ডিজিটেল সংবাদ, ধেমাজি : ধেমাজিৰ দূৰদৰ্শী, সমাজহিতৈষী কেইগৰাকীমান মহিলাৰ আপ্রাণ চেষ্টা আৰু ত্যাগৰ ফলত ১৯৭১ চনতে "ধেমাজি মহিলা সমিতি"য়ে জন্ম লাভ কৰিছিল। পৰৱৰ্তী সময়য়ত এই অনুষ্ঠানে 'ধেমাজি জিলা মহিলা সমিতি' হৈ জিলাখনৰ নিপীড়িত, নির্যাতিত, অৱহেলিত মহিলা আৰু শিশুসকলৰ সুৰক্ষা, উদ্ধাৰ আৰু সৰ্ব্বাংগীন উত্তৰণ হকে অশেষ বাধা-বিঘিনি বা ঘাত-প্রতিঘাতৰ সন্মুখীন হৈও অহোপুৰুষাৰ্থ কৰি আহিছে।
এই সমিতিয়ে দুদিনীয়াকৈ অনুষ্ঠিত কৰা সোণালী জয়ন্তী অনুষ্ঠানৰ দেওবাৰে সামৰণি পৰে ৷ শেষৰ দিনৰ কাৰ্য্যসূচী অনুসৰি পুৱা ৮.৩০ বজাত মুখ্য পতাকা উত্তোলন কৰে ধেমাজি জিলা মহিলা সমিতিৰ সভানেত্ৰী নিৰমা বৰুৱাই ৷
সামান্তৰালভাৱে ৪৯ খন পতাকা উত্তোলন কৰে ধেমাজি জিলাৰ ৪৯ গৰাকী বিশিষ্ট ব্যক্তিয়ে ৷ ৯.০০ বজাত স্মৃতি তর্পণ মুকলি কৰে ধেমাজি জিলা মহিলা সমিতি প্ৰাক্তন সভানেত্ৰী প্রভা বুঢ়াগোহাঁইয়ে ৷ সহযোগ কৰে সমাজসেৱী নিজৰা দত্তই ৷
১০.০০ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রাৰ উদ্ধোধন কৰে বিশিষ্ট সমাজসেৱী ভোগেশ্বৰী হাজৰিকাই ৷ সাংস্কৃতিক শোভাযাত্রাৰ দলে ধেমাজি নগৰখনৰ মাজেৰে পৰিভ্ৰমণ কৰে ৷
দুপৰীয়া ১২.০০ বজাত মুকলি সভাৰ বন্তি প্রজ্বলন কৰে ধেমাজিৰ বিশিষ্ট সমাজকর্মী ললিতা বাঞ্চালে ৷ সহযোগ কৰে বিশিষ্ট সমাজ কর্মী কমলী দাসে ৷ ধেমাজি জিলা মহিলা সমিতিৰ সভানেত্ৰী নিৰমা বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্ধোধন কৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ অৱসৰপ্ৰাপ্ত প্রকল্প সঞ্চালক নৰেন পাৱে ৷তেওঁ উদ্ধোধনী ভাষণত মহিলা সকলৰ স্বাৱলম্বিতাৰ লগতে মহিলা শক্তিৰ বিষয়ে উল্লেখ কৰে ৷
ইয়াৰ আগেয়ে বিশিষ্ট কণ্ঠশিল্পী জ্যোতি দিহিঙীয়াৰ পৰিচালনাৰে শিল্পীবৃন্দই পৰিৱেশন কৰা শীৰ্ষ গীতেৰে মঞ্চ মুকলি হয় ৷ মুকলি সভাৰ আঁত ধৰে ৰূপালী ডেকা বৰগোহাঁই আৰু কুঞ্জলতা বড়াই ৷ মুকলি সভাত আদৰণী ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি নন্দেশ্বৰ বৰগোহাঁইয়ে ৷
মুকলি সভাত অসম প্ৰাদেশিক মহিলা সমিতিৰ উপদেষ্টা দিপালী শইকীয়াই মুখ্য অতিথি হিচাপে, লোকশ্রী আইদেউ সন্দিকৈ বটাঁপ্রাপক শিল্পী বিমলা গগৈ গোহাঁই , ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ গগৈ, ধেমাজি শাখা সাহিত্য সভাৰ সভানেত্ৰী ড° লক্ষী বৰগোহাঁইয়ে বিশিষ্ট অতিথি হিচাপে অংশ লয়।
একেদৰে পদ্ম বৰগোহাঁই, জ্যেষ্ঠ সাংবাদিক উমেশ খাণ্ডেলীয়া, অশ্বিনী কুমাক দুৱৰা, ৰবি গগৈ, লাৱন্য লাহন চুতীয়া, মহেন্দ্ৰ গগৈ, অমিয়া তামুলী বৰুৱা, ভৱিষ্যত দিহিঙীয়া , ঘন কৃষ্ণ বৰগোহাঁই আৰু কৃষ্ণ বাঞ্চালে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷ মুকলি সভাত বিশিষ্ট সমাজসেৱী নিবেদিতা গগৈ লাগাচু, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক অৱসৰপ্ৰাপ্ত অধ্যক্ষা বিনীতা চৌধুৰী গাৰোদিয়াই নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে।
তেঁওলোকে মহিলাসকলক উদ্দেশ্যি তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে ৷ মুকলি সভাত স্মাৰক গ্রন্থ- “স্বৰ্ণজায়া“ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত স্নাতকোত্তৰ শিক্ষয়িত্ৰী নিবেদিতা বড়া সন্দিকৈয়ে ৷
সভাত কেইবাজনো নির্বাচিত ব্যক্তিৰ সম্বর্ধনা অনুষ্ঠানৰ আঁত ধৰে ধেমাজি জিলা মহিলা সমিতিৰ সম্পাদিকা কুঞ্জলতা বড়াই ৷ মুকলি সভাত ধেমাজিৰ বিশিষ্ট মহিলা নিৰমা বৰুৱাৰ কৃতী আৰু ব্যক্তিত্ব অভিনন্দন গ্রন্থ “ধৃতিদীপা ” উন্মোচন কৰে সাহিত্যিক পেঞ্চনাৰ তথা ধেমাজি ৰত্ন উমেশ চেতিয়াই ৷
সভাত আন এখন গ্ৰন্থ ডিব্ৰুগড় জিলা মহিলা সমিতি তথা অসম মহিলা প্ৰাদেশিক মহিলা সমিতিৰ উপদেষ্টা দীপালী শইকীয়াৰ গ্ৰন্থ “অসামান্য নাৰী ” উন্মোচন কৰে ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা তথা ৰাষ্ট্ৰীয় কৃতী শিক্ষয়িত্ৰী লাৱন্য চুতীয়া লাহনে ৷ সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক মহিলাই অংশগ্ৰহণ কৰে ৷
Also Read: জলখানা ভঠুৱাখানাত ‘ধ্ৰুপদী অসমীয়া ভাষা আৰু আমাৰ কৰণীয়’ শীৰ্ষক আলোচনা সভা