ধেমাজি জিলা সত্ৰ মহাসভাৰ অধিৱেশন সম্পন্ন

ধেমাজি জিলা সত্ৰ মহাসভাৰ অধিৱেশন সম্পন্ন
Published on
Updated on

ডিজিটেল সংবাদ,ধেমাজি : অসম সত্ৰ মহাসভাৰ অন্তৰ্ভুক্ত ধেমাজি জিলা সত্ৰ মহাসভাৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিবেশনখনি অলপতে সম্পন্ন হৈ যায় । ধেমাজি আঞ্চলিক সত্ৰ মহাসভাৰ সহযোগত ধেমাজি পাঁচআলিস্থিত কাথ সত্ৰৰ প্ৰাংগনত  দিনজোৰা কাৰ্যসূচীৰে অধিৱেশনখনি অনুষ্ঠিত কৰা হয়।

অধিৱেশনখনিৰ কাৰ্যসূচী অনুসৰি পুৱা সামূহিক চাফাই, গছপুলি ৰোপণ কৰাৰ পাছতেই ধৰ্মধ্বজা উত্তোলন কৰে ধেমাজি আঞ্চলিক সত্ৰ মহাসভাৰ সভাপতি মোহন মহন্তই । ইয়াৰ পাছতেই ঢাপৰিয়াল সত্ৰৰ ডেকা সত্ৰীয়া বীৰেণ মহন্তই শৰাই স্থাপন কৰে।

কাৰ্যসূচী অনুসৰি বৰ এলেঙী বগীআই সত্ৰৰ সত্ৰাধিকাৰ প্ৰদীপ মহন্তই নাম প্ৰসংগ কৰে আৰু কীৰ্তন পাঠ কৰে পোনা কলিতাই । ইয়াৰ পাছতেই আৰম্ভ হয় প্ৰতিনিধি সভা ও মুকলি সভা।

অসম সত্ৰ মহাসভাৰ উত্তৰ পূব মণ্ডলৰ সাংগঠনিক সম্পাদক তথা বিহপুৰীয়া দঙিবিলৰ নগৰীয়া সত্ৰৰ জগত মহন্তয়ে পৰ্যবেক্ষক হিচাপে উপস্থিত থকা প্ৰতিনিধি ও মুকলি সভাখনিৰ এটি বৰগীতেৰে শুভাৰম্ভ কৰে চিচিবৰগাঁৱৰ প্ৰজ্ঞান জ্যোতি মহন্তই। বিষ্ণুপুৰ কলিতা গাঁৱৰ মাতু কলিতাৰ নেতৃত্বত পৰিবেশন কৰে দিহানাম ।

ইফালে ধেমাজি জিলা সত্ৰ মহাসভাৰ সম্পাদক নয়নমনি মহন্তই আঁত ধৰা প্ৰতিনিধি ও মুকলি সভাখনিত সভাপতিত্ব কৰে জিলা সত্ৰ মহাসভাৰ সভাপতি যদুমনি দেৱ গোস্বামীয়ে। এই সভাতেই নয়নমনি মহন্তই প্ৰতিবেদন পাঠ কৰাৰ পাছতেই পৰ্যবেক্ষক হিচাপে উপস্থিত থকা জগত মহন্তই নতুন সমিতি গঠনৰ বাবে  অসম সত্ৰ মহাসভাৰ সংবিধান অনুসৰি বক্তব্য প্ৰদান কৰে ।

ইয়াৰ পাছতেই  ধেমাজি জিলা সত্ৰ মহাসভাৰ নতুন সমিতিখন গঠন‌ কৰা হয় । নতুন সমিতিখনত জয়কান্ত মহন্ত, যদুমনি দেৱ গোস্বামী, মুনিন্দ্ৰ নাৰায়ণ মহন্ত, জগত মহন্ত, উমেশ মহন্ত , পোনা কলিতা, কমল ফুকনক উপদেষ্টা হিচাপে লোৱা হয়। বনমালী দেৱ গোস্বামীক সভাপতি হিচাপে লোৱা হয়।

একেদৰে ডিম্বেশ্বৰ গোস্বামীক কাৰ্যকৰী সভাপতি আৰু বনমালী মহন্তক সম্পাদক হিচাপে লৈ এখনি নতুন সমিতি গঠন কৰে। আনহাতে এই নতুন সমিতিত উপ-সভাপতি  হিচাপে ক্ৰমে  ভুৱন মহন্ত , মোহন মহন্ত ,খগেন বৰুৱা , কৃষ্ণ গোস্বামীক ৰখা হয়। একেদৰে সহকাৰী সম্পাদক ক্ৰমে বাবুল চন্দ্ৰ বৰা, যোগেন মহন্ত বীৰেন মহন্তক ৰখা হয়।

কোষাধ্যক্ষ হিচাপে চিদানন্দ মহন্ত , সাংগঠনিক সম্পাদক  অৰুণ মহন্ত ,তপন শইকীয়া ,ডিম্বেশ্বৰ কোঁচ। সাংস্কৃতিক সম্পাদক হৈছে কৃষ্ণ মহন্ত ।

আনহাতে সমিতিখনৰ প্ৰচাৰ সম্পাদক হৈছে প্ৰদীপ মহন্ত আৰু পত্ৰিকা সম্পাদিকা নয়নমনি মহন্ত। ধেমাজি জিলা সত্ৰ মহাসভাৰ বিভিন্ন প্ৰান্তৰ ভক্ত, বৈষ্ণৱ, আই-মাতৃ, যুৱক-যুৱতীৰ উপস্থিতিত অনুষ্ঠিত অধিৱেশনখনিক বহু কেইগৰাকী শিশু শিল্পীয়ে কৃষ্ণ নৃত্য, দশৱতাৰ আদি পৰিবেশন জীপাল কৰি তোলে।

ধেমাজি জিলা সত্ৰ মহাসভাৰ অধিৱেশন সম্পন্ন
চিলাপথাৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী ৰাম পাংগিঙৰ বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in