ধেমাজি আৰু চিচিবৰগাওঁ বিধানসভা সমষ্টিৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ...

ধেমাজি আৰু চিচিবৰগাওঁ বিধানসভা সমষ্টিৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ...

author-image
Asomiya Pratidin
New Update
ধেমাজি আৰু চিচিবৰগাওঁ বিধানসভা সমষ্টিৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ...

ডিজিটেল সংবাদ ধেমাজিঃ সমষ্টিৰ পুনৰ নিৰ্ধাৰনৰ পিছত আজি প্ৰথমবাৰৰ বাবে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত বিয়লি ৪ বজাত অনুষ্ঠিত হোৱা নিৰ্বাচনী বিভাগৰ সভাত ৭৮ নং সংৰক্ষিত ধেমাজি বিধানসভা সমষ্টি আৰু ৭৯ নং চিচিবৰগাঁও বিধানসভা সমষ্টিৰ ফটো যুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে ৷ আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা মতে জনজাতিৰ বাবে সংৰক্ষিত ৭৮ নং ধেমাজি বিধানসভা সমষ্টিৰ ১৯২ টা ভোট কেন্দ্ৰৰ বিপৰীতে ভোটাৰ সংখ্যা হৈছে ১৭০৩৬৪ গৰাকী।

ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৮৫, ৭০৩ গৰাকী আৰু মহিলা ভোটাৰ সংখ্যা হৈছে ৮৪, ৬৬১ গৰাকী ৷ ইফালে সমষ্টি পুনৰ নিৰ্ধানৰ ফলত নতুনকৈ গঠন হোৱা ৭৯ নং চিচিবৰগাওঁ সমষ্টিৰ ২০১ টা ভোট গ্ৰহণ কেন্দ্ৰৰ বিপৰীতে মুঠ ভোটাৰ সংখ্যা হৈছে ১৭২,৫৫০ গৰাকী ৷

ইয়াৰে পুৰুষ ভোটাৰ হৈছে ৮৭,৮৩১ গৰাকী আৰু মহিলা ভোটাৰ সংখ্যা হৈছে ৮৪,৭১৯ গৰাকী ৷ ইপিনে জিলা আয়ুক্তই ভোটাৰসকলৰ কিবা ওজৰ-আপত্তি থাকিলে সেইসমূহৰ বিপৰীতে আদেৱন দাখিল কৰিবলৈ ৮ ডিচেম্বৰ ২০২৩ৰ পৰা ৮ জানুৱাৰী, ২০২৪ লৈকে সময় ধাৰ্য্য কৰিছে ৷

সকলো সংশোধনীৰ পিছত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ২০২৪ ৰ ৮ ফেব্ৰুৱাৰীত৷ উল্লেখ্য যে, ২০২৪ ৰ ১ জানুৱাৰীক ভিত্তিবৰ্ষ হিচাৰে লৈ প্ৰকাশ কৰা হৈছে এই খচৰা ভোটাৰ তালিকা। সেয়ে ২০২৪ ৰ জানুৱাৰী মাহত ১৮ বছৰ সম্পূৰ্ণ কৰিবলগীয়া যুৱক-যুৱতীসকলৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আহ্বান জনাইছে জিলা আয়ুক্তগৰাকীয়ে।

ভোটাৰ তালিকাত নাম অন্তভুৰ্ক্তিৰ বাবে জিলা প্ৰশাসনে চলিত মাহৰ ১৬ ,১৭ ,২৩ আৰু ২৪ ডিচেম্বৰত বিশেষ প্ৰচাৰ অভিযান চলাব বুলিও জানিবলৈ দিয়ে ৷ সভাত জিলা আয়ুক্তগৰাকীৰ উপৰিও জিলা উন্নয়ন আয়ুক্ত বিশ্বজ্যোতি ফুকন, ধেমাজি নিৰ্বাচনী বিষয়া ৰুবী কুমাৰী ৰায়, চিচিবৰগাঁও ৰাজহচক্ৰ বিষয়া চিন্ময় নেওগ, অতিৰিক্ত আয়ুক্ত তথা জিলা জন সংযোগ বিষয়া প্ৰীতিৰেখা গগৈয়ো উপস্থিত থাকে ৷

Also Read: 'চকুৰ পৰা আতৰি গ'লে মনৰ পৰাও আঁতৰি যায়'- শিলচৰত সমুদ্ৰ গুপ্ত কাশ্যপৰ মন্তব্য...

নিৰ্বাচন আয়োগ খচৰা ভোটাৰ তালিকা