টন দিয়া APSC, ADRE,TET, CTET ৰ জৰিয়তে নিযুক্তি দিব খোজা পদসমূহ সংৰক্ষিত কৰি PWDS পদত নিযুক্তি পাব খোজাসকলো দিব্যাংগক মেডিকেল পৰীক্ষা কৰিব লাগে ৷

ইপিনে বহু ভুৱা দিব্যংগ ব্যক্তিয়ে প্ৰকৃত দিব্যাংগক বঞ্চিত কৰি দিব্যংগৰ বাবে সংৰক্ষিত আসনত চাকৰি কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি উদ্বেগ প্ৰকাশ কৰে ৷ লগতে ধেমাজি জিলাত বৰ্তমান ৯০০০ হাজাৰ দিব্যংগই সাংবিধানিক অধিকাৰ আৰু আৰ্থিক সকলো ক্ষেত্ৰতেই অৱহেলিত হৈ আছে বুলিও জানিবলৈ দিয়ে ৷

এই সংবাদমেলৰ জৰিয়তে চৰকাৰক অৱগত কৰি অচিৰেই সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনায়। ইপিনে সংবাদমেলৰ পিছতেই ন দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে সংগঠটোৱে ৷

সংবাদমেলত দিব্যাংগ মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মোহাম্মদ মোস্তাফা কামাল, ধেমাজি জিলা সমিতিৰ সভাপতি শশাংক বুঢ়াগোহাঞি, সম্পাদক হেমচন্দ্ৰ গগৈকে ধৰি ভালেসংখ্যক শাৰীৰিকভাৱে অক্ষম লোক উপস্থিত থাকে ৷

ধেমাজি জিলা দিব্যাংগ মঞ্চৰ সংবাদমেলঃ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ...
কঠীয়াতলী গাৰোগাৱঁত পত্নীৰ হাতত প্ৰাণ হেৰুৱালে স্বামীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in